সমললৈ যাওক

গান্ধী হিল, বিজয়বাড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজয়বাড়াত অৱস্থিত গান্ধী হিল

গান্ধী হিল অথবা গান্ধী পাহাৰ (ইংৰাজী: Gandhi Hill; উচ্চতা - প্ৰায় ৫০০ ফুট বা ১৫০ মিটাৰ) হৈছে বিজয়ৱাড়া ৰেল ষ্টেচনৰ পিছফালে তাৰাপেট অঞ্চলৰ বিজয়ৱাড়াত অৱস্থিত এটা পাহাৰ। এই পাহাৰত নিৰ্মিত গান্ধী স্মাৰকটো হৈছে দেশৰ ভিতৰতে প্ৰথম সাতটা স্তূপ থকা স্থাপত্য। পাহাৰটো গান্ধী নামেৰেও জনপ্ৰিয়।[1][2] পূৰ্বতে ইয়াক অ’আৰআৰ হিল নামেৰে জনা গৈছিল।[3]

গান্ধী স্মাৰক স্তূপ
গান্ধী পাহাৰত থকা শিলালিপি

গান্ধী পাহাৰক ভাৰতীয় স্বাধীনতা আন্দোলনৰ স্মাৰক হিচাপে গণ্য কৰা হয়। জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনাই এই স্মাৰকটি সজা হৈছে। গান্ধী হিল স্মৃতিসৌধত গান্ধীৰ বাণীৰ উদ্ধৃতিৰে এখন শিলৰ শ্লেব আছে। ইয়াত এটা পুথিভঁৰাল আৰু এটা প্লেনেটেৰিয়াম আছে, আৰু ই দৰ্শকসকললৈ ৰাষ্ট্ৰৰ পিতৃৰ ওপৰত এটা অনুষ্ঠান আগবঢ়ায়। ১৯৬৮ চনৰ ৬ অক্টোবৰত, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° জাকিৰ হুছেইনৰ দ্বাৰা ইয়াত এটা ৫২ ফুট (১৬ মিটাৰ) ওখ স্তূপ উন্মোচন কৰা হৈছিল। ইয়াত সাতটা ওখ স্তম্ভও আছে, প্ৰতিটো স্তম্ভ ১৫০ মিটাৰ (৪৯০ ফুট) ওখ।[2][4]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Places in vijayawada". touristlink. http://www.touristlink.com/india/gandhi-hill/overview.html আহৰণ কৰা হৈছে: 12 June 2014.
  2. 1 2 "Overview of hill". vijayawadaonline portal. Archived from the original on 4 July 2014. https://web.archive.org/web/20140704074843/http://vijayawadaonline.com/gandhi-hill.html আহৰণ কৰা হৈছে: 12 June 2014.
  3. "Information about Gandhi Hill". mapsofindia. http://www.mapsofindia.com/vijayawada/travel-attractions/gandhi-hill.html আহৰণ কৰা হৈছে: 12 June 2014.
  4. "Statues and structures on the hill". journeymart. http://www.journeymart.com/de/india/andhra-pradesh/vijayawada/gandhi-hill.aspx আহৰণ কৰা হৈছে: 12 June 2014.