গুমৰাগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গুমৰাগ (ইংৰাজী: Gumrag) অসমত বাস কৰা মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য৷ মিছিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাংত এই নাচ নচা হয়৷ আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ৷ প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়৷[1] মিচিং ভাষাত ‘আলি’ৰ অৰ্থ হৈছে ‘বীজ’, ‘আঃয়ে’ মানে হৈছে ‘ফল’ আৰু ‘লৃগাং’ মানে হৈছে ‘সিঁচা’।[2][3] এই সময়তে, আহুধানৰ বীজ সিঁচাৰ শুভাৰম্ভণিৰ আলি আই লৃগাঙত গুমৰাগ নচা হয়৷ এই নাচক মিছিংসকলে “গুমৰাগ পাক্চ চঃনাম’’ বুলি কয়৷ নৰাছিগা বিহু বা পঃৰাগ উৎসৱতো গুমৰাগ নাচ পৰিৱেশন কৰা হয়৷[4][5] এই উৎসৱত মিছিংসকলে শস্য সিঁচাৰ আৰম্ভণিৰ উলাহতে সকলোৱে মিলিজুলি সমূহীয়াকৈ ভোজ-ভাত খাই নৃত্য-গীত পৰিৱেশন কৰে৷ ঘৰৰ গৃহস্থই আগবেলা পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰে আৰু ডেকাসকলে সন্ধিয়া ঘৰে ঘৰে গৈ ৰঙালী বিহুৰ হুঁচৰিৰ দৰে পদূলিয়ে পদূলিয়ে গুমৰাগ চঃমেন নৃত্য-গীত পৰিৱেশন কৰে টকা-সিকা বা খাদ্যসম্ভাৰ লৈ গৃহস্থই সেৱা কৰে৷ গুমৰাগ নাচৰ দলে গৃহস্থক বছৰটোলৈ আশীৰ্বাদ দিয়ে৷[3]

গীত-বাদ্য[সম্পাদনা কৰক]

গুমৰাগ নাচ ঐনিতমৰ সুৰৰ তালে তালে নচা হয়৷ গুমৰাগ নাচৰ ঐনিতমৰ উপৰি “লালে গীত’’ নামৰ এবিধ বৈশিষ্ট্যপূৰ্ণ ধৰ্মীয় গীতৰ প্ৰচলন আছিল৷ নতুন চামৰ মাজত এই গীতৰ প্ৰচলন কমি গৈছে৷[3] ইয়াৰ লগত সংগত কৰা বাদ্যসমূহ হ’ল, ঢোল, পেঁপা, গগণা, বৰকাঁহ, তাল আদি৷ জনবিশ্বাস প্ৰচলিত আছে যে, আলি আই লৃগাঙত গুমৰাগ নানাচিলে আৰু বৰকাঁহ নবজালে বৰষুণ নহয় আৰু শস্যৰ বীজ নগজে৷[4] সেয়ে, মিছিং ডেকা-গাভৰুৱে পথাৰত জাবৰ পুৰি, দলি-চপৰা ভাঙি, কোৰেৰে মাটি চহাই ঐনিতম গাই যায় আৰু গুমৰাগ নাচি আহুধানৰ বাবে ধৰালৈ বৰষুণ নমাই আনে৷[6] এই নৃত্যত পুৰণিকলীয়া লীনং আৰু মাৰাবাং নামৰ বাদ্যও সংগত কৰা হয়৷[5][3] গুমৰাগ নাচৰ ঢোলৰ চেওঁ হ’ল “গুমৰাগ গুমৰাগ, কাদু কাদু গুমৰাগ৷ আলি আই গুমৰাগ, কাদু কাদু গুমৰাগ’’৷[3]

সাজ-পাৰ[সম্পাদনা কৰক]

নাচত ডেকা-গাভৰু উভয়ে অংশগ্ৰহণ কৰাৰ উপৰি সকলো বয়সৰ লোকে নৃত্যস্থলীত সমবেত হয়৷ গুমৰাগ নাচত মিছিং ডেকাসকলে পুৰুষৰ জাতীয় সাজ মিবু গালোগ্[4] আৰু গনৰ, উগন দুমেৰ[1] নামৰ জাতীয় সাজ পিন্ধে আৰু গাভৰুসকলে মহিলাৰ মিছিং জাতীয় সাজ ৰিঃবি গাচেং, গাপা গাঃৰে আদি পৰিধান কৰে৷[4]

নৃত্য ভংগী[সম্পাদনা কৰক]

গুমৰাগ নাচ যিহেতু ঘাইকৈ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙত পৰিৱেশন কৰা হয়, সেয়ে এই নৃত্যৰ ভংগীমায়ো কৃষিৰ বিভিন্ন কৰ্মক প্ৰকট কৰে৷ নাচৰ ভংগীত মাটি চহ কৰা, কঠিয়া তোলা, ভূঁই ৰোৱা, তাঁত বোৱা, ধান কটা, শস্য পথাৰত হালি-জালি থকা, কুলাৰে ধান জৰা আদি কথা বৰ্ণিত হয়৷[4] এনে ধৰণৰ মুদ্ৰাক মিছিং ভাষাত “দাকেঃ-কেঃনাক’’ বুলি কোৱা হয়৷[5] গাঁৱৰ কোনো মুখীয়াল মানুহ এঘৰত গুমৰাগ নাচৰ আৰম্ভণি কৰা হয় আৰু তাৰ পাছত ঘৰে ঘৰে পৰিৱেশন কৰে৷ এই নৃত্যত গীততকৈ নাচৰ প্ৰাধান্য বেছি৷ ডেকা-গাভৰু আটায়ে শাৰী শাৰীকৈ বৃত্তাকাৰে থিয় দি নাচে৷ কোৱা হয় যে, লৃগাঙত নচা নৃত্য গীতৰ সৈতে সংগত কৰা গীত আৰু ঢোলৰ চেওঁ তেওঁলোকে আন উৎসৱ পাৰ্বনত ব্যৱহাৰ নকৰে৷ গুমৰাগ নাচ উৰ্বৰতা বৃদ্ধি আৰু ঐন্দ্ৰজালিক ক্ৰিয়াৰে সমৃদ্ধ৷[7]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "আলি আই লৃগাং". https://niyomiyabarta.com/assam/today-ali-aaye-ligang/। আহৰণ কৰা হৈছে: 23 February 2024. 
  2. "আলি আই লৃগাং আৰু গুমৰাগ". https://blog.mygov.in/%E0%A6%AE%E0%A6%BF%E0%A6%9A%E0%A6%BF%E0%A6%82-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0-%E0%A6%89%E0%A6%B2%E0%A6%BE%E0%A6%B9%E0%A7%B0-%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A7%B1-%E0%A6%86%E0%A6%B2/। আহৰণ কৰা হৈছে: 23 February 2024. 
  3. 3.0 3.1 3.2 3.3 3.4 পেগু, গণেশ (১৯৯৬). ৰহণীয়া মিচিং সমাজ আৰু ভাষা সংস্কৃতিৰ গতিবিধি. পৃষ্ঠা. ৩১. 
  4. 4.0 4.1 4.2 4.3 4.4 "গুমৰাগ নৃত্য". https://pratyahban.in/ali_aai_ling। আহৰণ কৰা হৈছে: 23 February 2024. 
  5. 5.0 5.1 5.2 "বিশ্ৰামমূলক নাচ". https://thecriticalscript.com/article-details/mising-tribe-gumrag-and-bishrammulok-dance। আহৰণ কৰা হৈছে: 23 February 2024. 
  6. পেগু, গণেশ (১৯৯৬). ৰহণীয়া মিচিং সমাজ আৰু ভাষা সংস্কৃতিৰ গতিবিধি. পৃষ্ঠা. ২৯. 
  7. "আলি আই লৃগাঙৰ তাৎপৰ্য". https://dipr.assam.gov.in/sites/default/files/swf_utility_folder/departments/dipr_webcomindia_org_oid_4/this_comm/issue_17_part_1.pdf। আহৰণ কৰা হৈছে: 23 February 2024.