গিয়াচুদ্দিন
Jump to navigation
Jump to search
গিয়াচুদ্দিন(১৬-১৭ শতিকা)ৰ পিতৃ আছিল আবুবকৰ। ১৬১৪ চনত ঢাকাৰ নবাবে হাজোৰ শাসনকৰ্তা পৰীক্ষিত নাৰায়ণক দমন কৰাৰ উদ্দেশ্যে সৈন্যদল পঠিয়াইছিল। সেই সৈন্যদলৰ অন্যতম সেনাপতি আছিল আবুবকৰ। গিয়াচুদ্দিনো আবুবকৰৰ লগতেই অসমলৈ আহিছিল। পৰীক্ষিতৰ লগত হোৱা যুদ্ধত হাজোত গিয়াচুদ্দিনৰ মৃত্যু ঘটিছিল। গিয়াচুদ্দিন এজন পণ্ডিত লোক আছিল। তেওঁৰ মৃত্যুস্থান হাজোত থকা তেওঁৰ সমাধিস্থলীয়ে পিছলৈ পোৱামক্কা নাম লৈ এক তীৰ্থস্থান হিচাপে প্ৰসিদ্ধি লাভ কৰে[1]।
তথ্য সমল[সম্পাদনা কৰক]
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৭১