কুমুদ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুমুদ গোস্বামী
জন্ম পলাশবাৰী, কামৰূপ, অসম
পেচা গল্পকাৰ, সম্পাদক
ৰাষ্ট্ৰীয়তা ভাৰতীয়

কুমুদ গোস্বামী (ইংৰাজী: ) এগৰাকী অসমীয়া গল্পকাৰ, সম্পাদক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব।[1] ষাঠিৰ দশকত গল্প, কবিতা আৰু উপন্যাসেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা কুমুদ গোস্বামী শেষৰ ফালে গল্পকাৰ ৰূপে বিশেষ পৰিচিতি লাভ কৰে।

১৯৪৮ চনত কামৰূপ জিলাৰ পলাশবাৰীত কুমুদ গোস্বামীৰ জন্ম হৈছিল। ১৯৬৩ চনত কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ তেওঁ কটন কলেজত নামভৰ্তি কৰে আৰু কটনৰপৰাই সু-খ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। পঢ়া শেষ কৰি তেওঁ অসম প্ৰকাশন পৰিষদৰ সাহিত্য সচিব ৰূপে কৰ্মজীৱন আৰম্ভ কৰে আৰু পিছলৈ অনুষ্ঠানটোৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰে। তেওঁৰ কিছুবছৰ প্ৰকাশ আলোচনীৰ সম্পাদক আছিল। প্ৰান্তশ্ৰী, শিক্ষা আৰু সঁফুৰা আলোচনীও তেওঁ সম্পাদনা কৰিছিল।[1]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

গল্প সংকলন[সম্পাদনা কৰক]

  • দুৱাৰ (১৯৭৪)
  • ঘনচিৰিকাৰ বাহ (১৯৭৬)
  • প্ৰাৰ্থনা (১৯৮০)
  • ৰাতিৰ চৰাই (১৯৯০)

উপন্যাস[সম্পাদনা কৰক]

  • পান্থশালা (১৯৭৫)
  • উল্কাৰ পোহৰ (১৯৮৩)
  • অনিৰুদ্ধ (২০০৪)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ২৬০. ISBN 81-89148-14-1.