সাতবাহন ৰাজবংশ
সাতবাহন ৰাজবংশ | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Capital | প্ৰতিষ্ঠান অমৰাৱতী | ||||||||||||||||||
Religion | হিন্দুধৰ্ম বৌদ্ধ ধৰ্ম | ||||||||||||||||||
Government | ৰাজতন্ত্ৰ | ||||||||||||||||||
Historical era | ধ্ৰপদী ভাৰত | ||||||||||||||||||
• Established |
খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ শেষৰ ফালে | ||||||||||||||||||
• Disestablished |
খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আৰম্ভণি | ||||||||||||||||||
|
সাতবাহন (ইংৰাজী: Satavahana dynasty)[1] দাক্ষিণাত্য অঞ্চলৰ এটা প্ৰাচীন ভাৰতীয় ৰাজবংশ আছিল, যাক পুৰাণত অন্ধ্ৰ বুলিও কোৱা হৈছে। আধুনিক বিজ্ঞসকলৰ অধিকাংশই বিশ্বাস কৰে যে সাতবাহন শাসন খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিল আৰু খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আৰম্ভণিলৈকে চলিছিল যদিও কিছুমানে পুৰাণৰ ভিত্তিত তেওঁলোকৰ শাসনৰ আৰম্ভণি খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰাই বুলি কোৱা হয়। কিন্তু প্ৰত্নতাত্ত্বিক দিশৰ পৰা ইয়াৰ প্ৰমাণ পোৱা নাযায়।[2] সাতবাহন সাম্ৰাজ্য মূলতঃ বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ, তেলংগানা, আৰু মহাৰাষ্ট্ৰ অন্তৰ্ভুক্ত আছিল। বিভিন্ন সময়ত তেওঁলোকৰ শাসন আধুনিক গুজৰাট, মধ্যপ্ৰদেশ, কৰ্ণাটকৰ কিছু অংশলৈ বিস্তৃত হৈছিল। এই বংশৰ বিভিন্ন সময়ত বিভিন্ন ৰাজধানী আছিল, যাৰ ভিতৰত আছে প্ৰতিষ্ঠান (পাইথান) আৰু অমৰাৱতী (ধৰণীকোটা)।
এই বংশৰ উৎপত্তি অনিশ্চিত যদিও পুৰাণৰ মতে তেওঁলোকৰ প্ৰথম ৰজাই কণ্ব বংশক উৎখাত কৰিছিল। মৌৰ্যৰ পিছৰ যুগত সাতবাহনসকলে দাক্ষিণাত্য অঞ্চলত শান্তি স্থাপন কৰিছিল আৰু বিদেশী আক্ৰমণকাৰীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। বিশেষকৈ শকসকলৰ সৈতে তেওঁলোকৰ সংগ্ৰাম দীৰ্ঘদিন ধৰি চলি আছিল। গৌতমীপুত্ৰ শতকৰ্ণী আৰু তেওঁৰ উত্তৰাধিকাৰী বশিষ্ঠপুত্ৰ পুলামাৱীৰ শাসনত এই বংশ শিখৰত উপনীত হয়। খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আৰম্ভণিতে সাম্ৰাজ্যখন সৰু সৰু ৰাজ্যলৈ বিভক্ত হয়।
সাতবাহনসকল আছিল শাসকৰ প্ৰতিচ্ছবি খোদিত মুদ্ৰা জাৰী কৰা প্ৰাৰম্ভিক শাসকসকলৰ অন্যতম। তেওঁলোকে সাংস্কৃতিক সেতু গঠন কৰি গংগেয় সমভূমিৰ সৈতে ভাৰতৰ দক্ষিণ প্ৰান্তলৈ বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকে হিন্দু ধৰ্মৰ লগতে বৌদ্ধ ধৰ্মকো সমৰ্থন কৰিছিল আৰু প্ৰাকৃত সাহিত্যৰ পৃষ্ঠপোষকতা কৰিছিল।