সমললৈ যাওক

কুমাৰীত্ব পৰীক্ষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুমাৰীত্ব পৰীক্ষা হৈছে এগৰাকী ছোৱালী বা মহিলা কুমাৰী হয় নে নহয় সেইসম্পৰ্কীয় এক নিৰ্ধাৰণ প্ৰক্ৰিয়া; অৰ্থাৎ, তেওঁ যে পূৰ্বে কেতিয়াও যৌন সম্ভোগত লিপ্ত হোৱা নাই বা যৌন কাৰ্য কৰা নাই সেই সম্পৰ্কে নিৰ্ধাৰণ কৰিবলৈ কৰা এক পৰীক্ষা। পৰীক্ষাটোত সাধাৰণতে মহিলাৰ জনন অংগৰ অক্ষত হাইমেনৰ উপস্থিতিৰ বিষয়ে বুজ লোৱা হয়, ত্ৰুটিপূৰ্ণ ধাৰণা অনুসৰি ইয়াক কেৱল যৌন সম্ভোগৰ দ্বাৰা হে ছেদ কৰিব পাৰি বুলি বিশ্বাস প্ৰচলিত।[1]

কুমাৰীত্ব পৰীক্ষাক ব্যাপকভাৱে এক বিতৰ্কিত বিষয় বুলি গণ্য কৰা হয়। এই পৰীক্ষণৰ ফলত ছোৱালী আৰু মহিলাৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ বাবে এই প্ৰক্ৰিয়াটো অনৈতিক হিচাপে গণ্য কৰা হয়।[2] সন্দেহজনক ধৰ্ষণ বা শিশু যৌন উৎপীড়নৰ ক্ষেত্ৰত, হাইমেনৰ বিতং পৰীক্ষা কৰা হ'ব পাৰে, কিন্তু কেৱল হাইমেনৰ পৰীক্ষাই এইক্ষেত্ৰত সম্পূৰ্ণ শুদ্ধ তথ্য প্ৰদান কৰিব নোৱাৰে।[3]

অক্টোবৰ ২০১৮-ত, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ, ৰাষ্ট্ৰসংঘৰ মহিলা আৰু বিশ্ব স্বাস্থ্য সংস্থাই কুমাৰীত্ব পৰীক্ষা সমাপ্ত হ'ব লাগে বুলি ঘোষণা কৰিছিল কিয়নো ই এক বেদনাদায়ক, অপমানজনক আৰু শাৰীৰিক আঘাতমূলক প্ৰথা, যি মহিলাৰ বিৰুদ্ধে হিংসাৰ সৃষ্টি কৰে।[4]

দুই আঙুলিৰ পৰীক্ষা

[সম্পাদনা কৰক]

কুমাৰীত্ব পৰীক্ষাৰ প্ৰক্ৰিয়াটো অঞ্চলভেদে ভিন্ন ভিন্ন হোৱা দেখা যায়। চিকিৎসকৰ সু-ব্যৱস্থা থকা অঞ্চল সমূহত এই পৰীক্ষণ অনুমতি সাপেক্ষে বা নীতি বৰ্হিভূত ভাৱে চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয়।[5] কোনো কোনো ঠাইত চিকিৎসকৰ অনুপস্থিতিত প্ৰায়ে কোনো বয়স্ক মহিলাৰ দ্বাৰা এই পৰীক্ষণ প্ৰক্ৰিয়া সমাপন হয়। সতী পৰীক্ষণৰ সৈতে জড়িত এনে মহিলা সকলে সাধাৰণতে সামাজিক ভাৱেই এই কামৰ সৈতে জড়িত আৰু মানুহে তেওঁলোকক বিশ্বাস কৰে।[6]

কিছুমান আফ্ৰিকান জনজাতিৰ মাজত এই ধৰণৰ নিয়ম প্ৰচলিত আছে।[7] কুমাৰীত্ব পৰীক্ষাৰ আন এক ধৰণ হ'ল আঙুলিৰ সহায়ত যোনিৰ পেশীৰ শিথিলতা পৰীক্ষা ("দুই আঙুলিৰ পৰীক্ষা")। ডাক্তৰে মহিলাৰ যোনিত আঙুলি ভৰাই যোনিৰ পেশী শিথিলতাৰ মাত্ৰা পৰীক্ষা কৰে, যি "যৌন মিলনৰে অভ্যস্ত" হয়নে নহয় তাক নিৰ্ধাৰণত সহায়তা কৰে। অৱশ্যে এই মানদণ্ডৰ উপযোগিতা, চিকিৎসক, কুমাৰীত্ব পৰীক্ষাৰ বিৰোধী সকলৰ দ্বাৰা প্ৰশ্নবিদ্ধ হৈছে। কাৰণ যোনি শিথিলতা তথা সতীচ্ছেদৰ অনুপস্থিতি উভয়ে অন্যান্য কাৰণৰ বাবেও হ'ব পাৰে আৰু "দুই আঙুলিৰ পৰীক্ষা" বিষয়গত পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰিও কৰা হ'ব পাৰে, যি নেকি বৈজ্ঞানিক দৃষ্টিভংগীৰে গ্ৰহণযোগ্য নহয়। [8][9]

নিষিদ্ধ হোৱাৰ আগতে বাংলাদেশ, পাকিস্তান আৰু ভাৰতত ধৰ্ষণৰ বলিহোৱা ব্যক্তিৰ ওপৰত এই পদ্ধতিৰে যৌন কাৰ্যকলাপৰ পৰীক্ষা কৰা হৈছিল। [10][11][12]

চাব-চাহাৰা আফ্ৰিকাৰ বাণ্টু লোকসকলৰ মাজত, কুমাৰীত্ব পৰীক্ষা বা লেবিয়া মেজৰা (যাক ইনফিবুলেচন বুলি কোৱা হয়) গঠন কৰাটো একপ্ৰকাৰৰ সাধাৰণ কথা। পৰম্পৰাগতভাৱে, কেনুজি ছোৱালীবোৰক (চুদানৰ) যৌৱনপ্ৰাপ্তিৰ আগতেই প্ৰাপ্তবয়স্ক পুৰুষ সকলে ব্যক্তিগতভাৱে কুমাৰীত্ব পৰীক্ষাৰ পিছত বিয়া কৰায়।[13]

বিভিন্ন সংস্কৃতিত কইনাৰ বিবাহৰ পূৰ্বে কুমাৰীত্বৰ প্ৰমাণৰ প্ৰয়োজন হয়। ইয়াক পৰম্পৰাগতভাৱে এক অক্ষত হাইমেনৰ উপস্থিতিৰ দ্বাৰা পৰীক্ষা কৰা হয়। এই প্ৰক্ৰিয়াটো সাধাৰণতে চিকিৎসকৰ দ্বাৰা শাৰীৰিক পৰীক্ষণ দ্বাৰা কৰা হৈছিল, যি কুমাৰীত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব বা "তেজৰ পৰীক্ষণ"ৰ দ্বাৰা অৰ্থাৎ হাইমেন ছিঙি যোৱাৰ ফলত হোৱা যোনিৰ ৰক্তক্ষৰণ পৰীক্ষা কৰিব। [14][15][16] সাধাৰণতে বিবাহ অনুষ্ঠানৰ আগতে এই ধৰণৰ পৰীক্ষা কৰা হ'য়, আনহাতে "তেজৰ দ্বাৰা প্ৰমাণ" হৈছে বিবাহৰ সমাপ্তিৰ অংশ হিচাপে প্ৰথমনিশাৰ যৌন মিলনৰ পিছত হোৱা ৰক্তক্ষৰণৰ লক্ষণ পৰীক্ষা।

গ্ৰহণযোগ্যতা

[সম্পাদনা কৰক]

বহুতো গৱেষকৰ মতে চিঙি যোৱা হাইমেন এটা নিৰ্ভৰযোগ্য সূচক নহয় যি এগৰাকী মহিলাৰ কুমাৰীত্বৰ প্ৰমাণ দিব পাৰিব। কিয়নো আন কোনো ঘটনাৰ ফলস্বৰূপেও মহিলাৰ যোনিদ্বাৰৰ হাইমেন অংশ চিঙি যাব পাৰে।[14] তদুপৰি, আচৰিত ভাৱে, কিছুমান ছোৱালী হাইমেন অবিহনেই জন্ম হয়।[17][18]

হাইমেন হৈছে যোনিৰ মাংস কলাৰ এটা আঙুঠি সদৃশ অংশ যি যোনিৰ মুক্ত অংশৰ ঠিক ভিতৰ ফালে থাকে। স্বাভাৱিক তাৰতম্যৰে ই পাতল, প্ৰসাৰিত, ডাঠ বা কঠিন হ'ব পাৰে।[17][18] ইম্পাৰফোৰেট হাইমেনৰ ক্ষেত্ৰতহে চিকিৎসকৰ হস্তক্ষেপৰ প্ৰয়োজন হয় কাৰণ ই ঋতুস্ৰাৱৰ ফলত নিঃসৰণ হোৱা তৰল অংশক মুক্ত ভাবে বাহিৰলৈ ওলাই অহাত সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰে বা প্ৰক্ৰিয়াটোক যথেষ্ট লেহেমীয়া কৰে। ঋতুস্ৰাৱৰ তৰল নিঃসৰণ বা সহবাসৰ ক্ষেত্ৰত এই হাইমেন অংশই অসুবিধাৰ সৃষ্টি কৰিলে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে। প্ৰথম সহবাসৰ সময়ত অত্যধিক কষ্টপোৱা বা হাইমেন অংশ চিঙি যাবলৈ সহবাসৰ প্ৰয়োজন বুলি বিশ্বাস কৰাটো এক প্ৰকাৰৰ ভ্ৰান্ত ধাৰণা।

এগৰাকী মহিলাই কুমাৰীত্ব পৰীক্ষাত "উত্তীৰ্ণ" হ'বলৈ চিঙিযোৱা হাইমেন মেৰামতি বা সলনি কৰিবলৈ হাইমেনোৰ্হাফি বা হাইমেনোপ্লাষ্টি নামৰ অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া এটা কৰিব পাৰে।[19]

আইনী হস্তক্ষেপ

[সম্পাদনা কৰক]

২০১৩ চনৰ মে মাহত, ভাৰতৰ উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে যে ধৰ্ষণৰ ভুক্তভোগীৰ ওপৰত কৰা দুই আঙুলিৰ পৰীক্ষাই তেওঁৰ গোপনীয়তাৰ অধিকাৰক উলংঘা কৰে, আৰু দিল্লী চৰকাৰক যৌন নিৰ্যাতন নিশ্চিত কৰিবলৈ এইক্ষেত্ৰত উন্নত চিকিৎসা প্ৰক্ৰিয়াৰ ব্যৱস্থা গ্ৰহণৰ বাবে কয়। .[20][21] ২০০৩ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে টিএফটিক "কাল্পনিক" আৰু "মতামতমূলক" বুলি অভিহিত কৰিছিল। বেছিভাগ দেশে ইয়াক প্ৰাচীন, অবৈজ্ঞানিক আৰু গোপনীয়তা আৰু মৰ্যাদাৰ আক্ৰমণাত্মক ব্যৱস্থা হিচাপে বাতিল কৰিছে।[22] কুইবেকৰ কলেজ অৱ মেডেচিনে তেওঁলোকৰ সদস্যসকলক এই কুমাৰীত্ব পৰীক্ষা কৰাৰ লগতে কুমাৰীত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। [23] ২০২১ চনত লাহোৰ উচ্চ ন্যায়ালয়ে মহিলাসকলে তেওঁলোকক ধৰ্ষণ কৰা বুলি দাবী কৰা ক্ষেত্ৰত কুমাৰীত্ব পৰীক্ষাৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল। [24] ইউকেৰ ৰয়েল কলেজ অৱ মিডৱাইছে কয় যে কুমাৰীত্ব পৰীক্ষা কোনো চিকিৎসাগত লাভালাভ নোহোৱাকৈ এক অসুৰক্ষিত ব্যৱস্থা। যদিও ২০২১ চনলৈকে দেশখনত এই ব্যৱস্থাটো আইনী হৈ আছে। ইউকেৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে তেওঁলোকে এই বিষয়টোৰ পৰ্যালোচনা কৰি আছে। [25]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The little tissue that couldn’t – dispelling myths about the Hymen’s role in determining sexual history and assault". National Center for Biotechnology Information. 2019-06-03. https://www.ncbi.nlm.nih.gov/pmc/articles/PMC6547601/। আহৰণ কৰা হৈছে: 2021-08-20. 
  2. University of California at Santa Barbara's SexInfo – The Hymen Archived 2012-03-11 at the Wayback Machine. Retrieved 4 March 2009.
  3. Perlman, Sally E.; Nakajyma, Steven T.; Hertweck, S. Paige (2004). Clinical protocols in pediatric and adolescent gynecology. Parthenon. পৃষ্ঠা. 131. ISBN 1-84214-199-6. https://archive.org/details/clinicalprotocol0000perl. 
  4. "United Nations agencies call for ban on virginity testing". World Health Organization. 17 October 2018. https://www.who.int/news-room/detail/17-10-2018-united-nations-agencies-call-for-ban-on-virginity-testing। আহৰণ কৰা হৈছে: 22 October 2018. 
  5. "Document". www.amnesty.org. https://www.amnesty.org/en/documents/document/?indexNumber=act77%2f001%2f2005&language=en. 
  6. Karin Brulliard (26 September 2008). "Zulus Eagerly Defy Ban on Virginity Test". The Washington Post (NONGOMA, South Africa). https://www.washingtonpost.com/wp-dyn/content/article/2008/09/25/AR2008092504625_pf.html. 
  7. McNeil Jr., Donald G. (13 September 2010). "Rape: Rights Group Calls Test to Determine Sexual Activity a 'Second Assault' in India". The New York Times. https://www.nytimes.com/2010/09/14/health/14glob.html?scp=1&sq=rape%20test&st=cse. 
  8. "Dignity on Trial: India’s Need Sound Standards for Conducting and Interpreting Forensic Examinations of Rape Survivors" (Press release). Human Rights Watch. 6 September 2010. https://www.hrw.org/node/92724। আহৰণ কৰা হৈছে: 15 September 2010. 
  9. "'Crude, degrading' finger-test forced on Mumbai gangrape victim by cops". First Post. 9 October 2013. http://www.firstpost.com/india/crude-degrading-finger-test-forced-on-mumbai-gangrape-victim-by-cops-1162157.html. 
  10. "Two Finger Rape Test – Now Banned in India" (en-US ভাষাত). 2014-05-08. Archived from the original on 2021-03-07. https://web.archive.org/web/20210307201625/http://womenpla.net/two-finger-rape-test-now-banned-in-india/. 
  11. Malik, Zainab Z. (2017-12-18). "It's time Pakistan banned the two-finger test for decoding consent in rape trials" (en-US ভাষাত). DAWN.COM. https://www.dawn.com/news/1377364/its-time-pakistan-banned-the-two-finger-test-for-decoding-consent-in-rape-trials. 
  12. Shaon, Ashif Islam (2018-04-23). "Bangladesh High Court Bans 'two finger test' for Rape" (en-US ভাষাত). Dhaka Tribune. https://www.dhakatribune.com/bangladesh/court/2018/04/12/high-court-bans-two-finger-tests-rape. 
  13. (Godard, 1867)
  14. 14.0 14.1 Perlman, Sally E.; Nakajyma, Steven T.; Hertweck, S. Paige (2004). Clinical protocols in pediatric and adolescent gynecology. Parthenon. পৃষ্ঠা. 131. ISBN 1-84214-199-6. https://archive.org/details/clinicalprotocol0000perl. 
  15. The London medical and physical journal, Volume 51. Harvard University. 1824. https://books.google.com/?id=Pj4CAAAAYAAJ&pg=PA211&dq=the+nuptial+sheets+blood+virginity। আহৰণ কৰা হৈছে: 8 October 2011. 
  16. Kathleen Coyne Kelly (2000). Performing virginity and testing chastity in the Middle Ages. Volume 2 of Routledge research in medieval studies. Psychology Press. পৃষ্ঠা. 197. ISBN 0-415-22181-1. https://books.google.com/?id=HdF6ac5yldMC&pg=PA129&dq=the+nuptial+sheets+blood+virginity। আহৰণ কৰা হৈছে: 8 October 2011. 
  17. 17.0 17.1 Emans, S. Jean. "Physical Examination of the Child and Adolescent" (2000) in Evaluation of the Sexually Abused Child: A Medical Textbook and Photographic Atlas, Second edition, Oxford University Press. 61–65
  18. 18.0 18.1 McCann, J; Rosas, A. and Boos, S. (2003) "Child and adolescent sexual assaults (childhood sexual abuse)" in Payne-James, Jason; Busuttil, Anthony and Smock, William (eds). Forensic Medicine: Clinical and Pathological Aspects, Greenwich Medical Media: London, a)p.453, b)p.455 c)p.460.
  19. "Muslim women in France regain virginity in clinics". Reuters. 30 April 2007. https://www.reuters.com/article/wtMostRead/idUSL2532025120070430?pageNumber=2&sp=true. 
  20. "No two-finger test for rape: SC". The Hindu. Press Trust of India. 2013-05-19. http://www.thehindu.com/news/national/no-twofinger-test-for-rape-sc/article4729774.ece. 
  21. "Two-finger test should be stopped with immediate effect: SC". The Times of India. 2013-05-20. Archived from the original on 2013-09-04. https://web.archive.org/web/20130904023949/http://articles.timesofindia.indiatimes.com/2013-05-20/india/39392396_1_finger-test-sexual-violence-human-rights-watch. 
  22. "Insult After Assault: The two-finger test is not only unscientific but also degrading for the victim. The demand to ban it mounts : NATION". India Today. 2013-02-01. http://indiatoday.intoday.in/story/gangrape-two-finger-test-is-not-just-unscientific-but-degrading/1/248491.html. 
  23. "Virginity tests banned in Quebec". CTV News. 11 October 2013. http://montreal.ctvnews.ca/virginity-tests-banned-in-quebec-1.1494901. 
  24. "Pakistan court bans virginity tests for rape survivors". www.aljazeera.com. https://www.aljazeera.com/news/2021/1/5/pakistan-court-bans-virginity-tests-for-rape-survivors. 
  25. Joshi, Ashish (2 July 2021). "'Treated worse than an animal': Virginity testing on women and girls at levels 'never seen before'". https://news.sky.com/story/treated-worse-than-an-animal-women-and-girls-subjected-to-virginity-testing-at-unprecedented-rates-12347173.