সমললৈ যাওক

খগেশ সেন ডেকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খগেশ সেন ডেকা
জন্ম ১৬ অক্টোবৰ ১৯৫৩
ক্ষুদ্ৰহাজাৰা গাঁও, কৰৰা, কামৰূপ
মৃত্যু ১৯ মাৰ্চ ২০২৪
লংকেশ্বৰ, গুৱাহাটী
পেচা অধ্যাপক, ভাষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ, পি.এইচ.ডি
ধৰণ অসমৰ ভাষা

খগেশ সেন ডেকা (জন্ম:১৬ অক্টোবৰ ১৯৫৩ - ১৯ মাৰ্চ ২০২৪[1] ) অসমীয়া ভাষাৰ গৱেষক আৰু ব্যাকৰণবিদ আছিল। তেওঁ পূব কামৰূপ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল।

তেওঁৰ জন্ম হয় কামৰূপ জিলাৰ কৰৰা মৌজাৰ ক্ষুদ্ৰহাজাৰা গাঁৱত, ১৯৫৩ চনৰ ১৬ অক্টোবৰ তাৰিখে। পিতৃ : স্বৰ্গীয় ধনপতি ডেকা (কৰৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক)। মাতৃ : স্বৰ্গীয়া যোগেশ্বৰী ডেকা।

  1. প্ৰাথমিক : ক্ষুদ্ৰহাজাৰা প্ৰাথমিক বিদ্যালয়,
  2. হাইস্কুল : কৰৰা হাইস্কুল,
  3. প্ৰাক বিশ্ববিদ্যালয় (বিজ্ঞান) : আৰ্য্য বিদ্যাপীঠ কলেজ।
  4. স্নাতক (অসমীয়া অনাৰ্ছ) : আৰ্য্য বিদ্যাপীঠ কলেজ (১৯৭৫)।
  5. স্নাতকোত্তৰ : অসমীয়া (ভাষা শাখা), গুৱাহাটী বিশ্ববিদ্যালয় (১৯৭৭)।
  6. পিএইচ, ডি, : গুৱাহাটী বিশ্ববিদ্যালয় ( গৱেষণাৰ বিষয় : অসমীয়া ব্যাকৰণৰ ক্ৰমবিকাশ : এটি বিশ্লেষণাত্মক অধ্যয়ন। তত্ত্বাৱধায়ক : ড॰ ৰমেশ পাঠক)।

কৰ্মজীৱন

[সম্পাদনা কৰক]
  1. এম, এ, পৰীক্ষাৰ ফলাফল ওলোৱাৰ পূৰ্বে কেইদিনমান কৰৰা হাইস্কুলত শিক্ষকতা।
  2. ১৯৭৮ চনৰ মাৰ্চ মাহৰ ১৩ তাৰিখে ছয়গাঁও কলেজত যোগদান।
  3. ১৯৭৮ চনৰ জুলাই মাহৰ ১৮ তাৰিখৰ পৰা ১৯৮৭ চনৰ ৯ মাৰ্চলৈ বকোৰ জে, এন, কলেজত অধ্যাপনা।
  4. ১৯৮৭ চনৰ ১০ মাৰ্চৰ পৰা ২০১৫ চনৰ ৩১ মাৰ্চলৈ বাইহাটা চাৰিআলিৰ পূব কামৰূপ কলেজত অধ্যাপনা আৰু সহযোগী অধ্যাপক তথা মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ।
  5. কিছু দিনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপকৰূপে যোগদান।

সাহিত্যৰাজি[2]

[সম্পাদনা কৰক]
  1. অসমীয়া বানান সমস্যা (সম্পা), ১৯৯৮, বাইহাটা চাৰিআলি সাহিত্য সভা।
  2. অসমীয়া ভাষা সাহিত্য সংস্কৃতি বীথিকা (ড॰ নৰেন চন্দ্ৰ দাস আৰু ড॰ উমেশ চন্দ্ৰ ডেকাৰ সৈতে যুটীয়াভাৱে ৰচিত)। ১৯৯৯, পূৰ্বাঞ্চল প্ৰকাশ।
  3. ভাষা-চিন্তা-বিচিত্ৰা (ড॰ নগেন ঠাকুৰৰ সৈতে যুটীয়াভাৱে সম্পাদিত)। ১৯৯৯, পূবেৰুণ প্ৰকাশ।
  4. ব্যাকৰণ : প্ৰাচ্য আৰু পাশ্চাত্য। ১ম প্ৰকাশ ২০০০, পূবেৰুণ প্ৰকাশ। ৩য় প্ৰকাশ, ২০১৫, জ্যোতি প্ৰকাশন।
  5. পূব কামৰূপ অঞ্চলৰ বৌদ্ধিক পটভূমি আৰু অধ্যক্ষ তৰুণ চন্দ্ৰ ডেকা, ২০১৪, পূব কামৰূপ কলেজ।
  6. ভাষা-চিন্তাৰ ৰেঙনি, ২০১৬, জ্যোতি প্ৰকাশন।
  7. ব্যাকৰণ : তত্ত্ব আৰু তাত্ত্বিক, ২০১৭, বান্ধৱ।
  8. Grammar of the Assamese Language William Robinson Nathan Brown G. F. Nicholl (Co-ed with Dr. Prabin Ch. Das).
  9. প্ৰসংগ গৌতম বুদ্ধ (অনূদিত), ২০১৯, জ্যোতি প্ৰকাশন।
  10. মধ্যভাৰতীয় আৰ্যভাষা আৰু সাহিত্য,২০২০, অসম সাহিত্য সভা।
  11. অসমীয়া ব্যাকৰণ আৰু ভাষাতত্তবৰ ৰূপৰেখা, ২০২০, বান্ধৱ।
  12. মনন আৰু বীক্ষণ (সম্পাদনা- ড৹ প্ৰভাত ভূঞা), ২০২১, পাঞ্চজন্য।
  13. খগেশ সেন ডেকাৰ ফে’চবুক মাধুৰী, (সম্পাদনা আব্দুল মজিদ শ্বেখ) ২০২১।
  14. ভাষাতত্ত্বৰ সাধক খগেশ সেন ডেকা (অভিনন্দন গ্ৰন্থ, সম্পাদনা প্ৰভাত ভূঞা আৰু পূন্যপ্ৰভা বৰুৱা), ২০১৯ প্ৰকাশ পাইছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. চক্ৰৱৰ্তী, ড° পৰিতোষ (১৮ ফেব্ৰুৱাৰী ২০২৬). "ড°খগেশ সেন ডেকা ফেচবুকৰ মাধুৰী:এটি আলোচনা". কলংপাৰ. 
  2. ব্যাকৰণ, তত্ত্ব আৰু তাত্ত্বিক, খগেশ সেন ডেকা, বান্ধৱ প্ৰকাশ, প্ৰথম প্ৰকাশ, বেটুপাতৰ পৰা সংগ্ৰহীত