কেলোৰ কীৰ্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেলোৰ কীৰ্তি
পৰিচালক ৰাজা চন্দ
ৰচনা এন. কে. সলিল
চিত্ৰনাট্য এন. কে. সলিল
প্ৰযোজক শ্ৰীকান্ত মোহতা
নিস্পাল সিং
অভিনয়ত দেব
যীশু সেনগুপ্ত
অংকুশ হাজৰা
মিমি চক্ৰৱৰ্তী
কৌশানী মুখোপাধ্যায়
সায়ন্তিকা বন্দোপাধ্যায়
নুছৰত জাহান
চিত্ৰগ্ৰহণকাৰী শৈলেশ অৱস্থী
সম্পাদনা মোঃ কালাম
সংগীত পৰিচালক এছ. পি. ভেংকটেশ
প্ৰযোজনা
কোম্পানীসমূহ
শ্ৰী ভেংকটেশ ফিল্মছ্
সুৰিন্দৰ ফিল্মছ
পৰিবেশক শ্ৰী ভেংকটেশ ফিল্মছ্
মুক্তি
৬ জুলাই ২০১৬ (2016-07-06) (ভাৰত)
২৯ জুলাই ২০১৬ (2016-07-29) (বাংলাদেশ)
দৈৰ্ঘ্য
১৫৪ মিনিট
দেশ ভাৰত
ভাষা বাংলা

কেলোৰ কীৰ্তি হৈছে ৰাজা চন্দৰ দ্বাৰা পৰিচালিত ২০১৬ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ধেমেলীয়া নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছ্ আৰু সুৰিন্দৰ ফিল্মছৰ বেনাৰত শ্ৰীকান্ত মহতা আৰু নিস্পাল সিঙে ছবিখনৰ প্ৰযোজনা কৰে।[1] ছবিখনত অভিনয় কৰিছে দেব, সায়ন্তিকা বন্দোপাধ্যায়, যীশু সেনগুপ্ত, অংকুশ হাজৰা, মিমি চক্ৰৱৰ্তী, নুছৰত জাহান আৰু কৌশানী মুখোপাধ্যায়ে। এই ছবিখন ২০০২ চনৰ তামিল ছবি চাৰ্লি চেপলিনৰ পুনৰ্নিৰ্মাণ। ২০১৬ চনৰ ৬ জুলাইত, ঈদ আৰু ৰথা যাত্ৰা উপলক্ষে ছবিখন মুক্তি লাভ কৰিছিল। সমালোচকৰ পৰা ছবিখনে বেছিভাগেই বেয়া সমালোচনা লাভ কৰিছিল। দ্য টাইমছ অৱ ইণ্ডিয়াই ইয়াক ৫ৰ পৰা ১.৫ ষ্টাৰ দিছিল।[2] ছবিখন বক্স অফিচত সফল নহ’ল।[3]

কলা-কুশলী[সম্পাদনা কৰক]

  • দেব - গুৰু
  • যীশু সেনগুপ্ত - "যুগেৰ বাৰ্তা"ৰ সম্পাদক
  • অংকুশ হাজৰা - জয়ৰ জুনিয়ৰ
  • মিমি চক্ৰৱৰ্তী - ৰীমা (জয়ৰ পত্নী)
  • কৌশানী মুখোপাধ্যায় - অনুষ্কা (অপূৰ্বৰ পত্নী)
  • নুছৰত জাহান - উৰ্বশী
  • সায়ন্তিকা বন্দোপাধ্যায় - প্ৰিয়া (গুৰুৰ পত্নী)
  • খৰাজ মুখোপাধ্যায় - গদাধৰ/ধনুধৰ
  • ৰুদ্ৰনীল ঘোষ - উৰ্বশীৰ বন্ধু
  • কাঞ্চন মল্লিক - পঁচা শাস্ত্ৰী
  • বিশ্বজিৎ চক্ৰৱৰ্তী - গৃহমন্ত্ৰী হৰনাথ মিত্তিৰ
  • মানসী সিনহা - মন্ত্ৰীৰ পত্নী (কেমিঅ')
  • ৰোহিত মুখোপাধ্যায় - অনুষ্কাৰ পিতৃ
  • দেবময় মুখোপাধ্যায় - অপূৰ্বৰ বন্ধু
  • ৰুম্পা দাস - বিজলী, জয়ৰ ঘৰৰ দাসী
  • টৰি-লাও-লী - "লাভ মি" গীতত বিশেষ উপস্থিতি

সংক্ষিপ্ত বিৱৰণ[সম্পাদনা কৰক]

এগৰাকী মোহনীয় মহিলাই দম্পতীহালৰ জীৱনত প্ৰৱেশ কৰি বিভ্ৰান্তিৰ মাজলৈ লৈ যায়। সকলোৱে ভুল বুজাবুজি আৰু হাস্যৰসময়ী পৰিস্থিতিত আবদ্ধ হৈ পৰেপৰে আৰু শেষত বিশৃংখলতাত এইবোৰৰ অন্ত পৰে।[4]

সংগীত[সম্পাদনা কৰক]

কেলোৰ কীৰ্তি
দেৱ সেন আৰু ইন্দ্ৰদীপ দাসগুপ্তৰ
সংগীত এলবাম
মুক্তি ১ জুলাই ২০১৬
বাণীবন্ধন ২০১৫-২০১৬
শৈলী/ধৰণ ফিচাৰ ফিল্ম চাউণ্ডট্ৰেক
ভাষা বাংলা
লেবেল
প্ৰযোজক শ্ৰীকান্ত মোহতা
নিস্পাল সিং

দেৱ সেন আৰু ইন্দ্ৰাদীপ দাসগুপ্তই এই চাউণ্ডট্ৰেকটো ৰচনা কৰিছিল। ২০১৬ চনৰ ১ জুলাইত ই মুক্তি লাভ কৰিছিল।[5]

গীতৰ তালিকা
নং শিৰোনামগায়ক-গায়িকাসকল দৈৰ্ঘ্য
1. "ডাৰ্লিং"  বিকি এ খান, মধুৰা ভট্টাচাৰ্য আৰু প্ৰসেনজিৎ মল্লিক ৩:৩৯
2. "লাভ মি"  বিকি এ খান ৩:৪১
3. "ডেডী"  প্ৰসেনজিৎ মল্লিক আৰু বিশ্বজিৎ দেৱ ৩:১২
4. "আইটেম বোম"  মধুবন্তী বাগচী, ৰানা মাজুমদাৰ আৰু কোৰাছ ৪:০০

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]