গগণযান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গগণযান

গগণযান ক্ৰু মডিউলৰ ৰেণ্ডাৰিং চিত্ৰ
নিৰ্মাতা ডি.আৰ.ডি.অʼ
এইচ.এ.এল
ইছৰো
দেশ  ভাৰত
পৰিচালক ইছৰো
এপ্লিকেচন কক্ষপথীয় মানববাহী মহাকাশযান
বিস্তৃত বিৱৰণ
মহাকাশযানৰ ধৰণ মানববাহী
উৎক্ষেপণ ভৰ ৭,৮০০ কিলোগ্ৰাম (১৭,০০০ পাউণ্ড) (পৰিসেবা মডিউল অন্তৰ্ভুক্ত)[1]
শুকান ভৰ ৩,৭৩৫ কিলোগ্ৰাম (৮২৩৪ lb)[1]
ক্ৰু ক্ষমতা [2]
মাত্ৰাসমূহ বাস্যাৰ্ধ: ৩.৫ মিটাৰ (11 ফুট)[3]
উচ্চতা: ৩.৫৮ মিটাৰ (11.7 ফুট) [3]
পৰিমাণ ৮ cubic metre (280 cu ft)[4]
শক্তি সৌৰ শক্তি
ব্যৱস্থা নিম্ন ভূ-কক্ষপথ
সময়  দিন
নিৰ্মাণ
স্থিতি বিকাশৰত
প্ৰথম উৎক্ষেপণ ৩য় ত্ৰৈমাসিক, ২০২৩ (মানববিহীন)[5]
২০২৫ (মানববাহী)[6]

গগণযান (ইংৰাজী: Gaganyaan) হৈছে এক ভাৰতীয় মানৱযুক্ত কক্ষপথীয় মহাকাশযান, যি মানৱ মহাকাশ যাত্ৰা কাৰ্যসূচীৰ অংশ। মহাকাশযানখন তিনিজন মহাকাশচাৰীক কঢ়িয়াই নিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পৰিকল্পিত উন্নত সংস্কৰণটো উপস্থাপন আৰু ডকিং ক্ষমতাৰে সজ্জিত কৰা হ'ব। প্ৰথম মানৱ অভিযানত, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই সাত দিনৰ বাবে ৪০০ কিলোমিটাৰ (২৫০ মাইল) উচ্চতাত পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ তিনিজন লোকক কঢ়িয়াই নিবলৈ ৩.৭ টন (৮,২০০ পাউণ্ড) ওজনৰ কেপচুল কঢ়িয়াই নিব। প্ৰথম মিছনটো মূলতঃ ২০২১ চনৰ ডিচেম্বৰত ইছৰোৰ এলভিএম৩ ৰকেটৰ দ্বাৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছিল, যদিও কিছু অসুবিধা হোৱা কাৰণে পিছুৱাই দিয়া হয়[7][8] বৰ্তমান এই অভিযান ২০২৫ চনৰ আগতেই হোৱাৰ সম্ভাৱনা আছে।

ব্যোমমিত্ৰা[সম্পাদনা কৰক]

ব্যোমমিত্ৰা হৈছে এগৰাকী মহাকাশ ভ্ৰমণকাৰী হিউমনয়ড (মানৱগুণ বিশিষ্ট) ৰবট। ২০২০ চনৰ ২২ জানুৱাৰী তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মানৱ মহাকাশযাত্ৰা আৰু অনুসন্ধানকাৰী আলোচনাচক্ৰত এগৰাকী নাৰীসদৃশ ৰবটৰ নাম ঘোষণা কৰে, যাক গগণযান নামৰ মহাকাশ অভিযানটোত আন মহাকাশচাৰীসকলৰ সৈতে প্ৰেৰণ কৰা হ'ব। মানৱ মহাকাশ উৰণ কৰা আন ৰাষ্ট্ৰসমূহৰ বিপৰীতে ইছৰোয়ে পৰীক্ষামূলক অভিযানত জন্তু উৰুৱাব নোৱাৰিব বুলি সিদ্ধান্ত লৈছিল। ইয়াৰ পৰিৱৰ্তে, মহাকাশত দীঘলীয়া সময়ৰ বাবে মানৱ শৰীৰৰ ওজনহীনতা আৰু বিকিৰণে কি প্ৰভাৱ পেলাব সেয়া অধ্যয়ন কৰিবলৈ হিউমেনইড ৰবট উৰুৱাব।[9]

ব্যোমমিত্ৰাই মাইক্ৰ'গ্ৰেভিটি পৰীক্ষা, মডিউলৰ প্ৰাচল নিৰীক্ষণ, আৰু কঁকালৰ পৰা ওপৰলৈ মানুহৰ দৰে কাৰ্যকলাপ অনুকৰণ কৰি ক্ৰুড মিছনত মহাকাশচাৰীসকলক সমৰ্থন কৰাৰ বাবে অবিচলিতভাবে গগণযান অভিযানত থাকিব বুলি আশা কৰা হৈছে।[10] ইয়াৰ নিজস্ব কোনো ভৰি নাই, যদিওবা দুখন হাত আছে। ব্যোমমিত্ৰাই হিন্দী আৰু ইংৰাজী উভয় ভাষাতে কথা পাতিব পাৰে। একাধিক কাম সম্পাদন কৰাৰ বাবে ইয়াক প্ৰ'গ্ৰেম কৰা হৈছে।[11][12][13][14]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Indian Manned Spacecraft. Astronautix. 2014.
  2. ""চন্দ্ৰযান -৩"ৰ সফলতাৰ পাছত এইবাৰ ইছৰ’ৰ নতুন মিছন ‘গগণযান’; ৰোভাৰ নহয়, এইবাৰ মহাকাশমুখী মানুহ!". প্ৰাগ নিউজpragnews.com. https://pragnews.com/science-assamese/chandrayaan-3-successful-landing-isro-next-target-is-gaganyaan-mission। আহৰণ কৰা হৈছে: September 2, 2023. 
  3. 3.0 3.1 Kunhikrishnan, P. "India's Human Spaceflight Programme: GAGANYAAN". UNOOSA. http://www.unoosa.org/documents/pdf/copuos/stsc/2019/tech-47E.pdf। আহৰণ কৰা হৈছে: 20 February 2019. 
  4. "Integrated Cabin Pressure Control System". ISROisro.gov.in. পৃষ্ঠা: 11. 
  5. "Gaganyaan launch delayed: Manned mission now in 'fourth quarter of 2024'". Times of India. 21 December 2022. https://timesofindia.indiatimes.com/india/gaganyaan-launch-delayed-manned-mission-now-in-fourth-quarter-of-2024/articleshow/96406198.cms। আহৰণ কৰা হৈছে: 15 February 2023. 
  6. Dutt, Anonna (9 April 2023). "Gaganyaan: From astronauts' training to tech upgrade, ISRO making leaps to meet 2025 target for manned mission". Indian Express. https://indianexpress.com/article/india/gaganyaan-from-astronauts-training-to-tech-upgrade-isro-making-leaps-to-meet-2025-target-for-manned-mission-8546259/। আহৰণ কৰা হৈছে: 10 April 2023. 
  7. Singh, Surendra (29 December 2018). "Rs 10,000 crore plan to send 3 Indians to space by 2022". https://timesofindia.indiatimes.com/india/union-cabinet-clears-rs-10000cr-for-indias-gaganyaan-project/articleshow/67288124.cms। আহৰণ কৰা হৈছে: 29 December 2018. 
  8. PTI (15 August 2018). "Gaganyaan mission to take Indian astronaut to space by 2022: PM Modi" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/gaganyaan-mission-to-take-indian-astronaut-to-space-by-2022-pm-modi/article24695817.ece. 
  9. "Why is India sending robots into space?" (en ভাষাত). 25 July 2019. https://www.bbc.com/news/world-asia-india-48918280. 
  10. "ISRO to send humanoid Vyommitra in unmanned Gaganyaan spacecraft ahead of human spaceflight". Economic Times. 24 January 2020. https://economictimes.indiatimes.com/news/science/isro-to-send-humanoid-vyommitra-in-unmanned-gaganyaan-spacecraft-ahead-of-human-spaceflight/articleshow/73576959.cms. 
  11. Kumar, Chethan (22 January 2020). "Gaganyaan mission: First glimpse of 'Vyommitra', the humanoid for Gaganyaan; it's a 'She'" (en ভাষাত). Times of India. https://timesofindia.indiatimes.com/india/1st-glimpse-of-vyommitra-the-humanoid-for-gaganyaan-its-a-she/articleshow/73513989.cms। আহৰণ কৰা হৈছে: 22 January 2020. 
  12. "ISRO's manned mission to Moon will happen, but not right now: K Sivan" (en-US ভাষাত). The Indian Express. 22 January 2020. https://indianexpress.com/article/technology/science/isro-will-look-at-manned-mission-to-moon-someday-but-not-right-now-k-sivan-6229655/। আহৰণ কৰা হৈছে: 22 January 2020. 
  13. "'व्योममित्रा'ची पहिली झलक! भारताकडून 'ती' पहिल्यांदा जाणार अवकाशात" (mr-IN ভাষাত). Loksatta. 22 January 2020. https://www.loksatta.com/desh-videsh-news/vyommitra-the-humanoid-for-isros-mission-gaganyaan-dmp-82-2066411/। আহৰণ কৰা হৈছে: 22 January 2020. 
  14. "ISRO's prototype humanoid for Gaganyaan mission is Vyom Mitra which will go to space before astronauts" (en ভাষাত). Times Now News. 22 January 2020. https://www.timesnownews.com/technology-science/article/isro-s-prototype-humanoid-for-gaganyaan-mission-is-vyom-mitra-which-will-go-to-space-before-astronauts/543450। আহৰণ কৰা হৈছে: 22 January 2020.