গুটিমালী ফুল
![]() |
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
গুটিমালী | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Lamiales |
পৰিয়াল: | Oleaceae |
গণ: | Jasminum |
প্ৰজাতি: | J. multiflorum |
বৈজ্ঞানিক নাম | |
Jasminum multiflorum (Burm. f.) Andrews |
গুটিমালী (বৈজ্ঞানিক নাম: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলুগুত "ছান্না জাজি মাল্লি" (సన్న జాజి మల్లి), বাংলাত কুন্দ আৰু সংস্কৃতত মেঘ মল্লিকা বোলে। ইংৰাজী ভাষাত ইয়াক সাধাৰণতে ষ্টাৰ জেছমিন (star jasmine)[1] বুলি কোৱা হয়৷
ভাৰতীয় পৌৰাণিক কাহিনীত কুন্দ ফুল বগা ৰঙৰ বাবে জনাজাত। গতিকে, সাধাৰণ পশ্চিমীয়া ‘বৰফৰ দৰে বগা’ (white as snow) বাক্যাংশৰ পৰিৱৰ্তে হিন্দু পৌৰাণিক কাহিনীত প্ৰায়ে ‘কুন্দৰ দৰে বগা’ বাক্যাংশ ব্যৱহাৰ কৰা হয়। লগতে ধুনীয়া বগা দাঁতবোৰক প্ৰায়ে কুন্দ কলিৰ লগত তুলনা কৰা হয়। বিষ্ণুৰ বাবে ইয়াক বিশেষভাবে পবিত্ৰ বুলি ধৰা হয়। মণিপুৰত কুন্দ ফুল উপাসনাত ব্যৱহাৰ কৰা হয়, আৰু বিবাহ অনুষ্ঠানৰ এক অপৰিহাৰ্য অংশ। কইনাই দৰাক দুধাৰী কুন্দ ফুলৰ মালা পিন্ধায়। তাৰপিছত দৰাজনে তাৰে এধাৰী মালা কইনাক পিন্ধায়।
বিতৰণ
[সম্পাদনা কৰক]গুটিমালী ফুল ভাৰত, নেপাল, ভূটান, লাউচ, বাৰ্মা, থাইলেণ্ড, আৰু ভিয়েটনামৰ স্থানীয় উদ্ভিদ। গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলত বহুলভাৱে ইয়াৰ খেতি কৰা হয়। সাধাৰণতে জেচমিনজাতীয় ফুলবোৰ আকৰ্ষণীয় আৰু তীব্ৰ সুগন্ধি ফুলৰ বাবে জনাজাত যদিও এই প্ৰজাতিৰ কোনো গোন্ধ নাথাকে। এই প্ৰজাতিটো ফ্ল'ৰিডা, চিয়াপাছ, মধ্য আমেৰিকা, কুইন্সলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ বহু অংশত প্ৰাকৃতিককৰণ কৰা বুলি কোৱা হয়।[1][2][3][4]
ব্যুৎপত্তি
[সম্পাদনা কৰক]ইংৰাজী জেচমিনিয়াম (Jasminum) শব্দটো আৰবী ياسمين য়াচেমিন (yasemin) শব্দটোৰ এটা লেটিনকৃত ৰূপ, যিয়ে মিঠা সুগন্ধিযুক্ত উদ্ভিদক বুজায়।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 USDA, ARS, Germplasm Resources Information Network. গুটিমালী ফুল in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 5 February 2012.
- ↑ Kew World Checklist of Selected Plant Families, Jasminum multiflorum
- ↑ "Jasminum multiflorum". Australian Plant Name Index (APNI), IBIS database. Centre for Plant Biodiversity Research, Australian Government, Canberra. Archived from the original on 17 May 2022. https://web.archive.org/web/20220517002752/https://www.anbg.gov.au/cgi-bin/apni?TAXON_NAME=Jasminum+multiflorum। আহৰণ কৰা হৈছে: 5 February 2012.
- ↑ Biota of North America Program, Jasminum multiflorum
- ↑ Gledhill, David (2008). "The Names of Plants". Cambridge University Press. আই.এচ.বি.এন. 9780521866453 (hardback), আই.এচ.বি.এন. 9780521685535 (paperback). pp 220
![]() |
ৱিকিমিডিয়া কমন্সত গুটিমালী ফুল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |