সমললৈ যাওক

খোবা-খুবী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খোবা-খুবী (ইংৰাজী: Khoba-Khubi) নামৰ এবিধ অপশক্তি অসমীয়া জনসমাজত বিবাহৰ লগত জড়িত এক লোকবিশ্বাস৷ এই লোকবিশ্বাস অষ্ট্ৰিক নৃগোষ্ঠীৰ ফালৰ পৰা অহা৷[1] বিশেষকৈ অসমৰ উজনি খণ্ডত ইয়াৰ প্ৰভাৱ বেছি৷ কোৱা হয় যে বিয়াৰ বিবাহ বন্ধনত আবদ্ধ হোৱা দৰা-কইনাৰ গাত এই অপশক্তি লম্ভে আৰু তাৰপৰা নিস্তাৰ পাবলৈ বিয়াৰ তৃতীয় দিনা “খোবা-খুবী পুথি’’ পাঠ কৰিলে অপশক্তিৰ প্ৰভাৱ নোহোৱা হয়৷ সেয়ে, অসমৰ ঠাইবিশেষে বিয়াৰ তৃতীয় দিনা “খোবা-খুবী’’ অনুষ্ঠান পাতি পুথি পাঠ কৰা হয়৷ আলষণী নামৰ এবিধ ভূতে লম্ভিলেও “খোবা-খুবী’’ৰ কাহিনী মন্ত্ৰৰ দৰে পঢ়ি জাৰি দিয়া পানী খালে আলষণীৰ কু-প্ৰভাৱ গুচে[2]বুলি লোকবিশ্বাস প্ৰচলিত৷ এই “খোবা-খুবী’’ৰ উৎপত্তি সম্বন্ধে অসমত এটা কাহিনী প্ৰচলিত আছে৷

মধ্যযুগৰ শেষৰ ফালে ৰচিত নান্দীপুৰাণমতে, শিৱই কৃষি কৰিবলৈ গৈ ঘৰ-সংসাৰ সকলো পাহৰাত, পাৰ্বতীৰ খং উঠিল আৰু খেতি পথাৰতে থকা আপোনভোলা শিৱক ঘূৰাই আনিবলৈ মহ, ডাঁহ, পো-পৰুৱা আদি সৃষ্টি কৰি শিৱৰ খেতি নাশ কৰিবলৈ পঠিয়ালে৷ তথাপি শিৱক ঘূৰাই আনিব নোৱাৰি পাৰ্বতীয়ে ক্ষোভত শব্দ কৰি নিজেই খেতিপথাৰ নষ্ট কৰিবলৈ গ’ল৷ পাৰ্বতীৰ মুখৰ পৰা ক্ষোভত ওলোৱা শব্দৰ পৰাই দুটা ক্ষোভা আৰু ক্ষোভী নামৰ দুটা অসুৰৰ জন্ম হ’ল৷ সিহঁতে শিৱৰ খেতি পথাৰ এফালৰ পৰা জ্বলাই যাব ধৰিলে৷ তাকে দেখি শিৱই সিহঁতক মাৰিব খোজাত দুয়ো স্তুতি কৰাত শিৱ সন্তুষ্ট হ’ল আৰু দুয়োকে নিলগৰ এটা পৰ্বতত বাস কৰিবলৈ দিলে৷ বহুকাল পিছত হনুমানে লংকালৈ যোৱা সাগৰ বান্ধিবলৈ পৰ্বতখন ডাঙি আনোতে ক্ষোভা-ক্ষোভীও তাৰ লগতে আহিল আৰু ৰামক লগ পাই সিহঁতৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰিলে৷ ৰামে সিহঁতক নতুন দৰা-কইনাৰ গাত লম্ভিবলৈ আদেশ দিলে আৰু বিয়াৰ তৃতীয়দিনা সিহঁতৰ কাহিনী শুনালে দৰা-কইনাৰ গাত সিহঁত থাকিব নোৱাৰিব আৰু মুক্ত হ’ব বুলি কৈ পৃথিবীলৈ পঠিয়ালে৷ এই ক্ষোভা-ক্ষোভীয়েই অসমীয়া লোকমুখত পৰি খোবা-খুবী হ’ল৷[2][3] ৰামৰ আশীষ পাই সিহঁত তেতিয়াৰে পৰা নৱবিবাহিত দম্পতী বিচাৰি ফুৰিবলৈ ধৰিলে৷ দ্বাপৰ যুগত কৃষ্ণই কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্য ৰুক্মিণীক বিবাহ কৰি দ্বাৰকালৈ উভতি যাওঁতে তেওঁলোকে গাতে খোব-খুবী দুয়ো লম্ভিছিল৷ কিন্তু লগত গৰ্গমুনি থকাত তেওঁ ধ্যানত সকলো গম পাই খোবা-খুবীক সন্তুষ্ট কৰি বিদায় দিয়ে৷ তেতিয়াৰে পৰা অসমীয়া সমজৰ বিয়াত খোবা-খুবী অনুষ্ঠান পাতি খোবা-খুবী পুথি পাঠ কৰি দৰা-কইনাৰ লগতে আন আন মানুহক শুনোৱা হয়৷[3]

সংস্কৃত ভাষাৰ “খোবা-খুবী’’ পুথিখন লোকেন্দ্ৰ নাথ ভট্টাচাৰ্যই কৰা অসমীয়া অনুবাদ[4] বিবাহৰ এই অনুষ্ঠানত পাঠ কৰা হয়৷

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "অসমীয়া লোকসংস্কৃতিলৈ অষ্ট্ৰিকসকলৰ অৱদান". https://kkhsou.ac.in/eslm/E-SLM_Main/1st%20Sem/Master%20Degree/Assamese/PGAS%20S1%2004%20PDF/Unit-6-Asomiya%20LokaSanskritloi%20Ostriksak। আহৰণ কৰা হৈছে: 30 March 2023. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 শইকীয়া, নগেন (২০১৩). অসমীয়া মানুহৰ ইতিহাস. কথা. পৃষ্ঠা. ৩০২. ISBN 978-81-89148-15-7. 
  3. 3.0 3.1 "মহিমা কীৰ্তন". Archived from the original on 30 March 2023. https://web.archive.org/web/20230330174021/https://xahitya.org/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE-%E0%A6%95%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%A8%E0%A6%BF%E0%A6%A4%E0%A7%81%E0%A6%B2-%E0%A6%AC%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 30 March 2023. 
  4. "খোবা-খুবী". https://as.wikisource.org/wiki/%E0%A6%96%E0%A7%8B%E0%A6%AC%E0%A6%BE-%E0%A6%96%E0%A7%81%E0%A6%AC%E0%A7%80। আহৰণ কৰা হৈছে: 30 March 2023.