সমললৈ যাওক

কুলশী নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুলশী নদী
মোহনা ব্ৰহ্মপুত্ৰ নদী
Progression কুলশী নদী - ব্ৰহ্মপুত্ৰ নদী

কুলশী নদী বা কুলচি নদী ভাৰতঅসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ। এই নদীৰ উৎপত্তি মেঘালয়ৰ পশ্চিম খাচী পাহাৰৰ পৰা। উৎপত্তিস্থলত এই নদীখন খিৰ নদী নামেৰে জনাজাত। মেঘালয়ত ১২ কিঃমিঃ অতিক্ৰম কৰাৰ পিছত এই নদীখন অসমৰ কামৰূপ জিলাৰ মাজেৰে বৈ গৈছে আৰু ইয়াক কুলশী নামেৰে জনা যায়। অসমৰ কামৰূপ জিলাৰ নগৰবেৰাত কুলশী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগম ঘটে।

ডলফিনৰ বাসস্থান

[সম্পাদনা কৰক]
কুলশী নদী

কুলচি নদী হৈছে বিলুপ্তপ্ৰায় দক্ষিণ এছিয়াৰ নদী ডলফিন (Platanista gangetica) ৰ বাসস্থান। এই বিলুপ্তপ্ৰায় ডলফিনে (অসমীয়া ভাষাত শিহু নামেৰে জনাজাত) সমগ্ৰ ব্ৰহ্মপুত্ৰৰ বদ্বীপত [1] কেৱল সোৱণশিৰি আৰু কুলচি নদীতহে প্ৰজনন কৰে। কিন্তু বালি খনন আৰু অন্যান্য উন্নয়নমূলক কাম-কাজে কুলচিৰ ডলফিনক দুৰ্বল কৰি তুলিছে আৰু এই বিলুপ্তপ্ৰায় ডলফিনৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]