গুণাকৰ দেৱ গোস্বামী
| গুণাকৰ দেৱ গোস্বামী | |
|---|---|
| জন্ম | ১৯৬৯ চন গুৱাহাটী |
| পেচা | সহিত্যিক, নাট্যকাৰ |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | |
| নাগৰিকত্ব | ভাৰতীয় |
| উল্লেখযোগ্য বঁটা | সংগীত নাটক একাডেমী বঁটা (২০২২-২৩) |
| দাম্পত্যসংগী | সেউজপ্ৰিয়া বৰঠাকুৰ |
গুণাকৰ দেৱ গোস্বামী (ইংৰাজী: Gunakar Dev Goswami, ১৯৬৯-) এগৰাকী অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। তেখেতে এইচ. কানাইলাল, এইচ. সাবিত্ৰী দেৱী, ললিত চন্দ্ৰ নাথ ওজা আদিৰ পৰা নাটকৰ শিক্ষা লাভ কৰিছে। সত্ৰীয়া নৃত্য, অঙ্কীয়া ভাওনা আৰু ওজাপালি-দেওধনী আদি বিষয়তো শিক্ষা লাভ কৰিছে। তেওঁ ১৯৯১ চনত ‘পূৰ্বৰঙ্গ’ নামৰ এটি নাট্যানুষ্ঠানৰ আৰম্ভ কৰে।[1] এই নাট্যানুষ্ঠানৰ জৰিয়তে ভাওনা, ওজাপালি, নৃত্য আদিৰ শৈলীত তেখেতে বহুকেইখন নাটকৰ সম্পৰীক্ষা কৰিছে আৰু অসমৰ লগতে দেশ-বিদেশত নাটকৰ মঞ্চায়ন কৰিছে।[2] ২০২২-২৩ বৰ্ষৰ বাবে তেখেতে নাটক পৰিচালনাৰ বাবে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে।[3] অসমত প্ৰায় ৩৫ বছৰৰো অধিক কাল তেওঁ নাটকৰ ক্ষেত্ৰখনত কাম কৰি আহিছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁ নাটক মঞ্চস্থ কৰাৰ লগতে তেওঁৰ পৰিচালনাত নাটক মঞ্চস্থ হৈছে আৰু নাটকৰ কৰ্মশালা অনুষ্ঠিত হৈছে।[4]
জন্ম আৰু পৰিচয়
[সম্পাদনা কৰক]তেখেতৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১ অক্টোবৰ তাৰিখে গুৱাহাটী চহৰত। পিতৃৰ নাম যতীন গোস্বামী আৰু মাতৃৰ নাম কমলা গোস্বামী। পত্নীৰ নাম সেউজপ্ৰিয়া বৰঠাকুৰ।[1]
শিক্ষা
[সম্পাদনা কৰক]- তেখেতে নুনমাটি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পূব গুৱাহাটী হাইস্কুলত মাধ্যমিক শিক্ষা লাভ কৰে।
- ১৯৮৫ঃ পূব গুৱাহাটী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ।
- ১৯৮৭ঃ গুৱাহাটী কলেজত হায়াৰছেকেণ্ডৰী শিক্ষা লাভ।
- ১৯৯০ঃ বি. বৰুৱা কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী।
প্ৰকাশিত গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- অভিনয় চৰ্চা, পূৰ্বৰঙ্গ প্ৰকাশন, ২০১৯
- গুণাকৰ দেৱ গোস্বামীৰ পাঁচখন নিৰ্বাচিত নাটক, পূৰ্বৰঙ্গ প্ৰকাশন, ২০১৯
নাটক
[সম্পাদনা কৰক]তেখেতৰ দ্বাৰা ৰচিত আৰু প্ৰযোজিত কেইখনমান নাটকৰ নাম হ’ল- চিচিফাচ (১৯৯৪), জেৰেঙা (১৯৯৫), দেওধাই (১৯৯৭), বীৰাংগনা (২০০২), সতী (২০০৩), ৰত্নাকৰ (২০০৬), অভিজ্ঞানম (২০০৭), তুলা আৰু তেজা (১৯৯৮), সন্ত্ৰাস (১৯৯৮), শ্ৰীৰাম বিজয় (), অভিসাৰ (), হুইলচেয়াৰ (২০০২), ৰং আৰু পাপ (), লজ্জা (২০১৩) আদি।
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা, ২০২২-২৩
- অসম নাট্য সন্মিলনৰ ‘মহেন্দ্ৰ বৰঠাকুৰ ৰাজ্যিক বঁটা’, ২০২০
- তেজপুৰৰ বান থিয়েটাৰৰ ‘হেমন্ত কুমাৰ বৰুৱা ৰাজ্যিক বঁটা, ২০২২
- শিৱসাগৰ কমাৰ্চ কলেজৰ ‘সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা, ২০২৩
- মিনিষ্ট্ৰী অৱ কালচাৰ, ইণ্ডিয়াৰ ‘জে.আৰ. ফেল’শ্বিপ, ২০০১[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 প্ৰভাত ভূঞা (২০১৮). গুণাকৰ দেৱ গোস্বামী আৰু তেওঁৰ নাটক. পৃষ্ঠা. ১১.
- ↑ কাকতৰ সাংস্কৃতিক প্ৰতিনিধি (৮ এপ্ৰিল, ২০০৪). "ৰাজ্যৰ বাহিৰত প্ৰশংসিত ‘পূৰ্বৰংগ’ৰ নাট্য প্ৰযোজনা".
- ↑ "ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। দৈনন্দিন বাৰ্তা কাকত". https://www.dainandinbartagroup.in/sangeet-natak-akademi-awards-for-the-year-2022-23-announced-awards-to-several-eminent-personalities-of-assam/। আহৰণ কৰা হৈছে: 2 April 2024.
- ↑ Dept. Bureao (2018). Curtain Call! News Article. পৃষ্ঠা. 2.
- ↑ Meenakshi Gautam (2008). In Search of Roots.