সমললৈ যাওক

গোবিন্দ মিশ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোবিন্দ মিশ্ৰ
জন্ম খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত
অসম
মৃত্যু সপ্তদশ শতিকাৰ আদি ভাগ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

গোবিন্দ মিশ্ৰ (ইংৰাজী: Govinda Mishra) ভট্টদেৱৰ সমসাময়িক পণ্ডিত আছিল।

খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত গোবিন্দ মিশ্ৰৰ জন্ম হয়। তেখেতৰ জন্মস্থানৰ বিষয়ে সঠিক সংবাদ পোৱা নাযায়।

বংশ পৰিচয়

[সম্পাদনা কৰক]

গোবিন্দ মিশ্ৰৰ বংশ পৰিচয়ৰ বিষয়ে সঠিক সংবাদ পোৱা নাযায়। কোনোৰ মতে এওঁ গোপল আতাৰপৰা ধৰ্মধৰা আঁহতগুৰিৰ শ্ৰীৰাম আতাৰ পিতৃ; এই মতে গোবিন্দ মিশ্ৰৰ পিতৃৰ নাম তাৰাপতি,পিতামহ কলাপচন্দ্ৰ; কিন্তু এই বংশ পৰিচয় বিশ্বাসযোগ্য নহয়। অন্যহাতে তেওঁ কামৰূপৰ বৰ্তমান হালধিবাৰী সত্ৰৰ গোসাঁই-বংশৰ পূৰ্ব পুৰুষৰ এজন; কিন্তু এই সত্ৰ হৰিদেৱী সত্ৰ। জাগাৰাসত্ৰ স্থাপন কৰা হৰিমিশ্ৰৰ এওঁ পুতেক আছিল। হৰিদেৱী শাখাৰ লগত সম্বন্ধ মানি ললে ভট্টদৱৰ শিষ্যত্ব স্বীকাৰ কৰিবলৈ টান হয়। গতিকে গোবিন্দ মিশ্ৰৰ সঠিক পৰিচয় অস্পষ্ট হৈ আছে।[1]

সাহিত্যৰাজি

[সম্পাদনা কৰক]

গোবিন্দ মিশ্ৰই ভট্টদেৱৰ ভক্তিবিৱেক নামৰ সংস্কৃত গ্ৰন্থখন পদলৈ অনুবাদ কৰিছিল। ভট্টদেৱৰ সংস্কৃত ভক্তিতত্ত্ব সম্প্ৰৰ্কীয় সংগ্ৰহ গ্ৰন্থ 'ভক্তিবিৱেক'ৰ প্ৰাঞ্জল পদানুবাদ গোবিন্দ মিশ্ৰৰ অন্যতম কৃতি।[2] শংকৰী,ভাস্কৰী,হনুমন্তী আৰু আনন্দগিৰিৰ টীকা আলোচনা কৰি পদগীতা সৰল আৰু প্ৰাঞ্জল অসমীয়া পদত ৰচনা কৰে।

গোবিন্দ মিশ্ৰৰ মৃত্যুৰ বিষয়ে কোনো সঠিক তথ্য পোৱা নাযায়। তেওঁ সপ্তদশ শতিকাৰ আদি ভাগলৈকে জীৱিত আছিল বুলি অনুমান কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা-ড°সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ ২০১৮,পৃষ্ঠা নং-১৭০
  2. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা-ড°সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ ২০১৮,পৃষ্ঠা নং-১৭১