কুমাৰজীৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কুমাৰজীৱ

চীনজিনজিয়াং অঞ্চলৰ কিজিল গুহাৰ সম্মুখত কুমাৰজীৱৰ মূৰ্তি
জন্ম ৩৩৪ খ্ৰীষ্টাব্দ
কুচা ৰাজ্য
মৃত্যু ৪১৩ খ্ৰীষ্টাব্দ
চাং'আন, চীন
পেচা বৌদ্ধ ভিক্ষু, পণ্ডিত তথা অনুবাদক
জনা যায় সংস্কৃতৰ পৰা চীনা ভাষালৈ বৌদ্ধ সাহিত্যৰ অনুবাদ
ধৰ্ম বৌদ্ধ ধৰ্ম

কুমাৰজীৱ (চীনা: {{{1}}}, ৩৩৪-৪১৩ খ্ৰীষ্টাব্দ)[1] কুচা ৰাজ্যৰ এজন বৌদ্ধ ভিক্ষু, পণ্ডিত তথা অনুবাদক আছিল। তেওঁ প্ৰথমে সৰ্বাস্তিবাদ মতবাদৰ শিক্ষালাভ কৰে আৰু পৰবৰ্তীকালত মহাযান বৌদ্ধধৰ্মৰ প্ৰতি আকৃষ্ট হৈ নাগাৰ্জুনমধ্যমক দৰ্শন সম্বন্ধে শিক্ষালাভ কৰে।

কুমাৰজীৱ ষোল ৰাজ্যৰ যুগত চাং'আন অঞ্চলত বসবাস কৰে আৰু সেই সময়ত তেওঁ অসংখ্য বৌদ্ধ শাস্ত্ৰ সংস্কৃতৰ পৰা চীনা ভাষালৈ অনুবাদ কৰে।

জন্ম[সম্পাদনা কৰক]

কুমাৰজীৱৰ পিতা কুমাৰযান কাশ্মীৰ অঞ্চলৰ অধিবাসী আছিল,[2][3][4] তেওঁ বৌদ্ধ ভিক্ষু হৈ কাশ্মীৰ ত্যাগ কৰি পামিৰ পৰ্বতমালা পাৰহৈ কুচা ৰাজ্যত প্ৰৱেশ কৰি তাৰ ৰাজপুৰোহিত হিচাপে নিযুক্ত হয়। তেওঁ কুচা ৰাজ্যৰ এগৰাকী বিদূষী ৰাজকুমাৰী জীবক বিবাহ কৰে আৰু ৩৩৪ খ্ৰীষ্টাদ্ধত কুমাৰজীৱৰ জন্ম হয়।

বাল্যকাল আৰু শিক্ষা[সম্পাদনা কৰক]

কুমাৰজীৱৰ বয়স যেতিয়া ন বছৰ হৈছিল তেতিয়া তেওঁক কাশ্মীৰৰ বন্ধুদত্ত নামৰ এজন বৌদ্ধ পণ্ডিতৰ কাষলৈ নিয়া হৈছিল, য'ত তেওঁ পৰবৰ্তী তিনি বছৰ দীৰ্ঘ, মধ্যম আৰু ক্ষুদ্ৰ আগম সম্বন্ধে শিক্ষালাভ কৰে। তাৰপিছত তেওঁ কাশগড় অঞ্চলত এবছৰ বসবাস কৰি দুজন ৰাজকুমাৰক দীক্ষা দিয়ে আৰু কাশ্মীৰি বৌদ্ধ ভিক্ষু বুদ্ধযশৰ ওচৰত সৰ্বাস্তিবাদী অভিধম্মপিটক সহ মতবাদ সম্বন্ধে শিক্ষালাভ কৰে। এবছৰ পিছত তেওঁ মাকৰ সৈতে তুৰ্পান অঞ্চললৈ যায় আৰু বৌদ্ধ পণ্ডিত সূৰ্যসোমৰ ওচৰত মহাযান গ্ৰন্থসমূহৰ সম্বন্ধে শিক্ষালাভ কৰে।

তুৰ্পান ৰাজ্যত এজন তীৰ্থিক শিক্ষকক তৰ্কত পৰাজিত কৰাৰ পিছৰে পৰা কুমাৰজীৱৰ খ্যাতি বাঢ়িবলৈ ধৰে। কুচা ৰাজ্যৰ ৰজা পোহুয়ে এই খবৰ পাই নিজে আহি তেওঁক কুচা ৰাজ্যলৈ প্ৰত্যাবৰ্তন কৰিবলৈ অনুৰোধ জনালত তেওঁ সন্মত হয়। ২০ বছৰ বয়সত কুমাৰজীৱ ভিক্ষু হিচাপে দীক্ষিত হয়। এই সময়ত তেওঁ কাশ্মীৰি পণ্ডিত বিমলাক্ষৰ ওচৰত সৰ্বাস্তিবাদী বিনয়পিটক সম্বন্ধে শিক্ষালাভ কৰে। তাৰ পিছত তেওঁ পঞ্চবিংশতিসহস্ৰিকা প্ৰজ্ঞাপাৰমিতাসূত্ৰ সম্বন্ধে শিক্ষালাভ কৰে।

বন্দী, কাৰাগাৰ আৰু মুক্তি[সম্পাদনা কৰক]

৩৭৯ CEত, কুমাৰজীৱৰ খ্যাতি চীনলৈকে বিয়পি পৰিল, এবাৰ ছেং জুন নামৰ এজন চীনা মংকে কুচা ভ্ৰমন কৰিছিল আৰু তেওঁ কুমাৰজীৱৰ যোগ্যতাসমূহৰ বিৱৰণ বৰ্ণনা কৰি ফুৰিছিল। তেতিয়া পূৰ্বৰ ক্যুন সাম্ৰাজ্যৰ সম্ৰাট ফু জিয়ানে (苻堅) কুমাৰজীৱক ক্যুনৰ ৰাজধানী চাংগামলৈ অনাৰ প্ৰস্তুতি আৰম্ভ কৰে।[5] এই কামৰ দায়িত্ব তেওঁ সেনাপতি লু গোৱাঙক প্ৰদান কৰে, গোৱাঙে এটা সেনাৰ দল লগত লৈ কুমাৰজীৱক আনিবলৈ কুচাভিমূখে গমন কৰে। ফু জিয়ানে তেওঁৰ সেনাপতিক আদেশ দিয়ে, "অতি শীঘ্ৰে কুচালৈ গৈ কুমাৰজীৱক লৈ আনা।"[6] যিকিনহওক, ৰাজধানীত ফু জিয়াঙৰ মূল সেনা পৰাস্ত হোৱাৰ পিছত, তেওঁৰ সেনাপতি গোৱাঙে নজকে যুদ্ধবিজয়ী বুলি ঘোষণা কৰে আৰু ৪০ বছৰ বয়সীয়া কুমাৰজীৱক আটক কৰে।[7] অনা বৌদ্ধধৰ্মী লু গোৱাঙে কুমাৰজীৱক বহু বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে। এই সময় ছোৱা ভিতৰতে কুমাৰজীৱ চীনা ভাষাত পাৰ্গত হৈ পৰে। লুৱে কুমাৰজীৱক কুচা ৰজাৰ পুত্ৰীক বিয়া কৰাবলৈ হেঁচা দিয়ে, কিন্তু কুমাৰজীৱই তেওঁৰ পবিত্ৰতা নষ্ট হ'ব বুলি তাক অস্বীকাৰ কৰে।[8]

পূৰ্বৰ ক্যুনৰ য়াও পৰিয়ালে পূৰ্বৰ শাসক ফু জিয়াঙৰ পিছত য়াও জিয়াঙে যুদ্ধবিজয়ী লু পৰিয়ালক কুমাৰজীৱৰ মুক্তিৰ অনুৰোধ জনায় আৰু তেওঁক চাংগানৰ পূবলৈ পঠিয়াই দিবলৈ কয়।[9] লু পৰিয়ালে কুমাৰজীৱক মুক্তি দিয়াৰ বাবে অমান্তি হোৱাত য়াও জিয়াঙে লিয়াংজাওৰ পৰা লু পৰিয়ালক পৰাস্ত কৰি কুমাৰজীৱক উদ্ধাৰ কৰিবলৈ সেনা প্ৰেৰণ কৰে।[9] শেষত সম্ৰাট য়াওৰ সেনাই লু পৰিয়ালক পৰাস্ত কৰিবলৈ সক্ষম হয় আৰু কুমাৰজীৱক পূবৰ ৰাজধানী চাংগামলৈ লৈ আনে।[9]

কৃতি[সম্পাদনা কৰক]

কুমাৰজীৱই অনুবাদ কৰা পাঠ সমূহৰ ভিতৰত উল্লেখযোগ্য লেখনি সমূহ হৈছে হীৰক সূত্ৰ, অমিতাভ সূত্ৰ, পদ্ম সূত্ৰ, বিমলকৃতি নিৰ্দেশ সূত্ৰ, মূলামধ্যামাকাকাৰিকা, অষ্টসহস্ৰিকা প্ৰাজ্ঞাপাৰামিতা সূত্ৰ, মহাপ্ৰজ্ঞাপাৰামিতা উপদেশ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pollard, Elizabeth (2015). Worlds Together Worlds Apart. প্ৰকাশক 500 Fifth Ave New York, NY: W.W. Norton Company Inc. পৃষ্ঠা. 287. ISBN 978-0-393-91847-2. 
  2. Upinder Singh, A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century, Pearson Education India (2008), p. 523
  3. Moti Chandra, Trade and Trade Routes in Ancient India, Abhinav Publications (1977), p. 180
  4. David Howard Smith, Chinese Religions From 1000 B.C. to the Present Day, Weidenfeld & Nicolson (1971), p. 115
  5. Kumar, Yukteshwar. A History of Sino-Indian Relations. 2005. p. 107
  6. Duan, Wenjie. Dunhuang Art: Through the Eyes of Duan Wenjie. 1995. p. 94
  7. Nan, Huai-Chin. Basic Buddhism: Exploring Buddhism and Zen. 1997. p. 84
  8. Sun Yat-sen Institute for Advancement of Culture and Education, Nanking (1938). Ching-hsiung Wu. ed. T'ien hsia monthly, Volume 7. Kelly and Walsh, ltd.. পৃষ্ঠা. 455. https://books.google.com/books?id=2k3VAAAAMAAJ&q=He+broke+his+vow+of+celibacy+when+he+was+forced+by+Lii+Kuang,+who+never+failed+to+mistake+buffoonery+for+humour,+to+marry+the+daughter+of+Kutcha's+King.+When+he+came+to+China,+he+took+other+wives.+On+one+occasion,+when+he+was+holding+...&dq=He+broke+his+vow+of+celibacy+when+he+was+forced+by+Lii+Kuang,+who+never+failed+to+mistake+buffoonery+for+humour,+to+marry+the+daughter+of+Kutcha's+King.+When+he+came+to+China,+he+took+other+wives.+On+one+occasion,+when+he+was+holding+...। আহৰণ কৰা হৈছে: 2011-05-29. (Original from the University of Michigan)
  9. 9.0 9.1 9.2 Kumar, Yukteshwar. A History of Sino-Indian Relations. 2005. p. 108