চ'ৰে পূজাৰ গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

চ'ৰে পূজাৰ গীত হ'ল অসমহাজো অঞ্চলত প্ৰচলিত এটি পৰম্পৰাগত নাৰীকেন্দ্ৰিক উৎসৱ চ'ৰে পূজাত গোৱা গীত।[1] কুমাৰী ছোৱালীহঁতে একোজন সুস্থ-সৱল স্বামী লাভৰ মানসেৰে এই পূজা কৰে। চ'ৰে পূজাৰ গীতসমূহ হাজো অঞ্চলৰ নাৰীসকলৰ একচেতীয়া সম্পদ। গীতসমূহ নাৰী হৃদয়ৰ আনন্দ-ব্যথা, বিশ্বাস-আস্থা, সাহস আৰু সৌন্দৰ্য্যৰ প্ৰতীক। ইয়াক বিয়া নামৰ গীতৰ দৰে পৰিৱেশন কৰা হয় কাৰণ ইয়াৰ সুৰ, তাল-মান বিয়া নামৰ গীতৰ দৰে। বিয়া নামৰ পানী-তোলা, কইনা-নোওৱা আদিৰ দৰে চ'ৰে পূজা অনুষ্ঠানৰ ভিন-ভিন অংশৰ লগত সংগতি ৰাখি ভিন-ভিন গীত পৰিৱেশন কৰা হয়। গীতবোৰে সহজে শ্ৰোতাৰ মন চোৱে। গীতবোৰৰ মূল আকৰ্ষণ হৈছে ইয়াৰ ছন্দসজ্জা।[2][3][4]

চ'ৰে পূজাৰ গীতৰ ভাগসমূহ[সম্পাদনা কৰক]

শৰৈফুল সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত গোৱা গীত[সম্পাদনা কৰক]

শৰৈফুল হ'ল এপাহ দেখাত ধুনীয়া ফুল। ই ৰঙা বা কমলা ৰঙৰ। কেৱল চ'ৰে পূজাত হে শৰৈফুল ব্যৱহৃত হয়। সেয়ে গাভৰুহঁতে পূজাত আগবঢ়াবলৈ শৰৈফুল আনিবলৈ পাহাৰলৈ যায় আৰু গোপনে এই ফুল সংগ্ৰহ কৰে। ফুল তুলিবলৈ যোৱাৰ সময়ত গাভৰুহঁতে দায়-দোষ নালাগিবলৈ গীত গায়। এই গীত চ'ৰৈ পূজাৰ অংশ।[2]

শুভেৰী তৈয়াৰ কৰাৰ সময়ত গোৱা গীত[সম্পাদনা কৰক]

শুভেৰী হ'ল চ'ৰৈ পূজাৰ এটি অত্যাৱশ্যকীয় সামগ্ৰী। কল পটুৱাৰ ডোঙত শলা মাৰি ৰঙীণ কাগজ আৰু ফুল পাতেৰে সজাই শুভেৰী নিৰ্মাণ কৰা হয়। ইয়াক চৰাই বাঁহৰ দৰে সাজি উলিওৱা হয়। শুভেৰী হ'ল গাভৰুহঁতৰ স্বামী গৃহৰ প্ৰতীক। য'ত তেওঁলোকে চৰাইৰ দৰে পৰম নিৰ্ভয়েৰে বাস কৰে। শুভেৰী তৈয়াৰ কৰিবৰ সময়ত ছোৱালীহঁত উপবাসে থাকি কিছুমান গীত গায়।[2]

চৰাইবোৰত ৰং দিয়া সময়ত গোৱা গীত[সম্পাদনা কৰক]

চ'ৰৈ পূজাৰ বাবে মাটিৰে কিছুমান চৰাই নিৰ্মাণ কৰা হয়। এই মাটি লখাইতৰা নদীৰ বুকুৰপৰা সংগ্ৰহ কৰা হয়। চৰাইবোৰত বগা, ক'লা, সেউজীয়া, হালধীয়া বা নীলা ৰং বোলোৱা হয়। এই ৰং হালধিৰ গুড়ি, পূৰৈ শাকৰ গুটি, উৰহী পাতৰ ৰস, চূণ, নীল অথবা চৰুৰ ছাই মিঠাতেলত মিহলাই প্ৰস্তুত কৰা হয়।[2] পূজাৰ সময়ত চৰাইবোৰ ৰং দি চকুতলগা কৰিবৰ সময়ত কিছুমান গীত গোৱা হয়। এই গীত চ'ৰে পূজাৰ অংশ।[1]

মণ্ডপ বা বেদী সজোৱাৰ সময়ত গোৱা গীত[সম্পাদনা কৰক]

পূজাৰ মণ্ডপ সজোৱাৰ সময়তো গীত পৰিৱেশন কৰা হয়।

মাজ নিশা গোৱা খিচা গীত বা নিন্দা গীত[সম্পাদনা কৰক]

পূজা শেষ কৰি পুৰোহিত যোৱাৰ পাছত মাজ নিশা হাঁহি-তামাচা কৰাৰ উদ্দেশ্যে এই গীতবোৰ গোৱা হয়। এই গীত সমূহ কৃষিভিত্তিক।[2]

শুভেৰী বিসৰ্জনৰ সময়ত গোৱা গীত[সম্পাদনা কৰক]

পূজাৰ শেষত শুভেৰী বিসৰ্জন কৰা হয়। দোকমোকালিতে নদীৰ পানীত শুভেৰী উটুৱাই দিবলৈ আহোঁতে আয়তীসকলে গীত গায়।

চ'ৰে পূজাৰ গীতৰ মূল আকৰ্ষণ হৈছে ইয়াত ব্যৱহৃত থলুৱা ভাষা। হাজো অঞ্চলৰ ভাষিক বৈশিষ্ট্য এই গীতসমূহৰ মাজেৰে প্ৰকাশ পাইছে।[2][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 দয়াল কৃষ্ণ বৰা (ফেব্ৰুৱাৰী, ১৯৯৯). হাজোৰ বুৰঞ্জী. শ্ৰী অশোক হাতখোৱা, হাজো. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 ড॰ পংকজ নমঃশূদ্ৰ (২০১৮). অসমৰ লোক পৰিৱেশ্য কলা. পূৰ্বায়ণ প্ৰকাশন. পৃষ্ঠা. ১০৫-১২২. ISBN ৯৭৮-৯৩-৮৮৫৯৩-১৭-৫. 
  3. সমীন কলিতা (২০০৭). হাজো অঞ্চলৰ ইতিহাস. চন্দ্ৰ প্ৰকাশ. 
  4. 4.0 4.1 অনন্ত কুমাৰ শৰ্মা (১৯৯৯). হাজোৰ লোক সংস্কৃতি. প্ৰকাশন উপসমিতি, ৬৫তম অসম সাহিত্য সভাৰ হাজো অধিৱেশন.