সমললৈ যাওক

কেট ৰুকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কেট ৰুকা ( ইংৰাজী: Cat Ruka) জন্ম: ১৯৮৩,[1] নিউজিলেণ্ডৰ এগৰাকী নৃত্যশিল্পী, নৃত্য পৰিচালক, পৰিৱেশন পৰিচালক আৰু কলা নিৰ্দেশক।[2]

কেট ৰুকাৰ পিতৃ আৰু মাতৃ ক্ৰমে ৰাউৰেটি আৰু বিদা ৰুকা, আৰু তেওঁৰ প্ৰাৰম্ভিক জীৱন ৱৰ্কৱৰ্থত থকা তেওঁৰ মাকৰ ঘৰত কটায় আৰু নিউজিলেণ্ডৰ হোকিয়াংগাৰ মাৰেত থকা তেওঁৰ দেউতাকৰ ঘৰত পাৰ কৰে৷[3] তেওঁ ঙাপুহি আৰু ৱাইটাহা নামে ইৱিৰ দুটা সামাজিক সংস্থাৰ সৈতে জড়িত৷[3]

ৰুকাই নিউজিলেণ্ডৰ অকলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা নৃত্য অধ্যয়ন বিষয়ত স্নাতক ডিগ্ৰী, স্নাতকোত্তৰ ডিপ্লমা আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।[3] তেওঁ ১০ বছৰ ধৰি মানুকাউ ইনষ্টিটিউট অৱ টেকন'লজিত পৰিৱেশ্য কলাৰ বক্তৃতা প্ৰদান কৰিছিল, আৰু ২০২০ চনত টেম্পো ডান্স ফেষ্টিভেলৰ কলাত্মক পৰিচালক আছিল।[4][5][6] ২০১৮ চনত “কেৰী ৰে কানিংহাম’’ৰ সৈতে কেট ৰুকাই টেম্পো ডান্স ফেষ্টিভেলৰ Fresh নামৰ এটা উদীয়মান নৃত্য অনুষ্ঠানৰ পৰামৰ্শদাতা হিচাপে কাম কৰে।[7] ২০২০ চনত ৰুকাক অকলেণ্ডৰ বেছমেণ্ট থিয়েটাৰৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।[3]

সৃষ্টিশীল কৰ্ম

[সম্পাদনা কৰক]

কেট ৰুকাই ““প্লেইং চেভেজ’’ৰ নৃত্য নিৰ্দেশনা কৰাৰ লগতে নৃত্য শিল্পী হিচাপে ২০১০ চনত ৱেলিংটনৰ টে পাপা চহৰৰ “চাউণ্ডিংছ থিয়েটাৰ’’ত মাওৰীৰ সমসাময়িক নৃত্যৰ ক'ৱিটি উৎসৱত পৰিৱেশন কৰিছিল।[8]

ৰুকাই ২০১১ চনত মানুকাউ ইনষ্টিটিউট অৱ টেকন'লজিৰ প্ৰথম প্ৰডাকচনৰ কোৰিঅ'গ্ৰাফী কৰিছিল, যিটো ৱেষ্ট চাইড ষ্ট'ৰীৰ চাউথ অকলেণ্ড সংস্কৰণ আছিল।[9]

২০১১ চনত ৰুকা আৰু নৃত্যশিল্পী আৰু পৰিবেশন শিল্পী জোছ ৰুটাৰৰ দ্বাৰা সৃষ্টি আৰু পৰিবেশন কৰা NEW TREATY MILITIA হৈছে জাৰ্মানীৰ বাৰ্লিনত মেচপইণ্ট কোৰিঅ'গ্ৰাফাৰ মিটিঙৰ এক অংশ হিচাপে বিকশিত কৰা এটা প্ৰডাকচন, যিটো যোচেন ৰোলাৰ আৰু আন্না ৱেগনাৰৰ দ্বাৰা আঁত ধৰা এটা ৭ দিনীয়া অনুষ্ঠান আছিল। নিউ ট্ৰিটী মিলিণ্টা বাৰ্লিনৰ হেবেল এম উফাৰ পাৰফৰমেন্স চেণ্টাৰত প্ৰিমিয়াৰ শ্ব’ কৰা হৈছিল আৰু তাৰ পিছত বিভিন্কন ঠাই ঘূৰি ফুৰিছিল, যেনে; বুটিক ষ্টুডিঅ', ব্ৰুকলিন নিউয়ৰ্ক; টেম্পো ডান্স ফেষ্টিভেল, কিউ থিয়েটাৰ; চাউথছাইড আৰ্টছ ফেষ্টিভেল, অটাৰা; ৱাৰউইক ব্ৰডহেডৰ সৈতে ডাবল-বিলত ডুনেডিনৰ এটা গোপন স্থান; আৰু দ্য লং হল, ৰোজনিথ, ৱেলিংটন। ইয়াত ৱাইটাংগি সন্ধিৰ বিষয়ে বিতৰ্কিত বিষয়সমূহৰ সন্ধান কৰা হৈছিল।[10][11] ২০১২ চনত অকলেণ্ডৰ মেইডমেণ্ট থিয়েটাৰত কেট ৰুকাই ট্ৰু পাৰাহাৰ চৰিত্ৰৰ সৈতে দ্বিবৈত ভূমিকাত এটা পৰীক্ষামূলক একক কাম পৰিৱেশন কৰিছিল, যাৰ নাম আছিল HINE-2012, এইখন আছিল অভিনয়ৰ পিছত আলোচনাৰ সৈতে এক মঞ্চ আৰু এইদৰে বৰ্ণনা কৰিছিল: "থলুৱা নৃত্য পৰিচালকসকলে নৃত্যৰ বাবে শৰীৰটোক অনুসন্ধানৰ স্থান হিচাপে ধৰি লৈ গতিশীল থিয়েটাৰৰ সন্ধিয়াত নিজৰ কৰ্মৰাজি উপস্থাপন কৰে।" [12][13]

২০১৭ চনত ৰুকাই ম' লাগা-ফা 'আওফ'ৰ দ্বাৰা নিৰ্মিত আৰু বেছমেণ্ট থিয়েটাৰত এফ এ এফ এছ ৱাগৰ দ্বাৰা প্ৰযোজনা কৰা নিয়ন বুটলেগ পৰিচালনা কৰে।[14] কেট ৰুকাই ২০১৯ চনত বেছমেণ্ট থিয়েটাৰত এম্ব'ডাইড কনটেম্পলেচন: এ মিক্সড বিলৰ অংশ হিচাপে নৃত্য চলচ্চিত্ৰৰ ৰাশিচ্চিত্ৰ সৃষ্টি কৰি তাক প্ৰয়োগ কৰিছিল।[15] ২০১৯ চনত ৰুকাই অটাউটাহি ক্ৰাইষ্টচাৰ্চৰ টিনি পাৰফৰমেন্স ফেষ্টিভেলত মূল বক্তা আছিল য'ত তেওঁ নিজৰ বক্তব্যত 'পাৰফৰ্মেন্স এজ মেডিচিন'ৰ কথা কৈছিল।[16]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Cat Ruka – web site". National Library of New Zealand. https://natlib.govt.nz/records/30044753 আহৰণ কৰা হৈছে: 2021-09-12.
  2. Brown, Pelenakeke. "Shaping Mauri". Pantograph Punch. https://pantograph-punch.com//posts/shaping-mauri,%20https://pantograph-punch.com//posts/shaping-mauri আহৰণ কৰা হৈছে: 2021-09-12.[সংযোগবিহীন উৎস]
  3. 1 2 3 "Metro — Cat Ruka, the new director of Basement Theatre" (en ভাষাত). www.metromag.co.nz. https://www.metromag.co.nz/arts/arts-theatre/cat-ruka-the-new-director-of-basement-theatre আহৰণ কৰা হৈছে: 2021-09-12.
  4. "Basement Theatre | Nau mai, haere mai Cat Ruka" (en-NZ ভাষাত). Basement Theatre. Archived from the original on 2021-09-08. https://web.archive.org/web/20210908214731/https://basementtheatre.co.nz/news/2020/11/6/naumaihaeremaicatruke আহৰণ কৰা হৈছে: 2021-09-12.
  5. "You are Fierce, You are Full" (en-NZ ভাষাত). Awa Wahine. Archived from the original on 2021-09-08. https://web.archive.org/web/20210908212704/https://www.awawahine.com/zine/you-are-fierce-you-are-full আহৰণ কৰা হৈছে: 2021-09-12.
  6. Flightdec. "Tempo welcomes Cat Ruka as new Artistic Director" (en-NZ ভাষাত). DANZ. https://danz.org.nz/tempo-welcomes-cat-ruka-as-new-artistic-director আহৰণ কৰা হৈছে: 2021-09-12.
  7. "FRESH (2018) - A much needed forum". TheatreView. Archived from the original on 2019-03-02. https://web.archive.org/web/20190302090820/https://www.theatreview.org.nz/reviews/review.php?id=11313 আহৰণ কৰা হৈছে: 2021-09-12.
  8. "Kôwhiti Matariki Festival of Mâori Contemporary Dance - The future is bright". TheatreView. Archived from the original on 2013-06-24. https://web.archive.org/web/20130624193624/http://www.theatreview.org.nz/reviews/review.php?id=3193 আহৰণ কৰা হৈছে: 2021-09-12.
  9. Christian, Dionne (2011-08-13). "Theatre Preview: West Side Story, Pacific Events Centre" (en-NZ ভাষাত). NZ Herald. https://www.nzherald.co.nz/entertainment/theatre-preview-west-side-story-pacific-events-centre/2JEOVYLSMQGXUO7GYRAS6I6URY/ আহৰণ কৰা হৈছে: 2021-09-12.
  10. "New Zealand Theatre: theatre reviews, performance reviews - Theatreview". TheatreView. Archived from the original on 2021-09-12. https://web.archive.org/web/20210912225349/https://www.theatreview.org.nz/reviews/production.php?id=2331 আহৰণ কৰা হৈছে: 2021-09-12.
  11. "New Treaty Militia - Tacit negotiation enjoined by audience". www.theatreview.org.nz. Archived from the original on 2021-09-12. https://web.archive.org/web/20210912225351/https://www.theatreview.org.nz/reviews/review.php?id=4343 আহৰণ কৰা হৈছে: 2021-09-12.
  12. "New Zealand Theatre: theatre reviews, performance reviews - Theatreview". www.theatreview.org.nz. Archived from the original on 2021-09-12. https://web.archive.org/web/20210912222203/https://www.theatreview.org.nz/reviews/production.php?id=2513 আহৰণ কৰা হৈছে: 2021-09-12.
  13. "HINE 2012 - Hine 2012 - performance as action, activism and critique". TheatreView. Archived from the original on 2013-06-23. https://web.archive.org/web/20130623102059/http://www.theatreview.org.nz/reviews/review.php?id=4618 আহৰণ কৰা হৈছে: 2021-09-12.
  14. "New Zealand Theatre: theatre reviews, performance reviews - Theatreview". TheatreView. Archived from the original on 2021-09-12. https://web.archive.org/web/20210912225346/https://www.theatreview.org.nz/reviews/production.php?id=6065 আহৰণ কৰা হৈছে: 2021-09-12.
  15. "Embodied Contemplation: a mixed billl - and I'm looking back at you: a review/response to Josie, Cat and Josh". TheatreView. Archived from the original on 2021-09-12. https://web.archive.org/web/20210912225344/https://www.theatreview.org.nz/reviews/review.php?id=11465 আহৰণ কৰা হৈছে: 2021-09-12.
  16. "Performing Object I - Poignant acoustic movement". TheatreView. Archived from the original on 2019-12-03. https://web.archive.org/web/20191203225111/https://www.theatreview.org.nz/reviews/review.php?id=12052 আহৰণ কৰা হৈছে: 2021-09-12.