সমললৈ যাওক

খামুন ৰাজমন্ত্ৰী ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খামুন ৰাজমন্ত্ৰী ফুকন আহোম ৰাজশাসনৰ ৰাজমন্ত্ৰী আছিল। তেওঁ আহোম ৰজাঘৰৰ নাওবৈচা ফুকন-ও আছিল। তেওঁৰ দুই জীয়ৰীৰ ডাঙৰ জনীক আহোম ৰজা জয়দ্ধজ সিংহই বৰকুঁৱৰী আৰু সৰুজনীক পৰ্বতীয়া কুঁৱৰী কৰি চপাই লৈছিল। সেই কাৰণতেই জয়দ্ধজ সিংহই খামুন ৰাজমন্ত্ৰী ফুকনক ৰাজমন্ত্ৰীও পাতিছিল। খামুন ৰাজমন্ত্ৰী ফুকন ‘গড়গঞা শহুৰ’ নামেৰেও জনাজাত আছিল। ১৯৬৩ চনত মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম ৰজা আৰু মোগলৰ মাজত ঘিলাজাৰি ঘাটত হোৱা সন্ধিপত্ৰত খামুন ৰাজমন্ত্ৰী ফুকনে চহী কৰিছিল। জয়দ্ধজ সিংহৰ মৃত্যুৰ পিছত নিজে বা নিজৰ পৰিয়ালৰ কোনো লোকক আহোম স্বৰ্গদেউ পতাৰ অভিসাৰত তেওঁ লিপ্ত হৈছিল। সেই দোষতে ৰজা চক্ৰদ্ধজ সিংহই খামুন ৰাজমন্ত্ৰী ফুকন আৰু তেওঁৰ সমগ্ৰ পৰিয়ালৰ নিধন কৰিছিল[1]।

তথ্য সমল

[সম্পাদনা কৰক]
  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৬