গৌৰী মা
গৌৰী মা (ইংৰাজী: Gauri Ma, ১৮৫৭ ফেব্ৰুৱাৰী – ১ মাৰ্চ ১৯৩৮)ৰ জন্মতে নাম ৰখা হৈছিল মৃদাণী৷[1] তেখেত ৰামকৃষ্ণ পৰমহংসৰ এগৰাকী প্ৰসিদ্ধ শিষ্যা, সাৰদা দেৱীৰ সতীৰ্থ আৰু কলিকতাত স্থাপিত হোৱা সাৰদেশ্বৰী আশ্ৰমৰ প্ৰতিষ্ঠাতা৷[2]
দক্ষিণেশ্বৰত থকাৰ সময়ত শ্ৰীৰামকৃষ্ণই গৌৰী মাক সন্যাসিনীৰ গেৰুৱা পোছাক প্ৰদান কৰিছিল আৰু পৰম্পৰাগত বিধিসমূহ আয়োজন কৰাত সহযোগিতা আগবঢ়াইছিল৷ শ্ৰীৰামকৃষ্ণই নিজে আগবাঢ়ি আহি হোমাগ্নিত বেলপত্ৰ প্ৰদান কৰিছিল৷ ইয়াৰ পূৰ্বে গৌৰী মাই সন্যাসিনীৰ গেৰুৱা পোছাক পৰিধান কৰিছিল আৰু ইয়াৰ জৰিয়তে তেখেতে সাংসাৰিক আৰু বিষয়বাদী জীৱন পৰিত্যাগ কৰাৰ চিন্তাটো স্পষ্ট কৰিছিল৷ অৱশ্যে তেখেতে কোনোধৰণৰ আনুষ্ঠানিক শপত গ্ৰহণ কৰা নাছিল৷ ৰামকৃষ্ণৰ পৃষ্ঠপোষকতাতহে এই কাৰ্য সঠিকভাৱে সম্পন্ন হৈছিল আৰু তেখেতৰ নামটো 'গৌৰীনন্দা' ৰখা হৈছিল৷ শ্ৰীৰামকৃষ্ণই তেখেতক গৌৰী বা গৌৰীদাসী বুলি মাতিছিল৷ আনহাতে একাংশ মানুহে তেখেতক গৌৰমা বুলি কৈছিল৷ গৌৰীমা নামেৰেহে তেখেতক অধিক পৰিচিত৷[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ভাৰতৰ হাওৰাস্থিত শিৱপুৰত গৌৰী মাৰ জন্ম হৈছিল৷ শিশু অৱস্থাতেই তেখেত হিন্দু ধৰ্মৰ আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হৈছিল৷ তেৰ বছৰ বয়সত, গৌৰী মায়ে বিবাহবিৰোধী ধাৰণা এটা গঢ়ি তুলিলে৷ তেখেতে মাতৃক ক'লে-"মই এনে এগৰাকী মানুহৰ লগতহে বিয়া হ'ম, যি অমৰ৷" ইয়াৰ অৰ্থ আছিল এয়ে যে, তেখেতে কেৱল কৃষ্ণৰ লগতহে বিয়াত বহিব৷ [4]
কিশোৰী অৱস্থাত গৌৰী মায়ে এগৰাকী যোগিনীৰ পৰা শ্ৰীকৃষ্ণৰ শিলৰ মূৰ্তি এটা লাভ কৰিছিল৷ এইগৰাকী যোগিনীয়ে তেখেতক কৈছিল-"ঈশ্বৰৰ এই ছবিখনেই মোৰ বাবে সৰ্বস্ব আৰু এই ছবিখন স্বৰ্গীয় শক্তিৰে জীৱন্ত হৈ আছে৷ তেওঁ তোমাৰ প্ৰেমত পৰিছে, আৰু সেইবাবে এইখন তোমাক দিলোঁ৷ তুমি তেওঁক পূজা কৰি থাকিবা৷ তোমাৰ ভাল হ'ব৷ "[5] গৌৰী মায়ে এই উপহাৰটো গ্ৰহণ কৰিলে আৰু শ্ৰীকৃষ্ণকে নিজৰ স্বামী হিচাপে গণ্য কৰিলে৷ জীৱনৰ পৰৱৰ্তী সময়ছোৱাতো গৌৰী মায়ে এই শিলৰ মূৰ্তিটো কঢ়িয়াই ফুৰিছিল আৰু মূৰ্তিটোৰ পৰিচৰ্যা কৰিছিল৷ ঘোলা নামৰ ঠাইত অতি কম বয়সতে গৌৰী মায়ে শ্ৰী ৰামকৃষ্ণৰ দীক্ষা লাভ কৰিছিল৷ [6]
১৮৭৫ চনত গৌৰী মায়ে তেখেতৰ পৰিয়াল আৰু আপোনজনৰ লগত গংগাসাগৰলৈ তীৰ্থভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা কৰে৷ যাত্ৰাৰ তৃতীয়টো দিনত তেখেত তীৰ্থযাত্ৰীৰ এটা বৃহৎ সমদলৰ মাজত ইচ্ছাকৃতভাৱেই লুকাই যায়৷ মানুহৰ চকুত ধৰা নিদিবলৈ তেখেতে এগৰাকী সাধ্বীৰ ভেশ ধৰে৷ ইয়াৰ পিছত তেখেতে ৰে'লযাত্ৰা আৰু পদযাত্ৰাৰে একাধিক তীৰ্থস্থান আৰু পবিত্ৰ স্থান দৰ্শন কৰে৷ তীৰ্থভ্ৰমণৰ সময়ছোৱাত গৌৰী মাই উপবাস, নিৰৱতা পালন, যোগাভ্যাসকে ধৰি হিন্দুধৰ্মৰ লিপি অধ্যয়নত মনোনিৱেশ কৰে৷ [7]
ৰামকৃষ্ণ আৰু সাৰদা দেৱী
[সম্পাদনা কৰক]গৌৰী মায়ে ৰামকৃষ্ণৰ পত্নী সাৰদা দেৱীৰ এগৰাকী সতীৰ্থ বা সংগী হিচাপে দক্ষিণেশ্বৰত থকা ভালেমান সময় অতিবাহিত কৰিছিল৷ কোনোবা সময়ত তেখেতে ৰামকৃষ্ণৰ বাবে আহাৰো প্ৰস্তুত কৰিছিল আৰু গীত পৰিৱেশন কৰিছিল৷ [8]
ৰামকৃষ্ণই গৌৰীমাক তীৰ্থযাত্ৰীৰ জীৱনৰ অৱসান ঘটাই ভাৰতীয় নাৰীৰ উৎকৰ্ষ সাধনৰ হকে কাম কৰিবলৈ উৎসাহিত কৰিছিল৷ ভাৰতীয় নাৰীৰ অৱস্থা দুৰ্দশাৰে ভৰা আছিল আৰু ৰামকৃষ্ণই বিচাৰিছিল যে গৌৰীমাই তেওঁলোকৰ শিক্ষা আৰু প্ৰগতিৰ গতি প্ৰাণৱন্ত কৰিবলৈ বৌদ্ধিকভাৱে আৰু আধ্যাত্মিকভাৱে কাম কৰক৷ গৌৰীমাই ইয়াৰ প্ৰতিবাদ কৰিছিল৷ তেওঁ যুক্তি দৰ্শাইছিল যে-এনে এটা কৰ্মত জড়িত হ'বলৈ তেওঁৰ কোনো প্ৰশিক্ষণ অথবা আনুষ্ঠানিক শিক্ষা নাই৷ ৰামকৃষ্ণই উত্তৰ দিছিল, "মই জলদান কৰিছোঁ৷ তুমি বোকা মৰ্দন কৰা৷"[9]
সাৰদেশ্বৰী আশ্ৰম
[সম্পাদনা কৰক]১৮৯৫ চনত গৌৰী মাৰ নেতৃত্বত সাৰদেশ্বৰী আশ্ৰম আৰম্ভ হৈছিল৷ অবিবাহিত, বিবাহিত আৰু বিধৱা মহিলাৰ বাবে আৱাসগৃহ, বোৰ্ড আৰু নিৰ্দেশনা আছিল সম্পূৰ্ণ বিনামূলীয়া৷ আবেলি পৰত গাঁৱলীয়া ছোৱালীবোৰো আহিছিল৷ আমেৰিকা ভ্ৰমণৰ পৰা আহি স্বামী বিবেকানন্দই এই আশ্ৰম দৰ্শন কৰে আৰু গৌৰীমাক উদ্দেশি কয় যে- "পাশ্চাত্যৰ মানুহক মই তোমাৰ কথা কৈছোঁ৷ তোমাক মই তালৈ লৈ যাম আৰু তেওঁলোকক দেখুৱাম যে-ভাৰতত কেনেধৰণৰ মহিলাৰ জন্ম হয়৷ (“I have talked to the western people about you, and shall take you there and show them what the type of women India can produce.”)[10]
১৯১১ চনত এই আশ্ৰমখন কলিকতালৈ স্থানান্তৰিত হয়৷ সাৰদা দেৱীয়ে প্ৰায়েই এই আশ্ৰমখন ভ্ৰমণ কৰিছিল৷ আশ্ৰমত থকা নিৱাসীসকলে তেওঁৰ পৰা অনুপ্ৰেৰণা পাইছিল৷ তেৰ বছৰ পৰ্যন্ত এই আশ্ৰমখন ভাড়াগৃহত আছিল৷ অৱশেষত কিছু দান-বৰঙণি সংগ্ৰহ হোৱাৰ পাছত ১৯২৪ চনত এটা তিনি-মহলীয়া অট্টালিকাত বৰ্তমানৰ ঠাইত এই আশ্ৰমখন স্থায়ীভাৱে গঢ়ি উঠে৷[11]
শিক্ষাৰ ধাৰণা
[সম্পাদনা কৰক]গৌৰী মাৰ মতে, শিক্ষা একধৰণৰ ৰাষ্ট্ৰীয় কৰ্তব্য৷ তেওঁ কৈছিল, যদিহে নাৰীৰ শিক্ষা অৱহেলা কৰা হয়, তেন্তে সমগ্ৰ ৰাষ্ট্ৰই ইয়াৰ দুৰ্ভোগ ভুগে৷ সাৰদেশ্বৰী আশ্ৰমত সেয়েহে শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল৷ শিক্ষক নিৰ্বাচন কৰোঁতে গৌৰীমাই যথেষ্ট সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰিছিল৷ তেওঁলোক হ'ব লাগিব, সৰল, পৱিত্ৰ মনৰ, উচ্চ চিন্তাৰ আৰু নাৰীৰ প্ৰগতিৰ প্ৰতি উৎসৰ্গীকৃত ভাৱধাৰাৰ৷ সাৰদেশ্বৰী আশ্ৰমৰ চাৰিটা মূল উদ্দেশ্য আছিল-১.হিন্দুত্ববাদ আৰু সমাজৰ ভাৱধাৰাৰ আলমত নাৰীৰ মাজত শিক্ষাৰ প্ৰচলন কৰা; ২. নাৰীসকলক আশ্ৰমৰ হকে কাম কৰিবলৈ উদ্বুদ্ধ কৰা; ৩. অভাৱগ্ৰস্ত কিন্তু সন্মানীয় পৰিয়ালৰ ছোৱালী বা বিধৱাসকলক আশ্ৰয়দান কৰা; ৪. নাৰীসকলক শালীন আৰু সুস্থিৰ জীৱন একোটা যাপন কৰিবলৈ সহায় কৰা৷ [12]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Swami Mumukshananda (1997), Great Women of India, Published by Advaita Ashrama, আই.এচ.বি.এন. 81-85301-30-1
- ↑ Sri Sarada Devi – The Great Wonder (1984), published by Advaita Ashrama, Calcutta, আই.এচ.বি.এন. 81-85301-57-3
- ↑ Sannyasini Gauri Mata Puri Devi, A Monastic Disciple of Sri Ramakrishna (1995,2007), By Swami Shivatatvananda, Published by Mothers Trust Mothers Place, Ganges, Michigan, আই.এচ.বি.এন. 978-1-4257-3539-5
- ↑ Swami Mumukshananda (1997), Great Women of India, Published by Advaita Ashrama, আই.এচ.বি.এন. 81-85301-30-1
- ↑ Durga Puri Devi (1955), Gauri-ma, Published by Saradeswari Ashram, Calcutta
- ↑ Swami Chetanananda (1989), They Lived With God, Published by the Vedanta Society of St. Louis, আই.এচ.বি.এন. 0-916356-61-2
- ↑ Swami Chetanananda (1989), They Lived With God, Published by the Vedanta Society of St. Louis, আই.এচ.বি.এন. 0-916356-61-2
- ↑ Durga Puri Devi (1955), Gauri-Ma, Published by the Saradeswari Ashram, Calcutta
- ↑ Subrata Puri Devi (1996), Durga-Ma, The Only Sannyasini Disciple of Sri Sri Sarada Devi, Published by Saradeswari Ashram, Calcutta
- ↑ Gauri-Mata, Published by the Saradeswari Ashram, Calcutta
- ↑ Gauri-Mata, Published by the Saradeswari Ashram, Calcutta
- ↑ Gauri-Mata, Published by the Saradeswari Ashram, Calcutta