সমললৈ যাওক

কৌটিল্য পণ্ডিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৌটিল্য পণ্ডিত
জন্ম ২৪ ডিচেম্বৰ ২০০৭
অন্য নাম গুগল বয়

কৌটিল্য পণ্ডিত হাৰিয়ানাকাৰ্ণাল জিলাৰ কোহাণ্ড গাঁৱৰ এক বিস্ময় বালক। তেওঁ বৰ্তমান হাৰিয়ানাৰ পঞ্চকুলাত পৰিয়ালসহ বাস কৰে।

কৌটিল্য পণ্ডিতৰ ২০০৭ চনৰ ডিচেম্বৰৰ ২৪ তাৰিখে জন্ম হয়।[1][2] ২য় শ্ৰেণীত পঢ়া কৌটিল্যই দেউতাকে চলোৱা এচ-ডি হৰিত মডাৰ্ণ স্কুলত পঢ়িছিল। বৰ্তমান তেওঁ পঞ্চকুলাৰ ভাৰতীয় বিদ্যা ভৱনত পঢ়ে।[3]

স্মৃতি শক্তি

[সম্পাদনা কৰক]

২০১৪ত ৬ বছৰ বয়সৰ কৌটিল্যই[4] সাময়িকী, সাধাৰণ জ্ঞান আৰু ভৌগোলিক পৰিসংখ্যাৰ ক্ষেত্ৰত ভাল স্মৃতি শক্তি প্ৰদৰ্শন কৰে।[5] তেওঁ ২১৩ দেশৰ ভূগোল, জনমূৰি আয়, মুঠ ঘৰুৱা উৎপাদন আদিৰ বিষয়ে সহজে ক'ব পাৰে।[4] কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়মনোবিজ্ঞানীসকলে শিশুটিৰ গুণ উপলব্ধি কৰিছে, আৰু তেওঁলোকে বালকটিৰ স্মৰণশক্তি পৰীক্ষা কৰিবলৈ বিচাৰিছে। মনোবিজ্ঞান শাখাৰ অধ্যক্ষৰ মতে "ল'ৰাটো এক বিস্ময় বালক আৰু তেওঁৰ বুধ্যংক প্ৰায় ১৩০, যি সেই বয়সত অতিকৈ দুৰ্লভ।[3] শিশুটিৰ গুণ দৰ্শোৱা কিছু দূৰদৰ্শনৰ অনুষ্ঠানৰ বাবে তেওঁ হাৰিয়ানা আৰু চুবুৰীয়া ৰাজ্যত "বিস্ময় বালক"ৰূপে জনাজাত হ'ল।[3] তেওঁক "গুগল বয়" বুলিও জনা যায়।[6]

হাৰিয়ানা চৰকাৰে শিশুটিক ১০লাখ টকাৰ পুৰস্কাৰ দিছে আৰু ভৱিষ্যতে সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাসো দিছে।[5] বাৰানসীৰ কাশী বিদ্বান পৰিষদে তেওঁক "বাল মনীষী"ৰ পুৰস্কাৰ দিছে।[6] তেওঁ ২০১৩ চনৰ ১৪ নৱেম্বৰত তেওঁ "কৌন বনেগা কড়'ৰপতি"লৈ যায়, য'ত অমিতাভ বচ্চন তেওঁৰ প্ৰতিভাৰে প্ৰভাৱিত হয়।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "For Haryana’s wonderkid, no question is tough enough". Tribuneindia.com. http://www.tribuneindia.com/2013/20130925/main7.htm আহৰণ কৰা হৈছে: 27 अक्टूबर 2013.
  2. "नन्हे कौटिल्य को केबीसी से बुलावा, इसकी प्रतिभा जान दंग रह जाएंगे आप". दैनिक जागरण. http://www.jagran.com/news/national-kautilya-pandit-get-offer-from-kbc-10753495.html আহৰণ কৰা হৈছে: 28 अक्टूबर 2013.
  3. 1 2 3 Joshi, Vishal (25 September 2013). "KU psychologists to study Karnal's 'memory prince'". The Hindustan Times. Archived from the original on 19 February 2014. https://web.archive.org/web/20140219091755/http://www.hindustantimes.com/india-news/ku-psychologists-to-study-karnal-s-memory-prince/article1-1127094.aspx আহৰণ কৰা হৈছে: 23 February 2014.
  4. 1 2 Lohumi, Bhanu P (25 September 2013). "For Haryana’s wonderkid, no question is tough enough". The Tribune , Chandigadh. http://www.tribuneindia.com/2013/20130925/main7.htm আহৰণ কৰা হৈছে: 23 February 2014.
  5. 1 2 I A N S (8 October 2013). "Haryana government awards boy wonder Rs 10 lakh". http://www.thehindu.com/todays-paper/tp-in-school/haryana-government-awards-boy-wonder-rs-10-lakh/article5211232.ece আহৰণ কৰা হৈছে: 23 February 2014.
  6. 1 2 "गूगल ब्वाय कौटिल्य को मिली 'बाल मनीषी' उपाधि". Live hindustan.com. 11 February 2014. Archived from the original on 22 February 2014. https://web.archive.org/web/20140222033150/http://www.livehindustan.com/news/desh/mustread/article1-story-332-332-399685.html আহৰণ কৰা হৈছে: 23 February 2014.
  7. "Big B in awe of Kautilya on KBC". Hindustan Times. 26 October 2013. Archived from the original on 15 January 2015. https://web.archive.org/web/20150115201432/http://www.hindustantimes.com/india-news/big-b-in-awe-of-kautilya-on-kbc/article1-1140851.aspx আহৰণ কৰা হৈছে: 27 June 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]