চজিনা
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
Moringa oleifera / চজিনা | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Brassicales |
পৰিয়াল: | Moringaceae |
গণ: | Moringa |
প্ৰজাতি: | M. oleifera |
বৈজ্ঞানিক নাম | |
Moringa oleifera |
চজিনা (Moringa oleifera Lam ) প্ৰায় ২৫/৩০ ফুট ওখ চনকা ডালৰ এজোপা গছ ৷ ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ ৷ শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফল (ছেঁই)বোৰ বৰ পুষ্টিকৰ ব্যঞ্জন আৰু সুস্বাদু। ইয়াৰ ফল আৰু পাত দুয়োটাকে পাচলি হিচাপে ব্যৱহাৰ কৰা হয়।
ঔষধি গুণ[সম্পাদনা কৰক]
- চজিনাৰ কোমল পাত শাক হিচাবে বসন্ত কালত খালে বসন্ত ৰোগৰপৰা হাত সাৰি থাকিব পাৰি । তদুপৰি পানীলগা জ্বৰ, কাহ, যকৃত ৰোগ, কৃমি ৰোগত ইয়াক ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]
- চজিনাৰ শিপাৰ ২৫ গ্ৰাম ৰস সম পৰিমানৰ মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা নষ্ট হয়।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]
- কোনো আঘাতৰ ফলত শৰীৰৰ কোনো ঠাই ফুলি উঠি বিষ হ’লে চজিনাৰ পাত পিহি অকণমান গৰম কৰি লেপন দিলে আৰাম পোৱা যায়।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]
- উশাহ-নিশাহৰ অসুখ যেনে- ব্ৰংকাইটিছ, এজমা, যক্ষ্মা আদি ৰোগৰ বাবে চজিনা সু-পথ্য।[চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]