গাঁওবুঢ়া (নাটক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গাঁওবুঢ়া পদ্মনাথ গোহাঞিবৰুৱাই লিখা এখন ধেমেলীয়া সামজিক নাটক৷ গাঁওবুঢ়া নাটক সম্পৰ্কে ড° মহেশ্বৰ নেওগে কৈছে, “সুলিখিত গ্ৰাম্য কমেডী’’, ড° হৰিশ্চন্দ্ৰ ভট্টাচাৰ্যই “কৰুণ ৰসসিক্ত সামাজিক নাট’’ আৰু ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে, “প্ৰহসনৰ লক্ষণ দুই এটা মিলে যদিও বেছিভাগ লক্ষণ লঘু কমেডীৰ লগতহে মিলে কাৰণে “গাঁওবুঢ়া’’ক কমেডী বুলিলে বোধকৰো ভুল নহ’ব৷’’[1] গোহাঞিবৰুৱাই নিজেও নাটকখনক ধেমেলীয়া নাটক বোলা নাই৷ নাটকৰ পাতনিত তেওঁ লিখিছে, “আধুনিক অসমীয়া সমাজৰ আদিছোৱাত চৰকাৰী কৰ্ম্মচাৰী গাঁওবুঢ়াৰ ’অনাহাৰী’ বিষয়ববীয়া খাটনি বিষয়ক ৰহস্যই এই লেখকৰ অন্তৰত, লৰাকালত সদায় কৌতুহল জন্মাইছিল৷ সেই ৰহস্যৰ আৰ্হি ৰাইজৰ আগত দাঙি ধৰাই এই সামাজিক নাটক লিখিবলৈ লোৱাৰ আগ উদ্দেশ্য৷’’[2]

নাটকৰ চৰিত্ৰ[সম্পাদনা কৰক]

নাটকখন মুঠ পাঁচটা অঙ্কত বিভক্ত৷ প্ৰধান মহিলা চৰিত্ৰ চাৰিগৰাকী; অমিলা, ৰংদৈ, জেতুকী আৰু ভেলেউকে ধৰি কেইবাগৰাকী লিগিৰী আৰু চাৰিজন গাঁওবুঢ়াৰ লগতে মৌজাদাৰ, মণ্ডল, থানাৰ দাৰোগা, মহকুমাৰ ইংৰাজ বিষয়া ইয়ং চাহাবকে ধৰি সৰু সৰু কেইবাটাও পুৰুষ চৰিত্ৰৰে পাঁচটা অঙ্কত কেইবাটিও দৃশ্যৰে বিভক্ত গাঁওবুঢ়া নাটকখন মুঠ বাসত্তৰ পৃষ্ঠাত ৰচনা কৰা হৈছে৷

বিষয়বস্তু[সম্পাদনা কৰক]

গাঁওবুঢ়া নাটকখন নাট্যকাৰ গোহাঞিবৰুৱাই বৃটিছৰ শাসনকালত “গাঁওবুঢ়া’’সকলৰ ক্ষেত্ৰত হোৱা লটিঘটি আৰু ঘৰুৱা জীৱনৰ দুশ-দুৰ্দশা কিছু হাস্যকৰ পৰিৱেশৰ মাজেৰে উপস্থাপন কৰিছে৷ নাটকৰ নায়ক ভোগমন আৰু নায়িকা ৰংদৈৰ সুখ-দুখৰ চিত্ৰই নাটখনিত প্ৰধানকৈ তুলি ধৰা হৈছে৷ ভোগমন বায়নৰ ল’ৰা আছিল যদিও কুলীৰ কাম কৰিবলগীয়া হোৱাত নিজৰ পৰিয়ালৰ মান ৰক্ষা কৰিবলৈ গাঁওবুঢ়াৰ বিষয়বাব ল’ব লগা হৈছিল৷ কিন্তু গাঁওবুঢ়া হোৱাৰ পিছত দিনে-ৰাতিয়ে অনাহাৰে খাটি থকাৰ পাছতো চাহাবৰ অৰ্দালী আদিৰ চক্ৰান্তত পৰি চাহাবৰ গালি খোৱা, ৰছদ তুলিবলৈ গৈ ৰাইজৰ নানা গালি-শপনি শুনিবলগীয়া হোৱা, ঘৰলৈ উভতি আহি আকৌ পত্নীৰ তিতা-কেঁহা মাত শুনা৷ ইমানৰ পাছতো ঘৰত দুবেলাদুসাজ খাবলৈ নাটে৷ শেষত খাজনা দিব নোৱৰা বাবে ভোগমনে ঘৰৰ সমস্ত বস্তু হেৰুৱাবলগীয়া হয়৷ [3]

চমু মূল্যায়ন[সম্পাদনা কৰক]

পদ্মনাথ গোহাঞিবৰুৱাৰ “গাঁওবুঢ়া’’ নাটকক বহু আলোচকে ধেমেলীয়া নাট আখ্যা দিলেও নাটখনিত পৰিৱেশন কৰা ’কমেডী’খিনিৰ মাজেৰে নাট্যকাৰে বৃটিছৰ শাসন কালৰ ’বেগাৰ ধৰা’ প্ৰথাৰ এটি কলাসুলভ সমালোচনা ফুটাই তুলিছে৷ গাঁওবুঢ়া হোৱাৰ পিছত ভোগমনে ভোগ কৰা দুৰ্দশাই চৰিত্ৰটি সাৰ্থক ট্ৰেজেডীৰ চৰিত্ৰলৈ লৈ গৈছে৷ আনহাতে, সাধাৰণ গ্ৰাম্য লোকৰ কথা-বতৰাৰে সহজ সৰল পৰিৱেশ অংকিত কৰি চৰিত্ৰসমূহক একো একোটা স্মাৰক চৰিত্ৰ হিচাপে অংকিত কৰিছে৷ [4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. চিন্তা-বিচিত্ৰা, মহিম বৰা, পৃ:নং; ৯৪, কিৰণ প্ৰকাশন৷ ১৯৮৯
  2. গাঁওবুঢ়া, পদ্মনাথ গোহাঞিবৰুৱা, মূল পাতনি, তৃতীয় সংস্কৰণ, ১৮৬০ শক
  3. পদ্মনাথ গোহাঞিবৰুৱাৰ “গাঁওবুঢ়া’’: এটি বিশ্লেষণাত্মক আলোচনা, ড° জুমি বৰুৱা, লেখিকা, সদৌ অসম লেখিকা সমাৰোহৰ বাৰ্ষিক মুখপত্ৰ, ২০১৭
  4. অসমীয়া সাহিত্যৰ ৰূপৰেখা, ড° মহেশ্বৰ নেওগ, পৃ:নং; ২৮৫, চন্দ্ৰ প্ৰকাশ, ১৯৯৫