নাগাৰ্জুন
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
নাগাৰ্জুন | |
---|---|
নাগাৰ্জুনেৰ সোণালি মূৰ্তি। অবস্থান: Samye Ling Monastery [1] | |
জন্ম | ca. ১৫০ খ্ৰীষ্টাব্দ দক্ষিণ ভাৰত |
মৃত্যু | ca. ২৫০ খ্ৰীষ্টাব্দ ভাৰত |
পেচা | বৌদ্ধধৰ্মৰ শিক্ষক আৰু দাৰ্শনিক |
জনা যায় | মহাযান বৌদ্ধধৰ্মৰ মাধ্যমিক শাখাৰ প্ৰতিষ্ঠাতা |
ধৰ্ম | বৌদ্ধ |
নাগাৰ্জুন (আনুমানিক ১৫০-২৫০ খ্ৰীষ্টাব্দ) আছিল গৌতম বুদ্ধৰ পিছৰ অন্যতম প্ৰভাৱশালী বৌদ্ধ দাৰ্শনিক।[1][2] শিষ্য আৰ্যদেৱৰ সৈতে ‘মহাযান’ বৌদ্ধ ধৰ্মৰ ‘গৌণ’ শাখা প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়। তেওঁক ‘প্ৰজ্ঞা পৰমিতা সূত্ৰ’ সম্পৰ্কীয় দৰ্শনৰ উন্নিতকৰণৰ কৃতিত্ব দিয়া হয় আৰু কিছুমান বিৱৰণী অনুসৰি তেওঁ আনুষংগিক মন্ত্ৰসমূহ নাগ (সৰ্প বা ড্ৰেগন)ৰ পৰা উদ্ধাৰ কৰি পৃথিৱীত প্ৰকাশ কৰে। তেওঁ ঔষধি ৰসায়ন বিজ্ঞানৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ লগতে নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বুলি ধাৰণা কৰা হয়।[2][3][4]
ইতিহাস
[সম্পাদনা কৰক]নাগাৰ্জুনৰ জীৱনৰ বিষয়ে বহুত কমেইহে জনা যায়, কিয়নো তেওঁৰ বিষয়ে যিখিনি আছে সেয়া নাগাৰ্জুনৰ মৃত্যুৰ শ শ বছৰৰ পাছতো চীনা আৰু তিব্বতী ভাষাত লিখা হৈছে। একাংশ সূত্ৰৰ মতে নাগাৰ্জুন এজন দক্ষিণ ভাৰতীয় ব্যক্তি৷ আন একাংশ পণ্ডিতৰ মতে নাগাৰ্জুন আছিল সতবাহন বংশৰ এজন ৰজাৰ উপদেষ্টা৷[5]
চতুৰ্থ-পঞ্চম শতিকাত কুমাৰজীৱে অনুবাদ কৰা জীৱনী অনুসৰি নাগাৰ্জুনৰ জন্ম ব্ৰাহ্মণ পৰিয়ালত হৈছিল। পৰৱৰ্তী সময়ত নাগাৰ্জুনে বৌদ্ধ ধৰ্মত দিক্ষিত হয়।[6]