কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া  
কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া.jpg
কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়াৰ বেটুপাত
লেখক অনুৰাধা শৰ্মা পূজাৰী
প্ৰচ্ছদ শিল্পী পদ্ম সিংহ
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গল্প সংকলন
প্ৰকাশক বনলতা
প্ৰকাশ ডিচেম্বৰ ২০০৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ (পকাবন্ধা)
পৃষ্ঠা সংখ্যা ১২৭
আই.এচ.বি.এন. 81-7339-460-1

কেথেৰিণাৰ সৈতে এটি নিৰ্জন দুপৰীয়া অসমীয়া সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ এক চুটিগল্প সংকলন। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনৰ ডিচেম্বৰত। ইয়াত অনিন্দিতাৰ খণ্ডচিত্ৰ, ফৰেষ্ট বুঢ়াৰ বাৰী আদি মুঠ এঘাৰটা গল্প সন্নিৱিষ্ট হৈছে। লেখিকাৰ নিজৰ ভাষাত, "জীৱনে যিদৰে নিয়ম নামানে, চুটি গল্পইও নামানে। মোৰ বাবে এইটোৱে আছিল চুটি গল্পৰ শ্ৰেষ্ঠ সংজ্ঞা। 'কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া', ঠিক এনেদৰেই লেখা গল্পৰ সমষ্টি। নানা মুহূৰ্তত লেখা, অনুশাসন বিহীন লেখা, গল্প হ'বও পাৰে, নহ'বও পাৰে।"[1]

গল্পসমূহ[সম্পাদনা কৰক]

অনিন্দিতাৰ খণ্ডচিত্ৰ[সম্পাদনা কৰক]

গল্পটোত অনিন্দিতা নামৰ এগৰাকী সাংবাদিকৰ কৰ্মজীৱনৰ বিভিন্ন টুকুৰা ছবি লিপিৱদ্ধ কৰা হৈছে। বিভিন্ন সময়ত নায়িকাই এফালে প্ৰচলিত ব্যৱসায়মুখী সংবাদ ব্যৱস্থা আৰু আনফালে মানৱীয়তাৰ তাগিদাত দোমোজাত পৰিছে। শেষৰফালে বিশ্ববিদ্যালয়ৰ সহপাঠী বাসৱ ওৰফে বাচ্চু এক জটিল পাকচক্ৰত পৰি সন্ত্ৰাসবাদী সন্দেহত কৰায়ত্ত হৈছে আৰু অনিন্দিতাও তাত সাঙোৰ খাই পৰিছে। [2]

ফৰেষ্ট বুঢ়াৰ বাৰী[সম্পাদনা কৰক]

গল্পটোত লেখিকাই নিজে প্ৰথম পুৰুষত থাকি কাহিনীটো বৰ্ণাইছে। প্ৰধান চৰিত্ৰ ফণীভূষণ দাস বন বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ চাকৰিয়াল আৰু পৰিৱেশ সচেতন ব্যক্তি। চুবুৰীয়াক সচৰাচৰ পৰৱেশ সম্পৰ্কীয় উপদেশ দিয়াৰ বাবে 'ফৰেষ্ট বুঢ়া' বুলি তেওঁৰ এক উপনামো আছে। পিছে দাসৰ নিজ পুত্ৰয়ে তেওঁৰ চিন্তাধাৰা বুজি নাপাই তেওঁ সযতনে পতা গছ-গছনিৰ বাৰী ভাঙি কোনো বিল্ডাৰ্ছ গ্ৰুপৰ হতুৱাই এপাৰ্টমেন্ট সজোৱাৰ প্ৰস্তাৱ দিয়ে। প্ৰকৃতিৰ ভাৰসাম্যৰ বাবে ওৰে জীৱন যুঁজ দিয়া এই কথাত দাস অত্যন্ত ক্ষোভিত আৰু মৰ্মাহত হৈ গল্পকাৰৰ আগত নিজৰ ক্ষোভ উজাৰে। ইয়াতেই গল্পৰ সামৰণি ঘটে।

এটা স্বাধীন সপোনত ৰফিকুল, দ্বাৰকা, দেবেন[সম্পাদনা কৰক]

গল্পটোত গল্পকাৰে বন্ধু দ্বাৰকা, দেবেন দেৱান আৰু কবি তথা নাট পৰিচালক ৰফিকুল হোছেইনৰ বান্ধোনহীন জীৱনৰ লগত নিজৰ জীৱনৰ তুলনা কৰিছে। গল্প এটা সৃষ্টি কৰিবলৈ আহৰি নেপাই তেওঁ লিখিছে---

মইতো ৰফিকুল হোছেইন হ'ব নোৱাৰোঁ, মই দ্বাৰকা বা দেবেন দেৱান হ'ব নোৱাৰিলোঁ...! পুৱা পাঁচটাত উঠি মৰ্ণিংৱাক, সাতটাৰপৰা নটালৈ লেখা, দহটাত অফিচ, দুটাত লাঞ্চ। এই ৰুটিনত কি সৃষ্টি কৰিব পাৰি!

[3]

গল্পকাৰৰ বান্ধোনহীন হোৱাৰ সপোন এটাৰে গল্পটোৰ সামৰণি ঘটিছে।

প্ৰজাপতি[সম্পাদনা কৰক]


'জেট-ছেট'ৰ সময়ত[সম্পাদনা কৰক]

গল্পটোত গল্পকাৰে এক বিমান যাত্ৰাত সহযাত্ৰী এক আমেৰিকান দম্পতীৰ সৈতে হোৱা অভিজ্ঞতাৰ কথা বৰ্ণাইছে। পুৰুষজনৰ সৈতে গল্পকাৰৰ বিভিন্ন বিষয়ত মৃদু বাক-বিতণ্ডা হৈছে আৰু ভাৰতৰ প্ৰতি বিৰাগ ভাৱ দেখি গল্পকাৰ তেওঁৰ ওপৰত চৰম বিতুষ্ট হৈছে। অৱশেষত অৱতৰণৰ সময়ত এই বিৰাগ ভাৱৰ প্ৰকৃত কাৰণ গম পাই গল্পকাৰৰ খং আঁতৰি গৈ সহযাত্ৰীজনৰ প্ৰতি সহানুভূতিহে উপজিছে।

ছাঁ[সম্পাদনা কৰক]

এক দুৰ্নীতিগ্ৰস্থ চৰকাৰী বিষয়াক প্ৰথম পুৰুষত ৰাখি গল্পকাৰে গল্পটো নিৰ্মাণ কৰিছে। অৱসৰৰ পিছত তেওঁ নিজৰ জীৱনটোলৈ এবাৰ উলটি চায় আৰু নিজৰ নিষ্পাপ শৈশৱ-কৈশোৰৰ কথা পাগুলিবলৈ ধৰে। তেওঁৰ অৱচেনত মনত অপৰাধবোধে ছাঁ এটা হৈ তেওঁক খেদিবলৈ ধৰে। ইয়াৰ পিছতেই লাহে লাহে তেওঁ মানসিক ভাৰসাম্য হেৰুৱায় আৰু এদিন অকস্মাতে তেওঁৰ মৃত্যু ঘটে।

অচিনাকি চহৰত বসন্ত[সম্পাদনা কৰক]

বহু বছৰৰ মূৰত ব'হাগ বিহুৰ সময়ত গল্পকাৰ শৈশৱৰ চহৰখনলৈ আহিছে। স্থানীয় বিহু সন্মিলনখনত তেওঁ এপাক মাৰিছে কিন্তু বৰ্ত্তমানৰ কথা-কাণ্ডৰ লগত শৈশৱকালৰ বিহু সন্মিলনৰ বৃহত্‍ তফাত্‍ দেখি তেওঁ বিমৰ্ষ তথা নিৰুত্‍সাহ হৈছে। নিজৰ চহৰখনকে তেওঁৰ অচিনাকি যেন বোধ হৈছে। তেওঁ মনত পেলাইছে স্মৃতিৰ মণিকোঠত যতনাই ৰখা সেই পুৰণা চহৰখনলৈ য'ত যেন চিৰকাল বসন্ত বিৰাজমান।

এজন পুৰুষৰ গল্প এগৰাকী নাৰীৰ গল্প[সম্পাদনা কৰক]


কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া[সম্পাদনা কৰক]

গল্পটোত ইউৰোপৰ মহান কবি গ্যোটেৰ মাতৃ কেথেৰিণা এলিজাবেথৰ সৈতে সপোনত গল্পকাৰৰ সাক্ষাত্‍ হৈছে। তেওঁৰ সৈতে গল্পকাৰৰ কথা-বতৰাৰ মাজেদি বৰ্ত্তমানৰ প্ৰতিযোগিতামূলক জীৱনযাত্ৰাৰ প্ৰভাৱত পৰি অভিভাৱকসকলে শিশু মনঃস্তত্বক কমকৈ গুৰুত্ব দিয়াৰ মানসিকতাক কটাক্ষ কৰা হৈছে।

অৱসৰত[সম্পাদনা কৰক]


এখন চকী[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. পাতনি পৃষ্ঠা, কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া
  2. কেঃ সৈঃ এঃ নিঃ দুঃ, পৃষ্ঠা ৯-২৩
  3. কেঃ সৈঃ এঃ নিঃ দুঃ, পৃষ্ঠা ৩৯

বাহ্যিক সংযোগ[সম্পাদনা কৰক]