সমললৈ যাওক

কেৰালাৰ মুছলমানসকলৰ মাজত বাল্য বিবাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কেৰালাৰ শাসকীয় দল সংযুক্ত প্ৰগতিশীল মৰ্চাৰ অংশ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে ২০১৩ চনৰ ১৪ জুনৰ দিনা এখন চাৰ্কুলাৰৰ যোগেৰে কেৰালাৰ মুছলমানৰ মাজত বাল্য বিবাহৰ বিষয়টোৰ ওপৰত দৃষ্টিপাত কৰিছিল। বাল্য বিবাহ আইনে নিৰ্দিষ্ট কৰি দিয়া বয়স নোপোৱাকৈয়েই মুছলমান শিশুসকলৰ বিবাহ পঞ্জীয়ন কৰিবলৈ সেই চাৰ্কুলাৰখনৰ যোগেদি নিৰ্দেশ দিয়া হৈছিল। এনে নিৰ্দেশে বাল্যবিবাহ বৃদ্ধি কৰিব বুলি ৰাজনৈতিক দল আৰু মুছলমান মহিলা সংগঠনসমূহে মত প্ৰকাশ কৰিছিল। পিছলৈ এক সংশোধনীৰ জৰিয়তে কেৱল ২০১৩চনৰ ২৮জুনলৈ হোৱা বাল্য বিবাহসমূহহে পঞ্জীয়ন কৰিব পৰা যাব বুলি ঘোষণা কৰিছিল।[1][2] কেৰালাৰ নটা বিখ্যাত মুছলিম সংগঠনে বিবাহৰ বয়স ক্ষেত্ৰত ৰেহাই বিচাৰি আইনৰ কাষ চাপিছিল।[3][4] তেওঁলোকে এইবুলি কৈছিল যে মহিলাৰ বাবে ধাৰ্য কৰা ন্যূনতম বয়সে (১৮ বছৰ) মুছলিম আইন উলঙ্ঘন কৰিছে।[5]

আঁৰৰ কথা

[সম্পাদনা কৰক]

ইণ্ডিয়ান মুছলীম লীগে বাল্য বিবাহ আইনে মুছলিম পাৰ্ছনেল আইনৰ উলঙ্ঘা কৰা বুলি বাল্য বিবাহ আইনৰ বিৰোধিতা কৰি আহিছিল।[6][7] ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট স্কীমৰ দ্বাৰা চলোৱা এটা সমীক্ষা অনুসৰি ২০১২ বৰ্ষত কেৰালাৰ মালাপ্পুৰম জিলাত ১৩ৰ পৰা ১৮বছৰ বয়সৰ ভিতৰত বিয়া হোৱা ৩৪০০ গৰাকী ছোৱালীৰ ভিতৰত ২৮০০ গৰাকীয়েই আছিল মুছলমান। ২০০৮ চনত বাল্যবিবাহ হোৱা ৪৯৫৫ গৰাকী কইনাৰ ভিতৰত ৪২৪৯ গৰাকীয়েই আছিল মহিলা।[8] যদিও মুছলমানৰ ধৰ্মীয় সংগঠনসমূহে উপৰোক্ত চাৰ্কুলাৰখন সমৰ্থন কৰিছিল কিন্তু মুছলমান মহিলাসকলে তাৰ বিৰোধ কৰিছিল।[9]

২০১৩ চনৰ ১৩ জুনৰ দিনা জেচিম মহম্মদ আব্দুল কৰিম আব্দুলাহমেদ নামৰ সংযুক্ত আৰৱ আমিৰাত (UAE)ৰ নাগৰিক এজনে মালাপ্পুৰমৰ এখন অনাথ আশ্ৰমৰ পৰা এগৰাকী ১৭ বছৰীয়া ছোৱালী বিয়া কৰায়। কিন্তু তাৰ দুসপ্তাহ পাছতেই তেওঁ সেই ছোৱালীজনীক টেলিফোনৰ জৰিয়তে তিনি তালাক দি ভাৰতৰ পৰা গুচি যায়।[10] এই ঘটনাটোৰ পাছতেই সকলোৱেই বাল্য বিবাহৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে[11] আৰু তাৰ পাছত কেৰালা উচ্চ ন্যায়ালয়ে কন্নুৰৰ এগৰাকী ১৪ বছৰীয়া নাবালিকাৰ বাল্য বিবাহত হস্তক্ষেপ কৰি বন্ধ কৰিছিল।[12]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

আৰ্যদান চৌকথৰ এই বিষয়ত নিৰ্মাণ কৰা পাদাম অন্নুঃঅৰু বিলাপম নামৰ চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চিত হৈছিল।[13]

বিৰোধিতা

[সম্পাদনা কৰক]

মুছলিম সংগঠনে ছোৱালীৰ বিবাহৰ ন্যূনতম বিবাহক আইনৰ ওচৰত প্ৰত্যাহ্বান জনোৱাৰ পাছত ষ্টুডেণ্ট ফেডেৰেচন অৱ ইণ্ডিয়াই ৰাজ্যজুৰি সেই কাৰ্যৰ প্ৰতিবাদ জনাইছিল।[14][15] কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সিষ্ট)ৰ ৰাজ্যিক সম্পাদক পিনাৰায় বিজয়নে কৈছিল যে মুছলম লীগে আগন্তুক লোকসভা নিৰ্বাচনত ভোটৰ মেৰুবিভাজন ঘটাবলৈ তথা মুছলিম ছোৱালীসকলক শিক্ষাৰ পৰা বঞ্চিত কৰিবলৈ ছোৱালীসকলৰ বিবাহৰ ন্যূনতম বয়স কমাব বিচাৰি আছিল।[16] বিৰোধী নেতা আৰু কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভি এছ অচুথানন্দনেও এই কাৰ্যক নিন্দা কৰিছিল।[17] লগতে কেৰালাৰ মহিলা আয়োগেও ইয়াৰ বিৰোধিতা কৰিছিল।[18]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Underage marriage among Muslims in Kerala ignites debate - Indian Express". Archive.indianexpress.com. 2013-10-03. http://archive.indianexpress.com/news/underage-marriage-among-muslims-in-kerala-ignites-debate/1177466/1 আহৰণ কৰা হৈছে: 2014-06-10.
  2. Ananthakrishnan G. (2013-06-24). "Child marriage row in Kerala". Telegraphindia.com. http://www.telegraphindia.com/1130624/jsp/nation/story_17041236.jsp#.U5bf3HZ79NQ আহৰণ কৰা হৈছে: 2014-06-10.
  3. "Keralite Muslim group wants Supreme Court to legalise child marriage". daily.bhaskar.com. 2013-09-22. Archived from the original on 2014-07-14. https://web.archive.org/web/20140714133054/http://daily.bhaskar.com/article/NAT-TOP-keralite-muslim-group-wants-supreme-court-to-legalise-child-marriage-4382436-NOR.html আহৰণ কৰা হৈছে: 2014-06-12.
  4. "Muslim groups want minimum marital age scrapped : Featured, News - India Today". Indiatoday.intoday.in. 2013-09-22. http://indiatoday.intoday.in/story/muslim-groups-want-minimum-marital-age-scrapped/1/311127.html আহৰণ কৰা হৈছে: 2014-06-12.
  5. "Marriage Age Row: CPI(M) Says IUML Behind Move". Outlookindia.com. http://www.outlookindia.com/news/article/Marriage-Age-Row-CPIM-Says-IUML-Behind-Move/811169 আহৰণ কৰা হৈছে: 2014-06-12.
  6. Special Correspondent (2013-09-22). "Muslim groups oppose ban on child marriage". The Hindu. http://www.thehindu.com/news/national/kerala/muslim-groups-oppose-ban-on-child-marriage/article5155367.ece আহৰণ কৰা হৈছে: 2014-06-10.
  7. "Muslim organizations in Kerala root for under-18 marriage - The Times of India". Timesofindia.indiatimes.com. 2013-09-22. http://timesofindia.indiatimes.com/city/kochi/Muslim-organizations-in-Kerala-root-for-under-18-marriage/articleshow/22873559.cms আহৰণ কৰা হৈছে: 2014-06-12.
  8. C A, Sindhu (22 January 2014). "Abandoned Muslim wives Victims of early marriage". shodhganga.inflibnet.ac.in/. http://shodhganga.inflibnet.ac.in/handle/10603/99611 আহৰণ কৰা হৈছে: 15 February 2019.
  9. "Legalising underage marriage is Indian Union Muslim League's new ploy to gain political mileage in Kerala : NATION - India Today". Indiatoday.intoday.in. http://indiatoday.intoday.in/story/child-marriage-indian-union-muslim-league-kerala-underage-marriages/1/287096.html আহৰণ কৰা হৈছে: 2014-06-10.
  10. Special Correspondent (2013-11-23). "Child marriage: plea to extradite Arab national". The Hindu. http://www.thehindu.com/news/national/kerala/child-marriage-plea-to-extradite-arab-national/article5383058.ece আহৰণ কৰা হৈছে: 2014-06-10.
  11. R K Nair (2013-10-18). "The politics of child marriage | Business Line". Thehindubusinessline.com. http://www.thehindubusinessline.com/blogs/blog-rknair/the-politics-of-child-marriage/article5247403.ece আহৰণ কৰা হৈছে: 2014-06-12.
  12. "Court stops a 14-year-old girl from married off - The Times of India". Timesofindia.indiatimes.com. 2013-08-31. http://timesofindia.indiatimes.com/city/thiruvananthapuram/Court-stops-a-14-year-old-girl-from-married-off/articleshow/22188538.cms আহৰণ কৰা হৈছে: 2014-06-12.
  13. R Gopakumar, THIRUVANANTHAPURAM, June 19, DHNS:. "Child marriages high in Kerala". Deccanherald.com. http://www.deccanherald.com/content/170084/child-marriages-high-kerala.html আহৰণ কৰা হৈছে: 2014-06-10.
  14. "SFI organises protest meetings". The New Indian Express. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304094702/http://www.newindianexpress.com/cities/thiruvananthapuram/SFI-organises-protest-meetings/2013/09/25/article1802553.ece আহৰণ কৰা হৈছে: 2014-06-12.
  15. "SFI call on marriage age of girls". The Hindu. 2013-09-24. http://www.thehindu.com/todays-paper/tp-national/tp-kerala/sfi-call-on-marriage-age-of-girls/article5162808.ece আহৰণ কৰা হৈছে: 2014-06-12.
  16. "Marriageable age: Pinarayi flays IUML". The New Indian Express. Archived from the original on 2014-07-15. https://web.archive.org/web/20140715065056/http://www.newindianexpress.com/states/kerala/Marriageable-age-Pinarayi-flays-IUML/2013/09/24/article1800293.ece আহৰণ কৰা হৈছে: 2014-06-12.
  17. "Outfits under IUML patronage challenging law of the land: VS". The New Indian Express. Archived from the original on 2014-07-15. https://web.archive.org/web/20140715065212/http://www.newindianexpress.com/states/kerala/Outfits-under-IUML-patronage-challenging-law-of-the-land-VS/2013/09/24/article1800299.ece আহৰণ কৰা হৈছে: 2014-06-12.
  18. "'Officers must take proactive steps to check child marriages'". The New Indian Express. Archived from the original on 2014-07-06. https://web.archive.org/web/20140706065543/http://www.newindianexpress.com/cities/kochi/Officers-must-take-proactive-steps-to-check-child-marriages/2013/10/12/article1832532.ece আহৰণ কৰা হৈছে: 2014-06-12.