গুণেশ্বৰী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুণেশ্বৰী দেৱী
জন্ম কলিয়াবৰ, নগাঁও
জনা যায় স্বাধীনতা সংগ্ৰামী
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী গণেশ বৰঠাকুৰ


গুণেশ্বৰী দেৱী (ইংৰাজী: Guneswari Devi) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিপ্লৱী৷ তেওঁ অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত কাৰাবৰণ কৰা প্ৰথম মহিলা৷[1] গুণেশ্বৰী দেৱীৰ স্বামী জখলাবন্ধাৰ গণেশ বৰঠাকুৰ, যি নিজেও এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁ তেওঁৰ দোকান তুলি দি সেই ঘৰটো “ভলণ্টিয়াৰ’’ কেম্প কৰিবলৈ সংগ্ৰামীসকলক এৰি দিছিল৷[2] ১৯২১ চনৰ অসহযোগ আন্দোলনৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলত বৃটিছ বিৰোধী সংগ্ৰাম প্ৰবলৰূপে গঢ়ি উঠে৷ এই সময়ছোৱাৰ পৰাই অসমীয়া মহিলা স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে৷ ইয়াৰ কাৰণ আছিল, গান্ধীজীৰ অসম ভ্ৰমণ৷ মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কালত অসমৰ নানা ঠাইত ঘূৰি অসমীয়া মহিলাক দেশৰ হকে জাগ্ৰত কৰিছিল৷ পৰৱৰ্তীকালত চন্দ্ৰপ্ৰভা শইকীয়ানী, গুণেশ্বৰী দেৱী আদি মহিলাসকলে অসমৰ মহিলাসকলক নেতৃত্ব দিছিল৷[3] গুণেশ্বৰী দেৱীয়ে তেজপুৰত হোৱা “বিদেশী বস্ত্ৰ ধ্বংস’’ কাৰ্যসূচীত স্বামীৰ সহযোগী হৈ গৈ ভাষণ প্ৰদান কৰি সেই সময়ৰ পৰাই আন্দোলনত জপিয়াই পৰে৷ তাৰপিছত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ আহ্বানত ঘৰে প্ৰতি এজনকৈ হ’লেও স্বেচ্ছাসেৱক যোগ দিয়াৰ আহ্বানত গুণেশ্বৰী দেৱীয়ে নিজৰ নাম স্বেচ্ছাসেৱকৰ তালিকাত অন্তৰ্ভূক্ত কৰে৷ আন্দোলনত স্বামী-স্ত্ৰী দুয়োজনেই জেল খাটিবলগীয়া হয়৷[2]

১৯৩০ চনৰ গান্ধীজীআইন অমান্য আন্দোলনৰ প্ৰভাৱ অসমৰ কলিয়াবৰতো পৰিছিল৷ লোণ আইন ভংগৰ বাবে সবৰমতী আশ্ৰমৰ পৰা ৭৮ জন স্বেচ্ছাসেৱক লৈ গান্ধীজীয়ে যাত্ৰা কৰোঁতে অসমৰ যোৰহাটৰ কৃষ্ণ শৰ্মাই গান্ধীজীৰ লগত পদযাত্ৰা কৰিছিল৷[4] সেইসময়ত অবিভক্ত নগাঁও জিলাৰ কংগ্ৰেছ নেতাসকলৰ কৰ্মভূমি আছিল কলিয়াবৰ৷ আইন অমান্য আন্দোলনে কলিয়াবৰতো তীব্ৰ ৰূপ ধাৰণ কৰিছিল৷ ইয়াৰ কাৰণ আছিল মহিলাসকলৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণ৷ গুজৰাটৰ মহিলাসকলৰ দৰে কলিয়াবৰতো দলে দলে মহিলাসকলে মানুহৰ ঘৰে ঘৰে গৈ কংগ্ৰেছৰ সংগঠন কৰি স্বাধীনতা আন্দোলন তীব্ৰতৰ কৰি তুলিছিল৷ গুণেশ্বৰী দেৱীৰ লগত গুণেশ্বৰী বৰদলৈ, মোহিনী গোহাঁই, পদুমী বৰা ভূঞা, মনেশ্বৰী নেওগ, সৰুমাই বৰুৱাবিলাতী বৰুৱা, ৰূপহী ভূঞা, অকণি কোচ আদি মহিলাসকলে গাঁৱে গাঁৱে ঘূৰি বিদেশী বস্ত্ৰ ত্যাগ কৰি খদ্দৰ প্ৰচলনৰ বাবে প্ৰচেষ্টা চলাইছিল৷ তেওঁলোকে গাঁৱে গাঁৱে যঁতৰত সূতা কটা, কাপোৰ বোৱা আদি প্ৰশিক্ষণ দি ফুৰিছিল৷ ১৯৩০ চনৰ ২৬ জানুৱাৰীত পূৰ্ণ স্বাধীনতাৰ দিন পালন কৰিবলৈ নগাঁৱৰ “জুবিলী পথাৰ’’ত পতাকা উত্তোলন কৰিবলৈ গুণেশ্বৰী দেৱীৰ নেতৃত্বত এটি শোভাযাত্ৰা কলিয়াবৰৰ জখলাবন্ধাৰ পৰা নগাঁৱলৈ খোজকাঢ়ি গৈছিল৷[4] এই আন্দোলনত তেখেতে তিনিমাহ কাৰবৰণ কৰিবলগীয়া হয়৷ পিছৰ ৪২’ৰ গণবিপ্লৱত গুণেশ্বৰী দেৱীয়ে এবছৰ জেল খাটে৷ গুণেশ্বৰী দেৱীৰ স্বামী গণেশ বৰঠাকুৰেও আন্দোলনৰ বাবে জেল খাটিবলগীয়া হৈছিল৷ গুণেশ্বৰী দেৱীয়ে পিছত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ লগত লগ হৈ অসমৰ আন আন ঠাইলৈও গৈ আন্দোলনত যোগ দিবলৈ মানুহক উৎসাহিত কৰিছিল৷[2]


তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2022-07-02. https://web.archive.org/web/20220702144525/https://monikut.com/2020/11/adarshabrati-sangbadik/। আহৰণ কৰা হৈছে: 2022-07-02. 
  2. 2.0 2.1 2.2 বৰা, লীলাধৰ (১৯৭৯). ঐতিহ্যমণ্ডিত কলিয়াবৰ. লয়াৰ্ছ বুক ষ্টল. 
  3. https://www.sarothiasom.in/2022/04/20/assamese-women-in-independence-movement/
  4. 4.0 4.1 শৰ্মা, ভূপেন (সম্পা:) (২০১৫). "স্বধীনতা আন্দোলনত কলিয়াবৰ (নৱ কুমাৰ ভূঞা)". মনপুৰ মৌচন্দা.