কেশৱানন্দ দেৱগোস্বামী
কেশৱানন্দ দেৱগোস্বামী | |
---|---|
জন্ম | ৯ ফেব্ৰুৱাৰী ১৯৩০ অসম |
মৃত্যু | ৪ ফেব্ৰুৱাৰী ২০১৬ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
কেশৱানন্দ দেৱগোস্বামী (ইংৰাজী: Keshabananda Debagoswami) হৈছে একাধাৰে এগৰাকী অসমীয়া পণ্ডিত-গৱেষক, শিপ্লী-সংগীতজ্ঞ, লেখক- কবি, গীতিকাৰ-কণ্ঠশিল্পী, অনুবাদক, ঔপন্যাসিক আৰু শিশু সাহিত্যক।[1]
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]কেশৱানন্দ দেৱগোস্বামীৰ জন্ম হয় নগাঁও জিলাৰ ধিঙৰ বালিসত্ৰত ১৯৩০ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে। তেখেতৰ পিতৃ শিৱেন্দ্ৰ দেৱ অধিকাৰ গোস্বামী আৰু মাতৃ ঊষা দেৱী।
শিক্ষা
[সম্পাদনা কৰক]দেৱগোস্বামীয়ে ১৯৫৪ চনত বৰদোৱাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে ১৯৫৬ চনত আই এ আৰু ১৯৫৮ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি অসমীয়া বিষয়ত এম এ ডিগ্ৰী লাভ কৰে।
চাকৰি জীৱন
[সম্পাদনা কৰক]দেৱগোস্বামীয়ে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। দেৱগোস্বামী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যাপক আছিল। ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈকে তেওঁ পঞ্জাৱৰ পাটিয়ালা বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। [2]
সাহিত্যৰাজি
[সম্পাদনা কৰক]নাটক
[সম্পাদনা কৰক]- নৰকাসুৰ বধ (১৯৪৬)
- বৃত্ৰাসুৰ বধ (১৯৫১)
- অমৃত মন্থন (১৯৫২)
কবিতা পুথি
[সম্পাদনা কৰক]- পিঠাৰ ৰহস্য (১৯৫১)
- চিত্ৰলেখা (১৯৫২)
উপন্যাস
[সম্পাদনা কৰক]- গৈল কোন দিশে
- কাৰণ্য কেদাৰ
- এৰি অহা গাঁওখন
চুটিগল্প সংকলন
[সম্পাদনা কৰক]- দুসূতিমুখৰ ঘাট (১৯৬৩)
শিশু সাহিত্য
[সম্পাদনা কৰক]- ক'ব জানিলে কথা
- কথাকীৰ্তন
- কীৰ্তনৰ সাধু
- স-সে মিৰাৰ সাধু
- নাহিবি জপনা দেই
- বৰ্ণবোধ
অনুবাদ সাহিত্য
[সম্পাদনা কৰক]- নামঘোষাৰ পঞ্জাৱী
- জপজি চাহিব
- বেদমাতা গায়ত্ৰী
- সন্দেশৰাসক
- কৰ্পূৰ মঞ্জৰী
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- শংকৰদেৱৰ বলিচলন
- কুৰুক্ষেত্ৰ
- কীৰ্তনঘোষা
- অংকমালা
- মাধৱদেৱৰ নামঘোষা আদি [3]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ভাষাসুমন বঁটা (২০০৩)
- শংকৰদেৱ বঁটা (২০০৭)
- লক্ষ্মীনাথ বেজবৰুৱা বঁটা
- কৃষকান্ত সন্দিকৈ বঁটা
- আনন্দৰাম বৰুৱা বঁটা (২০১৫)[4]
মৃত্যু
[সম্পাদনা কৰক]দেৱগোস্বামীৰ মৃত্যু হয় ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে।[5]