কাৰ্বি লোকসাহিত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কাৰবি লোকসাহিত্যৰ পৰা পুনঃনিৰ্দেশিত)

কাৰ্বি লোকসাহিত্যৰ পথাৰখন অতি বহল, সীমাহীন। কাৰ্বিসকল পুনৰ্জন্মত বিশ্বাসী। এনে লোকবিশ্বাসৰ মতে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু ঘটিলে মৃতকজনে পুনৰ সেই পৰিয়ালৰে সদস্য হৈ জন্মগ্ৰহণ কৰে। সেয়ে কাৰ্বি সংস্কৃতি ইমানেই ব্যাপক যে ই জনজীৱনৰ এটা জন্মৰ পৰা মৃত্যুলৈকেই নহয় মৃত্যুৰ পৰা আন এটা জন্মলৈকে বিস্তৃত। গতিকে এনে ধাৰণাৰ প্ৰভাৱ কাৰ্বি লোকসাহিত্যতো প্ৰতিফলন ঘটিছে।[1]

বিষয়বস্তু[সম্পাদনা কৰক]

কাৰ্বি লোকসাহিত্য অধ্যয়ন কৰি ইয়াৰ বিষয়বস্তুসমূহ তলত দিয়াধৰণে পোৱা গৈছে। সেইবোৰ হ’ল:[2]

  • পিৰথে কেপ্লাং (পৃথিৱীৰ জন্ম)
  • কাৰ্বি কেপ্লাং (কাৰ্বি জাতিৰ জন্ম কাহিনী)
  • হেষ্ণু কেপ্লাং (হেষ্ণু অৱতাৰৰ কথা)
  • কুৰ কেপ্লাং (কাৰ্বি গোত্ৰৰ সৃষ্টি)
  • ৰংকিকিম (কাৰ্বিৰ প্ৰথম গাঁও সংগঠনৰ ইতিবৃত্ত)
  • ছাৰকেবাত (গাঁওবুঢ়া প্ৰথাৰ আৰম্ভণি আৰু অভিষেক)
  • লখী কেপ্লাং (ধানৰ উৎপত্তি)
  • বিৰিক কেল্লাং (জলকীয়াৰ উৎপত্তি)
  • হানছ কেপ্লাং (আদাৰ উৎপত্তি)
  • বঙই আলুন (বনগীত)
  • তু-আ-এ (নিচুকনি গীত)
  • ডেকাচাঙৰ মজিয়াত গঢ়ি উঠা ৰিত্ৰাংচিলি (কৃষিযাত্ৰা গীত)
  • দেংৰালি (মানুহ আৰু গছৰ সম্পৰ্কৰ গীত)
  • মৃতকৰ আত্মাৰ উদ্দেশ্যে গোৱা বিননি গীত
  • দুহাত নাচোতে গোৱা যৌনগন্ধী গীত
  • মন্ত্ৰ
  • ফকৰা-যোজনা আৰু সাধুকথা

বৈশিষ্ট্য[সম্পাদনা কৰক]

কাৰ্বি লোকসাহিত্যৰ অন্তৰ্গত পুৰাণধৰ্মী আখ্যানবোৰৰ প্ৰভাৱ কাৰ্বি জনজীৱনৰ মাজত হাড়ে-হিমজুয়ে মিলি আছে। কাৰণ এই কাহিনীমূলক গীত-মাতৰ আদৰ্শ অনুসৰণ কৰিয়েই কাৰ্বি সমাজৰ বিয়াবাৰু, দহা, সামাজিক ৰীতি-নীতি আৰু সামাজিক অনুশাসনসমূহ গঢ় লৈ উঠিছে, সেয়েহে কাৰ্বি লোকসাহিত্যৰ কোনো কোনো অংগই কাৰ্বি সমাজ-শৃংখলা ৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বুলি ক'লেও ভুল নহ'ব। আনহাতে কাৰ্বি লোকসাহিত্যৰ আন এটি বিশেষত্ব হ’ল ইয়াৰ এক বুজনসংখ্যক গীত-মাতৰ মাজত কাৰ্বিসকলৰ মৌখিক বুৰঞ্জী নিহিত হৈ থকা। সভ্যতাৰ আদিম পুৱাত অৰ্থাৎ প্ৰাগৈতিহাসিক যুগৰ আদিম অৰ্থনীতি কেনে আছিল, জনগোষ্ঠীটোৱে কোন কোন ঠাইৰ মাজেদি প্ৰব্ৰজন হৈ অসমলৈ আহিছিল, কোন কোন জনগোষ্ঠীৰ সৈতে কাৰ্বিসকলৰ সাংস্কৃতিক আদান-প্ৰদান হৈছিল, সংঘৰ্ষ হৈছিল, তেনে কথাৰ প্ৰতীকাত্মক ইংগিত এই গীত-মাতৰ মাজত বিচাৰি পাব পাৰি। লক্ষণীয় যে কাৰ্বি সমাজৰ প্ৰতিখন গাঁৱতে একোজনকৈ গায়ক (লুনছেপ) থকাৰ পৰম্পৰা আছে। কাৰ্বি গীত-মাতৰ এক বুজন পৰিমাণৰ গীত-মাত তেওঁলোকৰ কণ্ঠস্থ থাকে। সামাজিক অনুষ্ঠানত প্ৰয়োজন সাপেক্ষে তেওঁলোকে গীত পৰিৱেশন কৰে। কাৰ্বি পৰম্পৰাৰ বিয়াবাৰুৰ আলোচনা-বিলোচনাৰ সময়তো দৰাপক্ষ আৰু কইনপক্ষ দুয়োপক্ষৰে বক্তব্যখিনিতো কিছুমান ধৰাবন্ধা গীত-মাতৰ মাজেদিহে ভাবৰ আদান-প্ৰদান ঘটে। এনে গীতবোৰো নিৰ্দিষ্ট গায়কসকলে গায়। কাৰ্বি সমাজত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে, আৰু সেই মৃতকৰ দহা কাৰ্যৰ সময়ত মৃতকৰ বিদেহী আত্মাক বিননি গীতেৰেই স্মৰণ কৰিব লাগে। এনে বিননি গীতবোৰ কাচেৰ্যে আৰু বিননি গীতৰ গায়িকাজনী চাপেী’ নামেৰে পৰিচিত। এই ‘চাহেপী'সকলে এনে মুখ বাগৰি অহা গীত-মাতসমূহক আজিও সজীৱ কৰি ৰাখিছে। আনহাতে লোকদেৱতাসমূহৰ পূজা-পাতলত কুৰুছাৰসকলে মন্ত্ৰসমূহৰ উপৰি প্ৰতিজন। লোকদেৱতাৰ মহিমা আৰু অৱতাৰৰ আখ্যানসমূহ যজমানসকলক গাই শুনোৱাটো বাঞ্ছনীয়। তদুপৰি ওজা বা বেজ শ্ৰেণীৰ লোকে জৰা-ফুকা, তন্ত্ৰ-মন্ত্ৰ আদিৰ পৰম্পৰাক জীয়াই ৰাখিছে।[3]

শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

কাৰ্বি লোকসাহিত্যৰ বিষয়বস্তুসমূহ আৰু কাৰ্বি সমাজত ইয়াৰ ভূমিকা অনুসৰি তলত দিয়াধৰণে ভগাই ল'ব পাৰি। যেনে:[2]

  • পুৰাণধৰ্মী লোকসাহিত্য
  • জীৱনমুখী লোকসাহিত্য
  • মৌখিক বুৰঞ্জীমূলক লোকসাহিত্য
  • প্ৰবাদধৰ্মী লোকসাহিত্য
  • মন্ত্ৰ আৰু স্তুতিমূলক সাহিত্য
  • সাধু

পুৰাণধৰ্মী লোকসাহিত্য[সম্পাদনা কৰক]

এই শ্ৰেণীৰ লোকসাহিত্য কাব্যধৰ্মী আৰু আখ্যানসমূহ অতিৰঞ্জিত, অলৌকিক। কাৰ্বি জনজীৱনৰ জন্মৰ পৰা মৃত্যুলৈকে আৰু মৃত্যুৰ পাছত লোকবিশ্বাস অনুসৰি পুনৰ্জন্মৰ বাবে কৰণীয় সকাম-নিকামবোৰৰ ৰীতি-নীতি এই শ্ৰেণীৰ সাহিত্যৰ আখ্যানসমূহক অনুসৰণ কৰি গঢ় লৈ উঠিছে। যেনে— বাখৰ উৎপত্তি (থাপ কেপ্লাং), তিতালাওৰ উৎপত্তি (বং কেপ্লাং), বিয়াবাৰুৰ আখ্যান (পিছ’ পাংদুন), ৱেলংবি আৰু হাবেলংবিৰ উপাখ্যান (ৱেলংবি, হাবেলংবি বা ছুমফং-চুমফি), মোমাই বিচৰা গীত আদি।

জীৱনমুখী লোকসাহিত্য[সম্পাদনা কৰক]

আদিম কাৰ্বি সমাজখন আছিল জুমখেতি নিৰ্ভৰশীল। খেতি কৰাৰ আনন্দ, শস্য চপোৱাৰ আনন্দ, আৰণ্যক জীৱনৰ ডেকা-গাভৰুৰ সীমাহীন মুক্ত আনন্দৰ অনুভূতি আদিৰ পৰাই যিবোৰ গীত-মাতৰ সৃষ্টি হ’ল সেই গীত-মাতসমূহকে জীৱনমুখী লোক- সাহিত্যৰ শ্ৰেণীত ধৰি ল'ব পাৰি। এই গীতসমূহত ভাবাদৰ্শ (ঈশ্বৰমুখী) আখ্যান আদিৰ প্ৰাধান্য নাথাকে। এনে গীতসমূহ হাইমু আলুন (হাইৰ গীত), বঙই আলুন (বনগীত), হানৰি আলুন (হানৰিৰ প্ৰেমগীত), বৰৎ আলুন (বৰএৎ গাভৰুৰ গীত), তু-আ-এ আৰু লাদুং লাদুং (নিচুকনি গীত), নিমছ কেৰুং নৃত্যত গোৱা জিলি আলুন (যৌনগন্ধী গীত), আপাতি আলুন (অশ্লীল গীত), বাঁহৰ গাজ ছিঙিবলৈ যাওঁতে গোৱা গীত (হান-উপচৰ আলুন) আৰু বিভিন্ন প্ৰণয়মূলক গীত। এই গীতসমূহৰ বিশেষত্ব হল— গীতসমূহত কাৰ্বি পাহাৰৰ জুমতলীবোৰ, গছৰ ফেৰেঙনিত সজা টঙিবোৰ, কৰদৈসিৰীয়া পাহাৰবোৰ, হিলদল ভাঙি অহা নৈ-জান- জুৰিবোৰ, চৰাই-চিৰিকতিবোৰ, গছ-লতা, জোন-বেলি আৰু বনৰীয়া ফুলৰ সুৰভিৰ ছবিবোৰ ফুটি উঠিছে। কাৰ্বি জনজীৱনত কোনো কৃত্ৰিমতা নাথাকে। কাৰ্বিৰ জীৱনৰ সৈতে প্ৰকৃতিৰ ইমানেই নিবিড় সম্পৰ্ক যে তেওঁলোকৰ যিকোনো কল্পনাতে প্ৰকৃতি জাতিষ্কাৰ হৈ উঠে। সেয়ে কাৰ্বি বনগীত ‘বঙই আলুন’ত প্ৰেমিকে গাইছে—

মংবেপি নাংলে
ফাৰকং পেন ফাৰচে
কাংথু চিবাতে
লাছি নি ছেংৱে
ইং জাজি মন এ
ছেংচিবেৰ উন এ

অৰ্থাৎ বসন্ত ঋতু আহিল, শিমলু, মদাৰ গছত ৰমক-জমক হৈ ফুলিল ৰঙা যৌৱনৰ ফুল, মোৰ মনটো ইচাট-বিচাট কৰিছে, উৰণীয়া মনটোক বান্ধি ৰাখিবলৈ নোৱৰা হৈছোঁ।[2]

মৌখিক বুৰঞ্জীমূলক লোকসাহিত্য[সম্পাদনা কৰক]

তাহানিৰ সেই কাৰ্বি সমাজ, যিখন সমাজত ইতিহাসতকৈও কিংবদন্তি আৰু জনবিশ্বাসৰ মূল্য আছিল প্ৰখৰ। তাৰ পৰাই আৰম্ভ হৈছে কাৰ্বি ৰজাসকলৰ অলিখিত বুৰঞ্জী। মুখ বাগৰি অহা কিংবদন্তি আৰু ইতিহাসৰ পানী যুঁৱলিৰ বীৰ বীৰাংগনাসকলৰ গীত-মাতসমূহেই মৌখিক বুৰঞ্জীধৰ্মী লোকসাহিত্য। কাৰ্বিসকলৰ জাতীয় চেতনা অপৰিসীম। লিখিত বুৰঞ্জী নাথাকিলেও তেওঁলোকে জাতীয় বীৰসকলৰ বিজয়গাথা মুখে মুখে আবৃত্তি কৰি গৰ্ববোধ কৰিছিল। থং নকবে, ৰংফাৰপী ৰংবে, ৱাইছং আদি কাৰ্বি জাতীয় বীৰ বীৰাংগনাৰ উল্লেখ দেওধাই বুৰঞ্জীতো আছে।

প্ৰবাদধৰ্মী লোকসাহিত্য[সম্পাদনা কৰক]

কোনো ঐতিহাসিক মূল্য নথকা আখ্যান আৰু গীত-মাতবোৰক প্ৰবাদধৰ্মী লোক- সাহিত্য বুলি ধৰি লোৱা হৈছে। ছেৰডিহুনৰ গীত, লাটাৰ গীত, হানৰিৰ গীত, কাছিং আলুন, মিচু ক্ৰেত, ছিৰৱমুৰ আখ্যান আৰু কাৰ্বি ৰাজ্যৰ ৰেংবংহমকে আদি কৰি ৰজাসকলৰ প্ৰবাদসমূহ এই শ্ৰেণীৰ সাহিত্যত ধৰি ল'ব পাৰি। এই প্ৰবাদসমূহ ইতিহাস নহয়, কিন্তু কাৰ্বিলোকৰ মনত এই প্ৰবাদসমূহ ইতিহাসতকৈও অধিক সত্য। কাৰ্বি প্ৰবাদৰ ডিহুন নামৰ গাভৰুজনীয়ে প্ৰথম বনৌষধিৰে ৰং তৈয়াৰ কৰি সূতাত ৰং দিয়া আৰু কাপোৰত ফুল বাছিব শিকাইছিল। সেয়েহে কাৰ্বি সমাজে ডিহুনক সোণ (ছেৰৰ ডিহুন— ছেৰডিহুন নামেৰে স্মৰণ কৰে। লাটা নামৰ শিপিনী গাভৰু এজনীয়ে ডেকাচাঙৰ প্ৰথম মহিলা দলপতি হৈ মহিলাৰ গৌৰৱ আনিছিল। উল্লেখ্য যে ‘ছেৰডিহুন’, ‘লাটা’, ‘মিচুংক্ৰেত আলুন’ গীত-মাতবোৰৰ আখ্যানসমূহ অতি কৰুণ, মৰ্মস্পৰ্শী আৰু কাব্যিক সৌন্দৰ্যৰে সমৃদ্ধ। বৰৎ আলুনৰ গীতৰ শব্দ চয়ন, চিত্ৰকল্প, আৰু প্ৰতীকসমূহলৈ চালে কালিদাসৰ কাব্যৰ নান্দনিক সৌন্দৰ্যলৈ মনত পৰে।

মন্ত্ৰ আৰু স্তুতিমূলক সাহিত্য[সম্পাদনা কৰক]

কাৰ্বি সমাজত বিভিন্ন লোকদেৱতাৰ পূজা-পাতল আৰু বলি-বিধানৰ ৰীতি-নীতি আছে। তদুপৰি সামাজিক শিষ্টাচাৰতো (থেকাৰ), মন্ত্ৰ, প্ৰাৰ্থনা, স্তুতি আদি আবৃত্তি কৰাৰ পৰম্পৰা চলি আহিছে। এই মন্ত্ৰ আৰু স্তুতিসমূহ ধ্বনিপ্ৰধান। কাৰ্বি লোকবিশ্বাসত অসংখ্য দেৱ-দেৱী আছে। আৰু প্ৰতিজনা দেৱতাৰ বাবে সুকীয়া সুকীয়া মন্ত্ৰ গোৱা হয়। আনহাতে বাৰিথে ইন্দ্ৰৰ সমপৰ্যায়ৰ লোক দেৱতাজনে বেলেগ বেলেগ অৱতাৰ ধাৰণ কৰাৰ বাবে প্ৰত্যেক অৱতাৰৰ বাবে একো একোটা আখ্যান আছে। কুৰুচাৰ পুৰোহিতসকলেই এই আখ্যান আৰু মন্ত্ৰসমূহৰ ৰক্ষক। এই অৱতাৰসমূহৰ কেইটামান হ’ল— তাৰছিং, ফংৰং, চ’ৰলেং, আৰহি আদি। আনহাতে মঙল চোৱা দেউৰীসকলে আদাৰে মঙল চাওঁতে আদাৰ, কণীৰে চাওঁতে কণীৰ আৰু কড়িৰে চাওঁতে কড়িৰ উৎপত্তি আৰু মহিমা ব্যাখ্যা কৰি মঙল চোৱাটো নিয়ম। প্ৰত্যেকৰ বাবে বেলেগ বেলেগ মন্ত্ৰও সংৰক্ষিত থাকে।

সাধু[সম্পাদনা কৰক]

কাৰ্বি সমাজত অসংখ্য সাধু আদিৰে পৰা মুখে মুখে বাগৰি আহি আছে। কাৰ্বি সাধুকথাৰ পৰিসৰ ব্যাপক। কাৰ্বিসকলৰ এখন কল্পনাৰ জগত, আশা-আকাংক্ষা, বেদনাৰ আভাস এই সাধুকথাসমূহৰ মাজেদি পাব পাৰি। সৰহ সংখ্যক সাধুতে মাউৰা আৰু ঘাট-মাউৰা থকাটো এটা লক্ষণীয় বিষয়। সাধুবোৰ গদ্যৰেই উপস্থাপন কৰা হয়। যদিও মাজে মাজে গীতো থাকে। সাধুবোৰত অলৌকিক আৰু অতিৰঞ্জিত আছে যদিও ৰাক্ষস, পশু-পক্ষী আৰু মানুহৰ চৰিত্ৰৰ মাজেদি মৰম-চেনেহ আৰু নীতিশিক্ষাৰ মাজেদি জাতীয় চৰিত্ৰৰ আভাস পোৱা যায়। কাৰ্বি সমাজৰ উল্লেখযোগ্য সাধুকথাকেইটা হ'ল—ৱৰেকপি নিমছ’ (বনকুকুৰাৰসাধু), ডালিমেৰে কুংৰি, ছিকামাৰ, মাউৰা কৰহণ, মীৰ তাহিন, পিথিমি কুংৰি, ৰূপ তাইনে আদি।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সংকলন আৰু সম্পাদনা: হোমেন বৰগোহাঞি (২০১৭). কাৰ্বি সাহিত্য প্ৰতিভাৰ চানেকি. অসম প্ৰকাশন পৰিষদ. 
  2. 2.0 2.1 2.2 দাস বসন্ত, সম্পাদনা:অজিত ছিংনাৰ (২০১০, নৱেম্বৰ). কাৰ্বি সংস্কৃতিৰ ইতিহাস. আঁক-বাঁক. ISBN 978-93-80454-22-1. 
  3. ডেকা শশধৰ (ফেব্ৰুৱাৰী, ২০২০). কাৰ্বি জনগোষ্ঠী সমাজ আৰু সংস্কৃতি. পাঞ্চ্যজন্য বুকছ.