গধূলিগোপাল
গধূলিগোপাল Mirabilis jalapa | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Caryophyllales |
পৰিয়াল: | Nyctaginaceae |
গণ: | Mirabilis |
প্ৰজাতি: | M. jalapa |
বৈজ্ঞানিক নাম | |
Mirabilis jalapa |
গধূলিগোপাল (Mirabilis jalapa) বা Four O'Clock Flower বা Marvel of Peru এক প্ৰকাৰৰ গুল্ম জাতীয় আলংকাৰিক ফুল গছ । বিভিন্ন ৰঙৰ গধূলিগোপাল পোৱা যায় । লেটিন ভাষাত Mirabilis মানে "আশ্চৰ্য্যকৰ" আৰু jalapa হৈছে মধ্য আৰু উত্তৰ আমেৰিকাৰ এক ঠাইৰ নাম । ১৫৪০ চনত গধুলিগোপাল পেৰুৰ পৰা আমদানি কৰা হৈছিল ।
ফুল আৰু ৰঙ[সম্পাদনা কৰক]
একেটা গছতেই ভিন্ন বৰণৰ ফুল ফুলা ইয়াৰ অন্যতম বৈশিষ্ট্য ।
সেইদৰে সম্পূৰ্ণ বগা , গুলপীয়া , হালধীয়া ইত্যাদি ৰঙৰো ফুল দেখা যায় । একে ফুলতে কেতিয়াবা বিভিন্ন ৰঙৰ দাগ দেখা যায় । ৰঙাৰ পৰা বেঙুনীয়ালৈ এই ফুল পোৱা যায় । ফুলবোৰ সুন্দৰ সুগন্ধিযুক্ত । গধূলিগোপাল সন্ধিয়া ফুলে আৰু ওৰে নিশা ফুলি পুৱা মৰহি যায় । মথ জাতীয় নিশাচৰ প্ৰাণীৰ দ্বাৰা পৰাগযোগ হয় । [1]
বংশগতিক অধ্যয়ন[সম্পাদনা কৰক]
১৯০০ চনত বিজ্ঞানী কাৰ্ল কৰেন্সে কোষপ্ৰৰসীয় বংশানুক্ৰম (Cytoplasmic Inheritance ) অধ্যয়নত গধূলিগোপালক ব্যৱহাৰ কৰিছিল ।[2] পিছলৈ ইয়াৰ পৰা অসম্পূৰ্ণ প্ৰভাৱিতা ( Incomplete Dominance) আৱিষ্কাৰ হৈছিল ।
ব্যৱহাৰ[সম্পাদনা কৰক]
গধুলিগোপাল ফুল সাধাৰণতে খাদ্য প্ৰক্ৰিয়াকৰণ শিল্পত ৰঙৰ কামত ব্যৱহাৰ হয়। তাৰ বাহিৰে ইয়াৰ পাত খাৱ পাৰি । তদুপৰি কেক আৰু জেলীত ৰঙ দিবলৈ ফুড কাৰাৰিং এজেন্ট হিচাপে ইয়াৰ ৰং ব্যৱহৃত হয় ।কিছুমান ঔষধ তৈয়াৰ কৰোতে গধুলিগোপালৰ বীজ আৰু শিপা ব্যৱহাৰ হয়।[3]
ঔষধি গুণ[সম্পাদনা কৰক]
নলা নাৰেঙীয়া ৰোগত গধূলি গোলাপ ফুল পিহি প্ৰলেপ দিলে নাৰেঙীয়া ঘা ভাল হয়। গধূলি গোলাপ ফুল খৰ-খজুৱতিত ব্যৱহাৰ কৰিও উপকাৰ পোৱা যায়।[4]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "UCLA Mildred E. Mathias Botanical Garden". Botgard.ucla.edu. http://www.botgard.ucla.edu/html/membgnewsletter/Volume4number2/Theplantsthatlovehawkmoths.html। আহৰণ কৰা হৈছে: 2012-07-31.
- ↑ Miko, I. Non-nuclear genes and their inheritance. Nature Education 1(1), (2008)
- ↑ "Mirabilis jalapa Marvel Of Peru PFAF Plant Database". Pfaf.org. http://www.pfaf.org/user/Plant.aspx?LatinName=Mirabilis%20jalapa। আহৰণ কৰা হৈছে: 2012-07-31.
- ↑ "কেইবিধমান ফুলৰ ঔষধি গুণ". http://as.vikaspedia.in/health/ousadh/9859b89ae9f0-9ac9a89b79a79bf/9959c79879ac9bf9a79ae9be9a8-9ab9c19b29f0-9949b79a79bf-9979c19a3। আহৰণ কৰা হৈছে: বিকাশ পেডিয়া 2 মে' 2019.