সমললৈ যাওক

কৰভাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৰভাৰ(ইংৰাজী: Karbhar) নামনি অসমৰ কিছুমান সত্ৰত প্ৰচলিত এক পৰম্পৰা৷ এই প্ৰথা আৰম্ভ কৰিছিল মাধবদেৱে৷ গুৰুসকলৰ তিৰোভাৱ তিথিত সত্ৰৰ ভকতসকলে বিভিন্ন বস্তু ভাৰ বৈ গায়ন-বায়নসহ আহি সত্ৰক শোধায়, এয়েই কৰভাৰ৷ গুৰু চৰিত কথাত আছে শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁৰ মাহেকীয়া শ্ৰাদ্ধ পাতিবলৈ অৰ্থৰ অভাৱ হোৱাত মাধবদেৱে সকলোফালৰ ভকতসকলক জাননী দিয়ে৷ সেইমতে, ভকতসকলে যেয়ে যি পাৰে আনি দিলে আৰু শ্ৰাদ্ধ সম্পন্ন কৰা হ’ল৷[1][2]

কীৰ্তন মহোৎসৱ[সম্পাদনা কৰক]

শংকৰদেৱ, মাধবদেৱ আৰু মথুৰাদাস বুঢ়া আতাৰ প্ৰয়াণৰ তিথিক বৰপেটা-সুন্দৰীদিয়া সত্ৰত “কীৰ্তন’’ নামে জনা যায়৷ মাধবদেৱে প্ৰথমে পাটবাউসী সত্ৰত কৰভাৰ আৰম্ভ কৰাৰ পিছত তেওঁ সুন্দৰীদিয়াত সত্ৰ স্থাপন কৰাৰ পিছত পাটবাউসী সত্ৰলৈ কৰভাৰ দি থাকিল৷ মাধবদেৱৰ প্ৰয়াণৰ পিছত মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত দুজনা গুৰুৰে ’কীৰ্তন’ত কৰভাৰ দিয়াৰ ব্যৱস্থা কৰিলে৷ লগতে পূৰ্ববত পাটবাউসী সত্ৰলৈয়ো কৰভাৰ দি থকা হ’ল৷ বৰপেটা সত্ৰ প্ৰথম সত্ৰীয়া মথুৰাদাস বুঢ়া আতাৰ প্ৰয়াণৰ পিছত সত্ৰৰ ভকতসকলে বুঢ়া আতাৰো তিথি কীৰ্তন পতাৰ ব্যৱস্থা কৰে৷ সম্প্ৰতি বৰপেটা সত্ৰত শংকৰদেৱ, মাধবদেৱ আৰু মথাুৰাদাস বুঢ়া আতা- এই তিনিওগৰাকীৰে কীৰ্তন পালন কৰা হয় আৰু তিনিও কীৰ্তনতে আগৰ দৰে কৰভাৰ দিয়াৰ ব্যৱস্থা প্ৰচলিত হৈ থাকিল৷[2]

হাটী[সম্পাদনা কৰক]

মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰৰ জনজীৱনক সুশৃংখলিতভাৱে পৰিচালনা কৰিবলৈ সত্ৰখনৰ সৰু সৰু গোটত ভাগ কৰিছিল৷ এই গোটবোৰক “হাটী’’ বোলে৷ মূল হাটী তিনিখন, দক্ষিণহাটী, উত্তৰহাটী আৰু নহাটী৷ এই তিনিখন হাটীক থুল হিচাপে লৈ বাইশখন হাটী পতা হ’ল৷ ৰাজহুৱা কাম সুশৃংখল হ’বলৈ হাটীয়ে হাটীয়ে “হাইটাৰ ঘৰ’’ স্থাপন কৰা হ’ল৷ এই হাটীসমূহে হাটীৰ সৰু-সুৰা দায়-জগৰবোৰৰ বিচাৰ কৰি মীমাংসা কৰাৰ উপৰি সত্ৰক দিবলগীয়া কৰভাৰ সংগ্ৰহ কৰি যথাবিধি প্ৰদান কৰে৷[3]

কৰভাৰ প্ৰদান[সম্পাদনা কৰক]

শংকৰদেৱৰ কীৰ্তনত বৃন্দাবনহাটীৰ ভকতসকলে, মাধবদেৱৰ কীৰ্তনত দক্ষিণহাটী আৰু ভকতপাৰাৰ ভকতসকলে আৰু বুঢ়া আতাৰ কীৰ্তনত নহাটীৰ ভকতসকলে কৰভাৰ শোধায়৷ কৰভাৰত হাটীৰ নিয়মমতে চাউল, তেল, নিমখ, কোমোৰা, পুৰাকল, ঔটেঙা, জালুক আদি ভাৰ বান্ধি নিয়ে৷ সম্মুখত খোল-তাল লৈ গায়ন-বায়নৰ দলে বাদ্য-নৃত্য কৰি আৰু চাপৰি বজাই নাম গাই গাই কৰভাৰ শোধাবলৈ অহা শোভাযাত্ৰা বৰ দৃষ্টিনন্দন হয়৷ কৰভাৰৰ দ্ৰব্যসমমূহ কীৰ্তনঘৰৰ মঠৰ পকী চোতালত থয়৷ তাৰপিছত সত্ৰীয়া যিমা ভাগ আছে সিমান ভাগ কৰি বাইশখন হাটীৰ বিষয়ববীয়াক বিতৰণ কৰাৰ দায়িত্ব দিয়া হয়৷ কৰভাৰৰ বস্তুৰ পৰা সত্ৰৰ ভাগ থকা কোনো লোকেই বঞ্চিত নহয়৷[2] সুন্দৰীদিয়া সত্ৰতো অনুৰূপ ধৰণে দুজনা গুৰু আৰু আতাপুৰুষৰ কীৰ্তনত কৰভাৰ দিয়াৰ নিয়ম৷ [4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৯০. 
  2. 2.0 2.1 2.2 পাঠক, গোকুল (১৯৫৯ (১ম প্ৰকাশ), ২০২০ (৯ম প্ৰকাশ)). বৰপেটা সত্ৰৰ ইতিহাস. ৰণজিৎ কুমাৰ দাস. পৃষ্ঠা. ১৫৫. 
  3. ৰায়চৌধুৰী, ড° ভূপেন্দ্ৰ (২০০৭). শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাৰ জীৱন সুৰভি. ৰেখা প্ৰকাশন. পৃষ্ঠা. ৯২. 
  4. তালুকদাৰ, গোবিন্দ (১৯৯৬). সুন্দৰীদিয়া সত্ৰৰ ইতিবৃত্ত. দিপান্বিতা তালুকদাৰ.