গোলাপী উইণ্ডমিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোলাপী উইণ্ডমিল (Rose Windmill)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Byasa
প্ৰজাতি: B. latreillei
বৈজ্ঞানিক নাম
Byasa latreillei[1]
(Donovan, 1826)[1]

গোলাপী উইণ্ডমিল (ইংৰাজী: Rose windmill, বৈজ্ঞানিক নাম:Byasa latreillei) এছিয়াৰ বিভিন্ন দেশত দেখা পোৱা এবিধ পখিলাৰ প্ৰজাতি৷ ই Byasa গোত্ৰৰ অন্তৰ্ভুক্ত আৰু চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ ভিতৰত অন্যতম৷

বিৱৰণ[সম্পাদনা কৰক]

গোলাপী উইণ্ডমিল পখিলাৰ পাখিৰ দৈৰ্ঘ্য : ১১০-১৩০ মিমি৷ ইয়াৰ মতা আৰু মাইকী পখিলা দেখাত প্ৰায় একে হয়৷ মতা পখিলাটোৰ ওপৰৰ পাখিৰ বৰণ শেঁতা মুগা-ক'লা হয়৷ তলৰ অংশ প্ৰায় একে ৷ ইয়াৰ এন্টেনা গাঢ় মুগা বৰণীয়া, মূৰ আৰু বুকু অংশ গাঢ় ৰঙা (crimson) হোৱা দেখা যায়৷ দেহৰ বাকী অংশ ক'লা হয়৷

মাইকী পখিলাজনী প্ৰায় একেধৰণৰ,দেহৰ বৰণ কেৱল কিছু শেঁতা হয়৷ ইয়াৰ পিছফালৰ পাখিত থকা গাঢ় ৰঙা আৰু বগা দাগবোৰ মতা পখিলাটোতকৈ কিছু ডাঙৰ হয়৷ [2]

টেক্স'নমি[সম্পাদনা কৰক]

গোলাপী উইণ্ডমিল পখিলাৰ তিনিবিধ উপ-প্ৰজাতি পোৱা যায়৷ ইয়াৰে তলত উল্লেখ কৰা প্ৰজাতি দুটা ভাৰতত দেখিবলৈ পোৱা যায়-

  • B. latreillei latreillei - গড়ৱালৰ পৰা ছিক্কিমলৈকে৷
  • B. latreillei kabrua -অসমৰ পৰা উত্তৰ ম্যানমাৰ পৰ্যন্ত

বিতৰণ[সম্পাদনা কৰক]

আফগানিস্তান, পাকিস্তান, উত্তৰ ভাৰত, নেপাল, ভূটান, উত্তৰ ম্যানমাৰ, দক্ষিণ চীন আৰু উত্তৰ ভিয়েটনামত এই পখিলাবিধ দেখিবলৈ পোৱা যায়৷ ভাৱতবৰ্ষত ইয়াক উত্তৰাখণ্ড, ছিক্কিম, অসম, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰত পোৱা যায়৷

জীৱন-চক্ৰ[সম্পাদনা কৰক]

  • কণী -
  • পলু - গোলাপী উইণ্ডমিল পখিলাৰ পলুৰ বৰণ মুগা বা শেঁতা বেঙুণীয়া হ'ব পাৰে৷ পলুৰ মুৰ অংশ জিলিকা ক'লা বৰণৰ আৰু গোটেই দেহটোত বগা বৰণৰ আঁচ থাকে৷
  • লেটা- ইয়াৰ লেটাৰ বৰণ কমলা ৰঙচুৱা হয়৷ তুলনামূলকভাৱে ইয়াৰ দেহটো ডাঙৰ৷

আচৰণ[সম্পাদনা কৰক]

এই পখিলাবিধক মেৰ পৰা জুন মাহলৈকে সততে দেখা পোৱা যায়৷ ই সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ৭০০০-৯০০০ ফুট পৰ্যন্ত অন্তৰ্ভুক্ত অঞ্চলত বাস কৰে ৷ ইয়াৰ পোষক উদ্ভিদ হ'ল- Nepenthes জাতীয় উদ্ভিদ সমূহ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Häuser, Christoph L.; de Jong, Rienk ; Lamas, Gerardo ; Robbins, Robert K.; Smith, Campbell & Vane-Wright, Richard I. (28 July 2005). "Papilionidae – revised GloBIS/GART species checklist (2nd draft)". Entomological Data Information System. Staatliches Museum für Naturkunde Stuttgart, Germany. Archived from the original on 9 September 2010. https://web.archive.org/web/20100909141739/http://www.insects-online.de/frames/papilio.htm। আহৰণ কৰা হৈছে: 21 June 2013. 
  2. Bingham, C. T. 1907. Fauna of British India. Butterflies. Volume 2
  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.