সমললৈ যাওক

গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত  
লেখক প্ৰণৱজ্যোতি ডেকা
দেশ অসম,  ভাৰত
ভাষা অসমীয়া
বিষয় অনূদিত সাধু
মিডিয়া প্ৰকাৰ মুদ্ৰণ

গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা অনূদিত এখনি সাধুকথাৰ পুথি৷ পুথিখনত বিশ্বৰ লোক-সাহিত্যৰ পাঁচটা ভিন্ন সাধু সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল৷ [1]

লেখকৰ বিষয়ে

[সম্পাদনা কৰক]

প্ৰণৱজ্যোতি ডেকা (১৯৩৯ - ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক। স্পষ্টবাদীৰূপে পৰিচিত ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ‘সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক তেওঁৰ আত্মজীৱনীখনে প্ৰকাশৰ পিছতে বিদ্বান মহলৰ প্ৰশংসা লাভ কৰিছিল। জ্যোতি দ্বিভাষিক অভিধান ডেকাৰ উল্লেখযোগ্য কৃতি। ২০২৩ বৰ্ষত তেওঁ ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প শীৰ্ষক গল্প সংকলনটিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷

গ্ৰন্থৰ চমু পৰিচয়

[সম্পাদনা কৰক]

সাধুপুথিখনত সন্নিৱিষ্ট সাধুকেইটা হৈছে-

  • মকৰাৰ সাধু (পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ সাধু)
  • চোৰ সৰবজান (ব্ৰহ্মদেশৰ সাধু)
  • ৰজাৰ কটোৱালৰ সাধু (কোৰিয়া দেশৰ সাধু)
  • দুজন চোৰৰ সাধু (মিচৰীয় সাধু)
  • গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত (চীনদেশীৰ সাধু) [1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 দত্ত, কৰবী. "গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত -এখন মনোগ্ৰাহী কিতাপ". সাহিত্য ডট অৰ্গ. https://xahitya.org/2021-march-book-review-1/। আহৰণ কৰা হৈছে: 8 July 2024.