সমললৈ যাওক

খৌ কে কিম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Yang Berbahagia, এমেৰিটাছ প্ৰফেছৰ, তান শ্ৰী, ডক্টৰেট
খৌ কে কিম
পিএছএম, ডিপিএমপি, ডিপিএমএছ, এএছএম

২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত এখন ৰাজহুৱা সভাত বক্তৃতা প্ৰদান কৰা অৱস্থাত খৌ
স্থানীয় নাম 邱继金
জন্ম ২৮ মাৰ্চ, ১৯৩৭
কেম্পাৰ, পেৰাক, Federated Malay States, ব্ৰিটিছ মালয় (বৰ্তমানৰ মালয়েছিয়া)
মৃত্যু ২৮ মে', ২০১৯ (৮২ বছৰ)
মালয় ইউনিভাৰচিটি মেডিকেল চেণ্টাৰ, কুৱালামপুৰ, মালয়েছিয়া
ৰাষ্ট্ৰীয়তা মালয়েছিয়ান
শিক্ষানুষ্ঠান মালয় বিশ্ববিদ্যালয়
পেচা বুৰঞ্জীবিদ, শিক্ষাবিদ
দাম্পত্যসঙ্গী Puan Sri N. Rathimalar @ ৰাথি খৌ (১৯৬৬–২০১৯)[1]
পিতৃ-মাতৃ খৌ চৌ জিন (পিতৃ)
চুৱাহ গেইক চি (মাতৃ)
সন্তান এডিন খৌ, ৰুবিন খৌ আৰু মাভিন খৌ

খৌ কে কিম (ইংৰাজী: Khoo Kay Kim, simplified Chinese: 邱继金; traditional Chinese: 邱繼金; Pe̍h-ōe-jī: Khu Ke-kim; pinyin: Qiū Jiājīn; ২৮ মাৰ্চ ১৯৩৭ – ২৮ মে' ২০১৯) এগৰাকী চীনা বংশোদ্ভৱ মালয়েছিয়ান ইতিহাসবিদ আৰু শিক্ষাবিদ আছিল। ২০০১ চনত মালয় বিশ্ববিদ্যালয়ে তেওঁক এমেৰিটাছ অধ্যাপক উপাধিৰে সন্মানিত কৰে। ২০১১ চনৰ জানুৱাৰী মাহত খৌ কেডিইউ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ চেঞ্চেলৰ হিচাপে নিযুক্তি লাভ কৰে।[2]

তেতিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ মহম্মদে খৌৰ মৃত্যুক দেশৰ বাবে এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছিল।[3]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯৩৭ চনৰ ২৮ মাৰ্চত মালয়েছিয়াৰ পেৰাকৰ কাম্পাৰত খৌ কে কিমৰ জন্ম হয়। তেওঁৰ পিতৃ মাতৃ আছিল চীনৰ পেৰানাকান শিপাৰ। কিমে প্ৰাথমিক শিক্ষাৰ সময়ছোৱাত ৰাতিপুৱা ইংৰাজী বিদ্যালয়ত পঢ়িছিল আৰু তাৰ পিছত বিয়লি চীনা বিদ্যালয়ত পঢ়িবলৈ গৈছিল। মালয় বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ১৯৫৯, ১৯৬৭ আৰু ১৯৭৪ চনত তেওঁ বি এ, এম এ আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰে। তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ গৱেষণাপত্ৰৰ শিৰোনাম আছিল The Beginnings of Political Extremism in Malaya 1915-1935 (১৯৭৪), য’ত তেওঁ মালয় বিশ্ববিদ্যালয়ৰ ৰাফেলছ ইতিহাসৰ অধ্যাপক কেনেডি জি ট্ৰেগনিঙৰ তত্ত্বাবধানত কাম কৰিছিল। খৌ আছিল ৰুকুনেগাৰা (নেচনেল প্ৰিন্সিপল)ৰ অন্যতম সহ-লেখক। স্থানীয় ক্ৰীড়া আৰু আৰ্থ-ৰাজনৈতিক বিষয়ৰ ওপৰত তেওঁৰ মতামতৰ বাবে তেওঁক এজন অতিশয় সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষাবিদ ৰূপে শ্ৰদ্ধা যচা হৈছিল।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ শ্ৰীৰাথীক বিয়া কৰাইছিল। দম্পতিহালৰ তিনিটি সন্তান আছিল। তেওঁলোক হ’ল; পৰম্পৰাগত কলা আৰু সংস্কৃতিৰ সমৰ্থক এডিন খৌ, ৰুবিন খৌ আৰু নৃত্যশিল্পী মেভিন খৌ। পিতৃ হিচাপে খৌৱে খুব স্বাধীনভাৱে ল’ৰা-ছোৱালীহঁতক ডাঙৰ কৰিছিল। জীৱন গঢ়াত দেউতাকৰ অৱদানৰ বিষয়ে সুঁৱৰি তেওঁ পুত্ৰ ৰুবিন খৌৱে এটি স্মৃতিকথাত লেখিছে;

মোৰ ভাইটিহঁত আৰু মোৰ লালন-পালন খুব উদাৰ ভাৱে হৈছে বুলি জানি বহু লোকে আশ্চৰ্য প্ৰকাশ কৰে। আমাৰ ওপৰত কোনোধৰণৰ বাধা-নিষেধ নাছিল। আমি যিমান বিচাৰো টিভি চাব পাৰিছিলোঁ আৰু বাহিৰত যিকোনো ধৰণৰ জাংক ফুড খাব পাৰিছিলোঁ ৷ পনিটেইল, পিয়েৰ্চিং আৰু টেটু এই সকলোবোৰ ডাঙৰ হোৱাৰ অংশ বুলি গণ্য কৰা হৈছিল।..... আমাৰ কাজিয়াবোৰ বাহিৰলৈ ওলাই যাব নোৱাৰিবা বা জীৱনৰ অন্বেষণ কৰিব নোৱাৰিবা ধৰণৰ সাধাৰণ পিতা-পুত্ৰৰ কাজিয়া নাছিল। বৰঞ্চ আমাৰ মতানৈক্যবোৰ ৰাজনীতি আৰু বিশ্বৰ বিষয়ক কেন্দ্ৰ কৰি বা সঠিক আৰু অনুচিত সম্পৰ্কীয় দাৰ্শনিক বিতৰ্ক আছিল।[5]

২০১৯ চনৰ ২৮ মে’, মঙলবাৰে পুৱা ইউনিভাৰ্চিটি মালয় মেডিকেল চেণ্টাৰ (ইউএমএমচি), পেটালিং জয়া, চেলাংগৰত ৮২ বছৰ বয়সত খৌৰ মৃত্যু হয়।[6][7]

  •  মালয়েছিয়া :
    • কম্পেনিয়ন অৱ দ্য Order of Loyalty to the Crown of Malaysia (জেএছএম) – (১৯৮৩)[8][9]
    • কমাণ্ডাৰ অৱ দ্য Order of Loyalty to the Crown of Malaysia (পিএছএম) – তান শ্ৰী (২০০৮)[8]
  • পেৰাক :
    • নাইট কমাণ্ডাৰ অৱ দ্য Order of the Perak State Crown (ডিপিএমপি) – Dato' (১৯৮৭)[8]
  • চেলাংগৰ :
    • নাইট কমাণ্ডাৰ অৱ দ্য Order of the Crown of Selangor (ডিপিএমএছ) – Dato' (২০০৯)[8]

বঁটা আৰু প্ৰশংসা

[সম্পাদনা কৰক]
  •  মালয়েছিয়া:
    • দশম Tokoh Akademik Negara of the National Academic Awards বা Anugerah Akademik Negara (এএএন) (২০১৭)[10][11]
    • Merdeka Award, অসাধাৰণ শৈক্ষিক কৃতিত্বৰ বাবে (২০১৮)[12]

তেওঁৰ নামেৰে নামকৰণ কৰা ঠাই

[সম্পাদনা কৰক]

২০১৯ চনৰ জুলাই মাহত চেলাংগৰৰ ৰাজ্য চৰকাৰে, চেলাংগৰৰ চুলতান, চুলতান চৰফউদ্দিন ইদ্ৰিছ শ্বাহৰ সহমতত পেটালিং জায়াত থকা জালান চেমানগাত নামটো সলাই খৌৱে জীৱনকালত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ নামত জালান প্ৰফেছৰ খৌ কে কিম ৰাখে।[13]

নিৰ্বাচিত গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • দ্য ৱেষ্টাৰ্ণ মালয় ষ্টেটচ্‌ ১৮৫০-১৮৭৩: দ্য ইফেক্টচ্‌ অৱ কমাৰ্চিয়েল ডেভেলপমেণ্ট অন মালয় পলিটিক্স (১৯৭২) আই.এচ.বি.এন. 0196382521[14][15][16]
  • মালয় চ’ছাইটি: ট্ৰেন্সফৰমেচন এণ্ড ডেমক্ৰেটাইজেচন: আ ষ্টিমুলেটিং এণ্ড ডিচাৰ্ণিং ষ্টাডি অন দ্য ইভল্যুচন অৱ মালয় চ’ছাইটি থ্ৰু দ্য পাচেজ অৱ টাইম (১৯৯১) আই.এচ.বি.এন. 9679783863
  • হিজ মেজেষ্টি চুলতান আজলান শ্বাহ (১৯৯১) আই.এচ.বি.এন. 9679783731
  • টাইপিং : ইবুকটা পেৰাক (১৯৮১)[17]
  • টাইপিং : দ্য ভাইব্ৰেণ্ট য়েৰচ্‌ (২০০৩) আই.এচ.বি.এন. 9832759013[18]
  • হাণ্ড্ৰেট য়েৰচ্‌ দ্য ইউনিভাৰচিটি অৱ মালয় (২০০৫) আই.এচ.বি.এন. 9831003268, 9831003233
  • আই, কেকেকে: দ্য অট'বায়গ্ৰাফী অৱ আ হিষ্ট’ৰিয়ান (২০১৭) আই.এচ.বি.এন. 9789671493007[19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. “We were not an ordinary country”, Deborah Loh, 17 October 2011, The Nut Graph
  2. "KDU UC's website". Archived from the original on 22 July 2011. https://web.archive.org/web/20110722232143/http://hr.kdu.edu.my/staff-directory.html। আহৰণ কৰা হৈছে: 13 March 2011. 
  3. "Dr M conveys condolences, says Dr Khoo's passing a great loss" (en ভাষাত). The Star. https://www.thestar.com.my/news/nation/2019/05/28/dr-m-conveys-condolences-says-dr-khoo-passing-a-great-loss. 
  4. ejum.fsktm.um.edu.my/article/148.pdf
  5. Rubin Khoo (28 May 2019). "A son's personal tribute to historian Prof Tan Sri Dr Khoo Kay Kim". https://www.optionstheedge.com/. https://www.optionstheedge.com/topic/people/sons-personal-tribute-historian-prof-tan-sri-dr-khoo-kay-kim। আহৰণ কৰা হৈছে: 15 December 2024. 
  6. Daryl Goh (28 May 2019). "Historian Khoo Kay Kim, 82, passes on from lung failure". The Star Online. https://www.thestar.com.my/news/nation/2019/05/28/historian-khoo-kay-kim-82-passes-on-from-lung-failure/। আহৰণ কৰা হৈছে: 28 May 2019. 
  7. Beatrice Nita Jay (28 May 2019). "(UPDATE) Historian Khoo Kay Kim passes away". New Straits Times. https://www.nst.com.my/news/nation/2019/05/492022/update-historian-khoo-kay-kim-passes-away#utm_source=insider&webPushId=NDU1Mg==. 
  8. 8.0 8.1 8.2 8.3 "SEMAKAN PENERIMA DARJAH KEBESARAN, BINTANG DAN PINGAT". Prime Minister's Department (Malaysia). http://www.istiadat.gov.my/index.php/component/semakanlantikanskp/। আহৰণ কৰা হৈছে: 27 August 2021. 
  9. Eugene Khoo (25 November 2012). "Khoo Kay Kim 邱家金". Overseas Chinese in the British Empire Blog. https://overseaschineseinthebritishempire.blogspot.com/search?updated-max=2013-01-08T10:18:00%2B08:00&max-results=10&reverse-paginate=true। আহৰণ কৰা হৈছে: 16 October 2018. 
  10. "AAN-Tokoh Akademik Negara-JPT" (ms ভাষাত). JPT MOHE. http://jpt.mohe.gov.my/aan/senarai-penerima/aan-ke-10/tokoh-akademik-negara। আহৰণ কৰা হৈছে: 16 October 2018. 
  11. "Building on talent and skill". The Star Online. 12 November 2017. https://www.thestar.com.my/news/nation/2017/11/12/building-on-talent-and-skill/। আহৰণ কৰা হৈছে: 28 May 2019. 
  12. Farhana Joni (3 September 2018). "Kay Kim, Hassan penerima Anugerah Merdeka 2018" (ms ভাষাত). Utusan Malaysia. http://www.utusan.com.my/berita/nasional/kay-kim-hassan-penerima-anugerah-merdeka-2018-1.740928। আহৰণ কৰা হৈছে: 16 October 2018. 
  13. "PJ's Jalan Semangat renamed to Jalan Professor Khoo Kay Kim". New Straits Times. 4 July 2019. https://www.nst.com.my/news/nation/2019/07/501465/pjs-jalan-semangat-renamed-jalan-professor-khoo-kay-kim#utm_source=insider&webPushId=NDg5MQ==. 
  14. Turnbull, C. M. (1973). "Review of The Western Malay States 1850-1873. The Effects of Commercial Development on Malay Politics". Journal of Southeast Asian Studies খণ্ড 4 (1): 146–147. doi:10.1017/S0022463400016507. ISSN 0022-4634. https://www.jstor.org/stable/20070036. 
  15. Winks, Robin W. (1975). "Review of The Western Malay States 1850-1873: The Effects of Commercial Development on Malay Politics". Journal of the American Oriental Society খণ্ড 95 (1): 127–128. doi:10.2307/599232. ISSN 0003-0279. https://www.jstor.org/stable/599232. 
  16. Gray, C. S. (May 1973). "The Western Malay States 1850–1873: The Effects of Commercial Development on Malay Politics. By Khoo Kay Kim. Kuala Lumpur: Oxford University Press, 1972. xi, 241 pp. Maps, Genealogies, Bibliography, Index. 15.50" (en ভাষাত). The Journal of Asian Studies খণ্ড 32 (3): 557–558. doi:10.2307/2052729. ISSN 1752-0401. https://www.cambridge.org/core/journals/journal-of-asian-studies/article/abs/western-malay-states-18501873-the-effects-of-commercial-development-on-malay-politics-by-khoo-kay-kim-kuala-lumpur-oxford-university-press-1972-xi-241-pp-maps-genealogies-bibliography-index-1550-kedah-17711821-the-search-for-security-and-independence-by-r-bonney-kuala-lumpur-oxford-university-press-1971-xvi-215-pp-maps-appendices-glossary-bibliography-index-1550/57F12AB69529A570F9D2FD0A959005E5. 
  17. Khoo, Kay Kim (1994), Teluk Anson (Teluk Intan) 100 tahun, Persatuan Muzium Malaysia, https://books.google.com/books?id=UR9wAAAAMAAJ&q=Taiping:+Ibukota+Perak 
  18. Khoo, Kay Kim (2003), Taiping: The Vibrant Years, Taiping Tourist Association, ISBN 9789832759010, https://books.google.com/books?id=DyBwAAAAMAAJ&q=Taiping:+The+Vibrant+Years 
  19. Khoo, Kay Kim (13 April 2017), "Excerpt from Khoo Kay Kim's memoir, 'I, KKK'", The Star, https://www.star2.com/culture/2017/04/13/excerpt-khoo-kay-kim-memoir-i-kkk/