কেষ্টাৰব্ৰিজৰ মেয়ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰিপুৰা বুৰঞ্জী  
কেষ্টাৰব্ৰিজৰ মেয়ৰ বেটুপাত
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ বুৰঞ্জী
মিডিয়া প্ৰকাৰ মুদ্ৰণ

কেষ্টাৰব্ৰিজৰ মেয়ৰ এখন বিশ্ববিখ্যাত ইংৰাজী উপন্যাস৷ মূল গ্ৰন্থৰ নাম-The mayor of Casterbridge. উপন্যাসখনৰ লেখক টমাছ হাৰ্ডি৷ ভিক্তোৰিয়ান যুগৰ প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু নাট্যকাৰ টমাছ হাৰ্ডিৰ জন্ম হয় ১৮৪০ খ্ৰীষ্টাব্দৰ ২ জুনত৷ জন্মস্থান ডৰছেটশ্বায়াৰ৷ ১৮৭১ চনত তেখেতৰ প্ৰথম উপন্যাস Desperate Remedies প্ৰকাশ পায়৷ [1]

বিৱৰণ[সম্পাদনা কৰক]

অসমীয়া ভাষালৈ এই গ্ৰন্থখন অনুবাদ কৰা হৈছে৷ অনুবাদক বন্দিতা গোস্বামী শইকীয়া৷ সম্পাদক দীনেশ চন্দ্ৰ গোস্বামী৷ শৰাইঘাট প্ৰকাশনৰপৰা ‘কালজয়ী সাহিত্য’ শীৰ্ষক এটি অনুবাদৰ চিৰিজ আৰম্ভ কৰা হৈছিল৷ এই গ্ৰন্থখনো ‘কালজয়ী সাহিত্য চিৰিজ’ৰ অন্তৰ্গত এখন গ্ৰন্থ৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ২০০৬ চনৰ আগষ্ট মাহত৷ [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. কেষ্টাৰব্ৰিজৰ মেয়ৰ, প্ৰথম প্ৰকাশ, আগষ্ট, ২০০৬, শৰাইঘাট প্ৰকাশন, লেখকৰ পৰিচয়
  2. কেষ্টাৰব্ৰিজৰ মেয়ৰ, প্ৰথম প্ৰকাশ, আগষ্ট, ২০০৬, শৰাইঘাট প্ৰকাশন, লেখকৰ পৰিচয়