কেক্‌টাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Cactus
জীৱাশ্ম কাল:  নিযুত বছৰ Late Paleogene - Recent
Echinopsis mamillosa
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
Subfamilies

কেকটাছ উদ্ভিদজগতৰ কেৰিওফিললছ (Caryophyllales) বৰ্গৰ অন্তৰ্গত কেকটাছীআই (Cactaceae) পৰিয়ালৰ এবিধ উদ্ভিদ। কেকটাছ শব্দটি গ্ৰীক ভাষাৰ কেকটোছ (κάκτος, kaktos) শব্দটোৰ পৰা উদ্ভৱ হৈছে। গ্ৰীক দাৰ্শনিক (Theophrastus) থিওফ্ৰেছ্টাছে এবিধ কাঁইটিয়া উদ্ভিদৰ বৰ্ণনা কৰিবলৈ প্ৰথমে এই শব্দটি ব্যৱহাৰ কৰিছিল। কেকটাছ বহু ধৰণৰ আকৰ্ষনীয় ৰূপত পোৱা যায়। বহুটো কাৰণত ই আন উদ্ভিদৰ পৰা পৃথক৷ কেকটাছৰ অন্যতম বৈশিষ্ট্য হ'ল ইয়াৰ পানী সঞ্চয় কৰি ৰখাৰ কৌশল৷ কিছুমান কেকটাছক জেওৰা হিচাপে ব্যৱহাৰ কৰা হয়৷ অসমত সিজু নামৰ দেখাত কেকটাছৰ দৰে অন্য এবিধ গছ পোৱা যায়। দেখিবলৈ একেধৰনৰ হোৱা স্বত্বেও, সিজু গছ কিন্তু কেকটাছ জাতিৰ অন্তৰ্গত নহয়। সিজুৰ বৈজ্ঞানিক নাম হৈছে ইউফোৰবীয়া এন্তিকুওৰাম (Euphorbia antiquorum)। অৰ্থাৎ, সিজু ইউফোৰবীয়া জাতিৰ অন্তৰ্গত। [1]

গছজোপা[উৎস সম্পাদনা]

বিভিন্ন আকাৰ-আকৃতিয়ে গছজোপাৰ সোণত-সুৱগা চৰায় ৷ সূৰ্যৰ প্ৰত্যক্ষ পোহৰ ইয়াৰ বাবে অনিষ্টকাৰী যদিও ৰাতিপুৱাৰ পোহৰ কেকটাছৰ বাবে লাগতিয়াল৷ কম পানী পৰা ঠাইত,বিশেষকৈ বৰষুণৰ পৰা আঁতৰত, ইয়াক ৰাখিব লাগে৷ ৰূপান্তৰিত পাত আৰু কাঁইটৰদ্বাৰা গছজোপাই ইয়াৰ পানী সংৰক্ষক কোষবোৰক প্ৰখৰ ৰ'দৰপৰা ৰক্ষা কৰে৷ কিছুমান উদ্ভিদৰ পাতবোৰৰ আকাৰ সংখ্যাত কমি গৈ নলী বা গোলাকাৰ হৈ পৰি বাষ্পীভৱনৰ মাত্ৰা কমায়৷ ইয়াৰ শিপাবোৰ যথেষ্ট দীঘল হয়৷ সাধাৰণতে ৰসাল আৰু মঙহাল কাণ্ডত থকা পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হৈ আত্মৰক্ষাৰ অংগ হিচাপে কাম কৰে৷[1]

ফুল[উৎস সম্পাদনা]

ফুলবোৰ ৰঙা,বেঙুনীয়া,হালধীয়া,গুলপীয়া আদি বিভিন্ন ৰঙৰ হোৱা দেখা যায়৷

খাদ্য হিচাপে[উৎস সম্পাদনা]

কেকটাছৰ বহুতো গোত্ৰক মানুহে খাদ্য হিচাপেও ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে সাগৰফেনাক (Prickly pear) আমেৰিকাত বসবাস কৰা স্পেনিছ ভাষী লোকে স্কাৰ্ভি বেমাৰ নিৰাময়ৰ বাবে খাদ্য হিচাপে ব্যৱহাৰ কৰে৷ ইয়াৰে বহু প্ৰজাতিৰ গুটিবোৰ গুৰা কৰি সেই গুৰি কে'ক তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়৷ [1]

সাগৰফেনাৰ ফল।

কেকটাছৰ বিভিন্ন প্ৰকাৰ[উৎস সম্পাদনা]

তথ্য সংগ্ৰহ[উৎস সম্পাদনা]

  1. 1.0 1.1 1.2 ড° গায়ত্ৰী অগ্নিবৰা (খাৰঘৰীয়া) (১ - ১৫ ডিছেম্বৰ ২০১২). "কেকটাছ - এবিধ ৰসাল আৰু কৌতূহলী উদ্ভিদ". প্ৰান্তিক খণ্ড ৩২শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ৩২. 

বাহ্যিক সংযোগ[উৎস সম্পাদনা]