কৰ্ণাটক ৰাজোৎসৱ
Jump to navigation
Jump to search
কৰ্ণাটক ৰাজোৎসৱ | |
---|---|
![]() কৰ্ণাটকৰ আনুষ্ঠানিক পতাকা | |
অন্য নাম | কন্নড়া ৰাজোৎসৱা, কৰ্ণাটক গঠন দিৱস |
পালন কৰে | ভাৰতৰ আৰু আন দেশৰ কন্নড় ভাষী লোকসকল[1] |
প্ৰকাৰ | ৰাজ্যিক |
মহত্ব | কৰ্ণাটক ৰাজ্য হিচাপে দক্ষিণ ভাৰতৰ কন্নড় ভাষা কথিত অঞ্চলসমূথৰ একত্ৰীকৰণ |
তাৰিখ | ১ নৱেম্বৰ |
উদযাপন | কৰ্ণাটক পতাকা উত্তোলন, শোভাযাত্ৰা, সাংস্কৃতিক অনুষ্ঠান, ৰাজোৎসৱ বঁটা[2] |
কৰ্ণাটক ৰাজোৎসৱ বা কন্নড়া ৰাজোৎসৱা (কন্নড়: ಕನ್ನಡ ರಾಜ್ಯೋತ್ಸವ; ইংৰাজী: Karnataka Rajyotsava) প্ৰতি বছৰে ১ নৱেম্বৰত পালন কৰা হয়। ইয়াক কৰ্ণাটক গঠন দিৱস বা কৰ্ণাটক দিৱস বুলিও কোৱা হয়। ১৯৫৬ চনৰ এই দিনটোতে দক্ষিণ ভাৰতৰ সকলো কন্নড় ভাষা কথিত অঞ্চলসমূথ একত্ৰিত কৰি কৰ্ণাটক ৰাজ্য গঠন কৰা হৈছিল।[3]
ৰাজোৎসৱৰ দিনটো কৰ্ণাটক ৰাজ্যত চৰকাৰী ছুটি হিচাপে তালিকাভুক্ত কৰা হয়[4] আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত কন্নড় ভাষীসকলে ইয়াক পালন কৰে।[1] এই দিনটোত কৰ্ণাটক চৰকাৰে ৰাজোৎসৱ বঁটা ঘোষণা আৰু উপস্থাপন কৰে, লগতে ৰাজহুৱা মহোৎসৱ, শোভাযাত্ৰা, কন্নড়া ভাষাৰ কিতাপ উন্নোচন আৰু সংগীতানুষ্ঠানৰে সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ অভিভাষণেৰে[5] কৰ্ণাটকৰ আনুষ্ঠানিক পতাকা উত্তোলন কৰা হয়।[6]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 Dubai: Karnataka Sangha Celebrates Karnataka Rajyotsava daijiworld.com
- ↑ Rajyotsava award list soars to 90 The Times of India 31 October 2008
- ↑ "Kannadigas celebrate Karnataka Rajyotsava on Nov 1" news.oneindia.in
- ↑ Festivals of India – Rajyotsava Day www.festivalsofindia.in
- ↑ Karnataka Governor greets people ahead of 'Rajyotsava Day' IBN Live
- ↑ ‘Sacrifice of Kannadigas should be remembered' The Hindu