কুচিয়া মাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুচিয়া মাছ
Monopterus albus
কুচিয়া মাছ (Asian Swamp Eel)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Actinopterygii
বৰ্গ: Synbranchiformes
পৰিয়াল: Synbranchidae
গণ: Monopterus
Lacepède, 1800

কুচিয়া মাছ (Asian Swamp Eel) একপ্ৰকাৰৰ ইল প্ৰজাতিৰ মাছ। Sybranchidae পৰিয়ালৰ অন্তৰ্গত এই মাছটোৰ বৈজ্ঞানিক নাম Monopterus albus

শাৰীৰিক গঠন[সম্পাদনা কৰক]

কুচিয়া মাছৰ দেহ দীঘল আৰু নলাকাৰ। ইয়াৰ নেজ চিধাই ঠেক আৰু প্ৰান্তৰ ফালে ক্ৰমশঃ সৰু। মাছটোৰ ছাল পিচল। ইহঁতৰ বক্ষ, শ্ৰোণী, পায়ু অনুপস্থিত। ইহঁতৰ দেহ গাঢ় বাদামী ৰঙৰ; উদৰ ঈষৎ ৰঙা আৰু পাৰ্শ্বৰেখাৰ ওপৰ অংশত আৰু নেজত অসংখ্য ক্ষু্দ্ৰ গোলাকাৰ ফোঁট থাকে। দীঘলে ই ৬০ ৰ পৰা ৭০ চেণ্টিমিটাৰ পৰ্যন্ত হবে পাৰে। এই মাছটোৰ শাৰীৰিক সক্ষমতা বোৰ বেছি।

আৱাস[সম্পাদনা কৰক]

এই মাছ ভাৰতীয় উপমহাদেশৰ ভাৰত আৰু বাংলাদেশৰ পাহাৰী অঞ্চলৰ অগভীৰ খাল, বিল, পুখুৰী আৰু মাটিৰ গাতত বাস কৰ। শুকান বতৰত পুখুৰী বা খালৰ যেতিয়া পানী শুকাই যায় তেতিয়া ই বোকাৰ তলত বহু দিন পৰ্যন্ত বাচি থাকিব পাৰে।

খাদ্যাভাস[সম্পাদনা কৰক]

কুচিয়া মাছৰ প্ৰধান খাদ্য বিভিন্ন প্ৰজাতিৰ সৰু মাছ, জলজ পোক আৰু প্ৰাণী। ইহঁত বৰ খকুৱা স্বভাৱৰ মাছ হোৱা বাবে ই নানা ধৰণৰ মল মুত্ৰ খাই জীৱন নিৰ্বাহ কৰে

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]