কেঙ্গেৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কেংগাৰুৰ পৰা পুনঃনিৰ্দেশিত)
Kangaroo
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
অনুশ্ৰেণী: Marsupialia
বৰ্গ: Diprotodontia
পৰিয়াল: Macropodidae
গণ: Macropus
উপগণ: Macropus and Osphranter

কেঙ্গেৰু (ইংৰাজী: kangaroo ) ১৬২৯ চনত অষ্ট্ৰেলিয়া মহাদেশত প্ৰথম কেঙ্গেৰু দেখিছিল ফ্ৰান্সেছ পিলছিয়েৰ নামৰ এজন পতুৰ্গীজ লোকে৷ কেঙ্গেৰুৰ বিচিত্ৰ চেহেৰা আৰু সিঁহতৰ বিচিত্ৰ গতিবিধিৰ বাবে পৃথিৱীৰ ভিতৰতে এবিধ অন্যতম আকৰ্ষণীয় প্ৰাণী৷ কেঙ্গেৰুৰ পৰিয়ালৰ ভিতৰত ৰঙা কেঙ্গেৰুবোৰ সকলোতকৈ ডাঙৰ৷ ইহঁতৰ উচ্চতা প্ৰায় ২মিটাৰ (৬.৫ ফুট)৷ ইহঁত এবিধ তৃণভোজী প্ৰাণী৷ দিনত সূৰ্যৰ প্ৰখৰ তাপৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে কেঙ্গেৰুবোৰে গছৰ তলত বিচৰণ কৰি ফুৰে৷ [1]


বাসস্থান[সম্পাদনা কৰক]

কেঙ্গেৰুৰ বাসস্থান অষ্ট্ৰেলিয়া মহাদেশ৷ অষ্ট্ৰেলিয়াৰ 'ছাভানা অৰণ্য' কেঙ্গেৰুৰ বিচৰণভূমিৰূপে বিশ্ব বিখ্যাত৷ কেঙ্গেৰুৱে বসবাস কৰাৰ বাবে নিজাকৈ কোনো আশ্ৰয়স্থল বা বাঁহ সাজি নলয়৷ [1]

A male red kangaroo seen at Taronga Western Plains Zoo

আকৃতি[সম্পাদনা কৰক]

কেঙ্গেৰুৰ মূৰটো সৰু৷ সন্মুখৰ ভৰি দুটাও সৰু৷ হাত নে ভৰি ধৰিবই নোৱাৰি৷ পিছফালৰ ভৰি দুটা ঠিক ইয়াৰ ওলোটা৷ যেনে দীঘল তেনে কঠিন৷ কেঙ্গেৰুৰ অংগ-প্ৰতংগৰ ভিতৰত আটাইতকৈ দীঘল হ'ল তাৰ নেজ৷ সেই নেজৰ ওপৰত ভৰ দি পিছফালৰ ভৰিৰ সহায়ত কেঙ্গেৰুৱে জঁপিয়াই জঁপিয়াই যায়৷ কেঙ্গেৰুৱে একোটা জাপত ১০-১২ ফুট জঁপিয়াব পাৰে৷ কেঙ্গেৰুবোৰ দীঘে প্ৰায় ৭ফুট হয়৷ মাইকী কেঙ্গেৰুৰ পেটৰ তলৰ ফালে এটা মোনা থাকে৷ সেই মোনাৰ ভিতৰত পোৱালিবোৰ ভৰাই থয়৷ মাইকী কেঙ্গেৰুবোৰ মতা কেঙ্গেৰুতকৈ চাপৰ আৰু ক্ষীণ হয়৷ [1]

প্ৰজনন[সম্পাদনা কৰক]

কেঙ্গেৰুৱে সাধাৰণতে বছৰেকত একোটাকৈ পোৱালি জন্ম দিয়ে৷ প্ৰজননৰ সময়ত সংগী বাছনিক লৈ কেঙ্গেৰুবোৰৰ নিজৰ ভিতৰতে যুঁজ-বাগৰ লাগে৷ নেজ আৰু আগ ঠেঙেৰে ইহঁতৰ এতাই আনটোক আক্ৰমণ কৰে৷ দুবছৰত ভৰি দিয়াৰ পাছতে মতা কেঙ্গেৰুবোৰে মাইকী কেঙ্গেৰুৰ সংগ লোৱা আৰম্ভ কৰে৷ পোৱালি জন্ম হোৱাৰ পাছত প্ৰায় ছমাহ কাললৈকে পোৱালোবোৰ মাকৰ পেটত থকা মোনাৰ ভিতৰত সোমাই ঘূৰা-ফুৰা কৰি ফুৰে৷[1]

Red kangaroo (Macropus rufus)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "বিচিত্ৰ প্ৰাণী কেঙ্গেৰু". (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ খণ্ড ২৯শ বছৰ (৪ৰ্থ সংখ্যা): পৃষ্ঠা ২১. এপ্ৰিল ২০০৬. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]