পোৱামক্কা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পোৱামক্কা

পোৱামক্কা (ইংৰাজী: Powa Makkah) অসমকামৰূপ জিলাহাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান।[1] চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল।[2]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

জনশ্ৰুতি মতে মক্কাৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল। হাজোৰ গৰুড়াচলত মছজিদ স্থাপন কৰি দোৱা কৰাৰ সময়ৰে পৰা পোৱামক্কা হোৱা বুলি মানুহে কয়।[3] ইয়াৰ লগতে ইছলাম ধৰ্মালম্বী সকলে পোৱামক্কা দৰ্শন কৰিলে চৌদি আৰৱৰ পৱিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পুণ্য লাভ কৰে বুলি বিশ্বাস কৰে। ই হাজোৰ পঞ্চতীৰ্থৰ অন্যতম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পৱিত্ৰ ইছলাম ধৰ্মৰ উপাসনাস্থলী।

ইতিহাস[সম্পাদনা কৰক]

১১৯৩ খৃষ্টাব্দত ইৰাণৰ তাব্ৰিজত নগৰত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিন জন্ম হৈছিল।[4] তেওঁ তাব্ৰিজৰ বাদশ্বাহ আছিল। পিছলৈ তেওঁ চুফীবাদৰ প্ৰতি আকৃষ্ট হৈ নিজৰ পুত্ৰক সিংহাসনত বহুৱাই বাগদাদলৈ গৈ তাত পীৰ শ্বেখ ছাহাবুদ্দিন ছহৰৱাৰ্দীৰ আউলিয়া হিচাপে থাকে। পিছলৈ তেওঁ আবু ছাইদ তাব্ৰিজী আৰু আজমীৰলৈ গৈ খাজা মইনুদ্দিন চিস্তীৰ লগত যোগ দিছিল। পিছলৈ তেওঁ কেইবাজনো আউলীয়াক লগত লৈ ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ অসমলৈ আহি হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত উপাসনা স্থলী স্থাপন কৰে। ১৩৪৪ খৃ:ত গিয়াছুদ্দিনৰ মৃত্যুৰ পিছত গৰুড়াচলে পূৰ্বতকৈও অধিক গুৰুত্ব পালে।[4] ইয়াৰ নামনিৰ মাজাৰ বা দৰগাহ চোৱাচিতা কৰাৰ বাবে দৰগাহ ভূমিতে ফকিৰ আৰু পাইকসকলক স্থাপন কৰা হৈছিল। সেই গাওঁখন ফকিৰটোলা বুলি বৰ্তমান পৰিচিত। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল। ১৬৮২ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰাৰ পিছতো ইয়াৰ চোৱা-চিতা কৰিছিল। হাজোৰ পোৱামক্কা দৰগাহেই হ’ল অসমৰ সৰ্বপ্ৰথম মছজিদ।[4]

পৰ্যটন[সম্পাদনা কৰক]

হাজোৰ পোৱামক্কা এটি উল্লেখযোগ্য পৰ্যটনস্থলী।[5] ইছলাম ধৰ্মালম্বী সকলৰ বাবে ই অতি পৱিত্ৰ স্থান তদুপৰি অন্যান্য ধৰ্মৰ লোক সকলেও ইয়াক পৱিত্ৰ বুলি জ্ঞান কৰে।[6] প্ৰতি বছৰে অসম তথা ভাৰতৰ পৰা ইয়ালৈ তীৰ্থযাত্ৰীৰ আগমন হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ইয়াত চুফী সন্ত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিনৰ মৃত্যু তিথি ১৫ দিনীয়াকৈ উৰছ উৎসৱ হিচাপে পালন কৰা হয়। উৰছ উৎসৱত চুফী গীত, জিকিৰ আদি গাই আল্লাহ আৰু ইছলামৰ বাণী প্ৰচাৰ কৰা হয়। উৰছ উৎসৱৰ সময়ত পোৱামক্কাত মেলা বহে।

তথ্য উৎস[সম্পাদনা কৰক]