কৌতুক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বৰিছ য়েল্টচিন আৰু বিল ক্লিণ্টনে এটা কৌতুক উপভোগ কৰি থকাৰ দৃশ্য

কৌতুক (ইংৰাজী: joke) হ’ল হাস্যৰসৰ প্ৰদৰ্শন য’ত শব্দবোৰক এটা নিৰ্দিষ্ট আৰু সুনিৰ্দিষ্ট আখ্যান গাঁথনিৰ ভিতৰত ব্যৱহাৰ কৰি মানুহক হাঁহিবলৈ উপস্থাপন কৰা হয়। সাধাৰণতে কৌতুক সমূহৰ উদ্দেশ্য ইয়াৰ বিষয়বস্তুক গুৰুত্বসহকাৰে লোৱা নহয়। সাধাৰণতে কৌতুকত অন্তৰ্ভুক্ত সংলাপৰ সমূহৰবাবে ই এক কাহিনীৰ ৰূপ লয়, আৰু শেষ হয় এটা 'পাঞ্চ লাইনত'। পাঞ্চ লাইনতেই দৰ্শক সচেতন হৈ পৰে যে কাহিনীটোৰ দ্বিতীয় একো পৰস্পৰ বিৰোধী অৰ্থ নাই। এই কৌতুক কৰাটো প্ৰকৃততে এক শব্দৰ খেল। যেনে: বিদ্ৰূপ বা কটূক্তি, যুক্তিসংগত অসামঞ্জস্য, আজেবাজে কথা বা অন্যান্য উপায় ব্যৱহাৰ কৰি কৰিব পাৰি।[1]

ভাষাবিদ ৰবাৰ্ট হেটজ্ৰনে কৌতুকৰ সংজ্ঞা আগবঢ়াইছে:

'কৌতুক হৈছে এক চুটি হাস্যৰসময়ী মৌখিক সাহিত্য য’ত শেষ বাক্যটোৱে ৰসস্বাদনৰ শিখৰত উপনীত কৰাই যাক পাঞ্চলাইন বুলি কোৱা হয়... আচলতে মূল চৰ্তটো হ’ল একেবাৰে শেষত ৰসবোধৰ উচ্চতম স্তৰত উপনীত হ’ব লাগে। ৰসবোধ দূৰ কৰা কোনো ধৰণৰ ধাৰাবাহিকতা যোগ কৰিব নালাগে। কৌতুক সমূহক "মৌখিক" সাহিত্য বুলি কোৱা হয় যদিও এয়া ছপা আকাৰটো উপলব্ধ হ'ব পাৰে। উত্তৰোত্তৰ ৰূপান্তৰ হৈ থাকিলে কবিতাৰ দৰে লিখনীটোৰ শব্দাংশৰ পুনৰুৎপাদন কৰাৰ কোনো বাধ্যবাধকতা নাথাকে। '[2]

সাধাৰণতে ধাৰণা কৰা হয় যে কৌতুকবোৰ সংক্ষিপ্ততাৰে পৰিৱেশন কৰা হয়, শেষত পাঞ্চলাইনৰ বাবে দৃশ্যপট স্থাপনৰ প্ৰয়োজনীয়তাতকৈ বেছি বিৱৰণ নাথাকে। সাঁথৰ মূলক কৌতুক বা এক লাইানৰ ক্ষেত্ৰত পৰিৱেশটো অন্তৰ্নিহিতভাৱে বুজি পোৱা যায়, কেৱল সংলাপ আৰু পাঞ্চলাইনটোহে মৌখিকভাৱে কোৱাৰ বাবে ৰৈ যায়। কিন্তু এইবোৰ আৰু অন্যান্য সাধাৰণ নিৰ্দেশনাবোৰক ওফৰাই পেলোৱাটোও হাস্যৰসৰ উৎস হ’ব পাৰে। কৌতুক হাস্যৰসৰ এটা প্ৰকাৰ, কিন্তু সকলো হাস্যৰস কৌতুক নহয়। কিছুমান হাস্যৰসময়ী ৰূপ যিবোৰ মৌখিক কৌতুক নহয় সেইবোৰ হ’ল: অনাকাংক্ষিত হাস্যৰস, পৰিস্থিতিগত হাস্যৰস, ব্যৱহাৰিক কৌতুক, স্লেপষ্টিক আৰু উপাখ্যান।

ডাচ ভাষাবিদ আন্দ্ৰে জলেছে মৌখিক সাহিত্যৰ অন্যতম সহজ ৰূপ হিচাপে চিহ্নিত কৰা[3] কৌতুকবোৰ কোনো পৰিস্থিতিতে বেনামীভাৱে পাৰ হৈ যাব পাৰে। ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা পৰিৱেশতে কৌতুক কোৱা হয়; এজন অকলশৰীয়া ব্যক্তিয়ে কথোপকথনৰ স্বাভাৱিক প্ৰবাহত বন্ধুক এটা কৌতুক ক'ব পাৰে, বা চিত্ৰনাট্যযুক্ত মনোৰঞ্জনৰ অংশ হিচাপে এটা গোটক কৌতুকৰ এটা গোট বোলা হয়। কৌতুকবোৰো লিখিত ৰূপত বা শেহতীয়াকৈ ইণ্টাৰনেটৰ জৰিয়তেও প্ৰেৰণ কৰা হয়।

ষ্টেণ্ড-আপ কমিক্স, কমেডিয়ান আৰু স্লেপষ্টিকে তেওঁলোকৰ অভিনয়ত কমিক টাইমিং আৰু ৰিদমৰ সৈতে কাম কৰে, আৰু হাঁহিৰ সৃষ্টি কৰিবলৈ কৰ্মৰ লগতে মৌখিক পাঞ্চলাইনৰ ওপৰতো নিৰ্ভৰ কৰে। এই পাৰ্থক্যটো জনপ্ৰিয় উক্তি এটাত প্ৰণয়ন কৰা হৈছে: "এজন কমিকে ধেমেলীয়া কথা কয়; এজন কমেডিয়ানে কোৱা কথাবোৰ ধেমেলীয়া হয়।"

কৌতুক কোৱা[সম্পাদনা কৰক]

এজন শিল্পীৰ দ্বাৰা ইংৰাজী ভাষাত কৌতুক উপস্থাপন।

কৌতুক কোৱাটো এটা সহযোগিতামূলক প্ৰচেষ্টা; [4][5] ইয়াৰ বাবে কৌতুক হিচাপে অনুসৰণ কৰা আখ্যানটো বুজিবলৈ কৌতুক আৰু দৰ্শকে কোনোবা নহয় কোনোবা ৰূপত পাৰস্পৰিকভাৱে একমত হোৱাটো প্ৰয়োজনীয়। কথোপকথন বিশ্লেষণৰ এক অধ্যয়নত সমাজবিজ্ঞানী হাৰ্ভি চেক্সে এটা কৌতুক কোৱাত ক্ৰমিক সংগঠনৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰিছে। "এই কৌতুক কোৱাটো গল্পৰ দৰেই তিনিটা ক্ৰমত ক্ৰমবদ্ধ যেনে: প্ৰস্তাৱনা, কোৱা আৰু সঁহাৰিৰ ক্ৰম।" [6]

লোককথাবিদসকলে ইয়াত কৌতুকৰ প্ৰসংগকো সামৰি লৈ কোনে কাক কি ধেমালি কৰিছে? আৰু তেওঁ তেওঁলোকক কেতিয়া কৈছে, কিয় কৈছে ইত্যাদি বিষয়ৰ ওপৰত লিৰ্ভৰ কৰি লোককথাক সম্প্ৰসাৰিত কৰিছে।[7][8] কৌতুক কোৱাৰ প্ৰসংগটোৱে পাছলৈ ধেমেলীয়া সম্পৰ্ক বিষয়টোৰ অধ্যয়নৰ প্ৰাসংগিকতাক গুৰুত্ব দিয়া দেখা যায়। যিটো শব্দ নৃতত্ত্ববিদসকলে প্ৰতিষ্ঠানিকভাৱে ঠাট্টা-মস্কৰা আৰু কৌতুকত লিপ্ত হোৱা সংস্কৃতিৰ ভিতৰৰ সামাজিক গোটসমূহক বুজাবলৈ উদ্ভাৱন কৰিছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Sløk-Andersen, Beate (2019). "The Butt of the Joke?: Laughter and Potency in the Becoming of Good Soldiers". Cultural Analysis (Denmark: The University of California) খণ্ড 17 (1): 25–56. https://www.ocf.berkeley.edu/~culturalanalysis/volume17/pdf/Slok-Andersen.pdf। আহৰণ কৰা হৈছে: 1 January 2021. 
  2. Hetzron 1991, পৃষ্ঠা. 65–66.
  3. Jolles 1930.
  4. Raskin 1985, পৃষ্ঠা. 103.
  5. Attardo & Chabanne 1992.
  6. Sacks 1974, পৃষ্ঠা. 337–353.
  7. Dundes 1980, পৃষ্ঠা. 20–32.
  8. Bauman 1975.