সমললৈ যাওক

চন্দ্ৰযান-৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰযান-৩

চন্দ্ৰযান-৩ ৰ ইনটেগ্ৰেটেড মডিউল
অভিযানৰ প্ৰকাৰ চন্দ্ৰ লেণ্ডাৰ আৰু ৰ’ভাৰ
নিয়ন্ত্ৰক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
ৱেবছাইট www.isro.gov.in/Chandrayaan3_Details.html
অভিযানৰ সময় বিক্ৰম লেণ্ডাৰ: <১৫ দিন
প্ৰজ্ঞান ৰ’ভাৰ: <১৫ দিন
মহাকাশযানৰ বৈশিষ্টসমূহ
বাছ চন্দ্ৰযান
নিৰ্মাতা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
পেলোড ভৰ প্ৰপালছন মডিউল: ২১৪৮ কিগ্ৰা
লেণ্ডাৰ মডিউল (বিক্ৰম): ২৬ কিগ্ৰাৰ (প্ৰজ্ঞান) ৰ’ভাৰৰ সৈতে ১৭৫২ কিগ্ৰা
মুঠ: ৩৯০০ কিলোগ্ৰাম
ক্ষমতা প্ৰপালছন মডিউল: ৭৫৮ W
লেণ্ডাৰ মডিউল: ৭৩৮ W
ৰ’ভাৰ: ৫০ W
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ ১৪ জুলাই ২০২৩ ১৪:৩৫ ভা.মা.স., (৯:০৫ ইউ.টি.চি.)[1][2]
ৰকেট LVM3 M4
উৎক্ষেপণ স্থলী সতীশ ধৱন মহাকাশ কেন্দ্ৰ
Contractor ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
 

চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান।[3] ইয়াত চন্দ্ৰযান-২ৰ দৰেই এখন লেণ্ডাৰ আৰু এখন ৰ’ভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই।[4][5]

এই অভিযান হৈছে চন্দ্ৰযান-২ৰ পৰৱৰ্তী পদক্ষেপ, কিয়নো পূৰ্ৱৰ অভিযানত মহাকাশ যানখন সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত ইয়াৰ মৰ্গদৰ্শন চফ্টৱেৰৰ বিসংগতি হোৱাৰ বাবে অৱতৰণ বিফল হৈছিল। এই অৱতৰণ সফল কৰি তুলিবলৈকে এই অভিযানৰ প্ৰস্তাৱ কৰা হৈছিল।[6]

শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰ ৪ৰ পৰা ১৪ জুলাই, ২০২৩ শুক্ৰবাৰে ভাৰতীয় মান সময় মতে দুপৰীয়া ২:৩৫ বজাত চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপন কৰা হয়।[7] [8]

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

চন্দ্ৰত মসৃণ অৱতৰণ প্ৰদৰ্শনৰ বাবে চন্দ্ৰযান কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত ইছৰ’ই অৰ্বিটাৰ, লেণ্ডাৰ আৰু ৰ’ভাৰেৰে গঠিত লঞ্চ ভেহিকেল মাৰ্ক-৩ (এল ভি এম ৩) লঞ্চ বাহনত চন্দ্ৰযান-২ উৎক্ষেপণ কৰে। প্ৰজ্ঞান ৰ’ভাৰখন নিয়োগ কৰিবলৈ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত টাচডাউন কৰাৰ কথা আছিল।[9][10]

ইয়াৰ পূৰ্বে জাপানৰ সৈতে চন্দ্ৰৰ দক্ষিণ মেৰুলৈ অভিযানত সহযোগিতা কৰাৰ খবৰ ওলাইছিল য’ত ভাৰতে লেণ্ডাৰখন যোগান ধৰিব আনহাতে জাপানে লঞ্চাৰ আৰু ৰ’ভাৰ দুয়োটা যোগান ধৰিব। এই অভিযানত স্থানৰ নমুনা সংগ্ৰহ আৰু চন্দ্ৰৰ নিশা জীয়াই থকাৰ প্ৰযুক্তি অন্তৰ্ভুক্ত হ'ব পাৰে।[11][12]

পৰৱৰ্তী সময়ত বিক্ৰম লেণ্ডাৰৰ বিফলতাৰ ফলত ২০২৫ চনৰ বাবে জাপানৰ সৈতে অংশীদাৰিত্বৰে প্ৰস্তাৱিত চন্দ্ৰ মেৰু অন্বেষণ অভিযানৰ বাবে প্ৰয়োজনীয় অৱতৰণ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ আন এটা অভিযানৰ সন্ধান কৰা হয়।[13] মিছন ক্ৰিটিকেল বিমান অভিযানৰ সময়ত ইউৰোপীয় সংস্থা (ESA) দ্বাৰা পৰিচালিত ইউৰোপীয় মহাকাশ ট্ৰেকিং (ESTRACK) এ চুক্তি অনুসৰি অভিযানটোক সহায় কৰিব।[14]

ৰূপাংকন

[সম্পাদনা কৰক]
চন্দ্ৰযান-৩ ইনটেগ্ৰেটেড মডিউল

চন্দ্ৰযান-৩ৰ তিনিটা প্ৰধান উপাদান আছে:

প্ৰপালচন মডিউল:

প্ৰপালচন মডিউলে চন্দ্ৰযানৰ লেণ্ডাৰ আৰু ৰ’ভাৰ কনফিগাৰেচনক ১০০ কিলোমিটাৰ চন্দ্ৰ কক্ষপথলৈকে কঢ়িয়াই নিব। ই এটা বাকচৰ দৰে গঠন। ইয়াৰ এটা ফালে এটা ডাঙৰ সৌৰ পেনেল আৰু ওপৰত এটা ডাঙৰ চিলিণ্ডাৰ (ইণ্টাৰমডুলাৰ এডাপ্টাৰ কন) সংযুক্ত কৰা আছে যিয়ে লেণ্ডাৰৰ বাবে মাউণ্টিং গঠন হিচাপে কাম কৰে। লেণ্ডাৰৰ উপৰিও এই মডিউলটোৱে স্পেক্ট্ৰ’-প’লাৰিমেট্ৰি অৱ হেবিটেবল প্লেনেট আৰ্থ (SHAPE) নামৰ আন এটা পেলোড কঢ়িয়াই লৈ গৈছে। এই পেলোডটোৱে চন্দ্ৰৰ কক্ষপথৰ পৰা প্ৰায়-অবলোহিত (NIR) তৰংগদৈৰ্ঘ্যৰ পৰিসৰ (১-১.৭ মাইক্ৰ’মিটাৰ)ত পৃথিৱীৰ বৰ্ণালী আৰু মেৰুসম্বন্ধীয় জোখ-মাখ অধ্যয়ন কৰিব।[5][4]

চন্দ্ৰযান-৩ লেণ্ডাৰ

লেণ্ডাৰ:

চন্দ্ৰত কোমল অৱতৰণৰ মূল আহিলা হৈছে লেণ্ডাৰ। ইয়ো বাকচৰ আকৃতিৰ, চাৰিটা লেণ্ডিং লেগ আৰু ৮০০ নিউটনৰ চাৰিটাকৈ লেণ্ডিং থ্ৰাষ্টাৰ আছে। ইয়াত চন্দ্ৰপৃষ্ঠত ঠাইতে বিশ্লেষণ কৰিব পৰাকৈ ই এখন ৰ’ভাৰ আৰু বিভিন্ন বৈজ্ঞানিক যন্ত্ৰপাতি কঢ়িয়াই নিব।

চন্দ্ৰযান-২ৰ বিক্ৰমত ৮০০ নিউটনৰ পাঁচটা ইঞ্জিন আছিল আৰু পঞ্চমটো কেন্দ্ৰীয়ভাৱে এটা নিৰ্দিষ্ট থ্ৰাষ্টৰ সৈতে মাউণ্ট কৰা হৈছিল আনহাতে চন্দ্ৰযান-৩ৰ লেণ্ডাৰত মাত্ৰ চাৰিটা থ্ৰ'টল সক্ষম ইঞ্জিন আছে। ইয়াৰ উপৰিও, চন্দ্ৰযান-৩ লেণ্ডাৰত এটা লেজাৰ ডপলাৰ ভেলোচিমিটাৰ (LDV) আছে।[15] চন্দ্ৰযান-২ৰ তুলনাত ইমপেক্ট লেগবোৰ শক্তিশালী কৰা হৈছে আৰু ইনষ্ট্ৰুমেণ্টেচন ৰিডাণ্ডেন্সি বৃদ্ধি কৰা হৈছে। লগতে ইছৰ’য়ে ইয়াৰ গাঁথনিগত সক্ষমতা উন্নত কৰা আৰু একাধিক আকস্মিক ব্যৱস্থা সংযোগ কৰাৰ কাম কৰি আছে।[16]

লেণ্ডাৰখনত তিনিটা পেলোড সংযুক্ত কৰা হৈছে:

  • চন্দ্ৰ'ছ ছাৰ্ফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট (ChaSTE) ইয়াৰ জৰিয়তে চন্দ্ৰ পৃষ্ঠৰ তাপ পৰিবাহীতা আৰু উষ্ণতা জোখা হ’ব।
  • ইনষ্ট্ৰুমেণ্ট ফৰ লুনাৰ ছিছমিক এক্টিভিটি (ILSA) ই অৱতৰণ স্থানৰ চাৰিওফালে থকা ভূমিকম্পৰ প্ৰৱণতা জুখিব।
  • লেংমুইৰ প্ৰ’ব (LP) ই প্লাজমাৰ ঘনত্ব আৰু ইয়াৰ তাৰতম্য অনুমান কৰিব।

ৰ’ভাৰ:

চন্দ্ৰযান-৩ ৰ’ভাৰ

চন্দ্ৰযান-৩ ৰ’ভাৰ অৱলোকন:

  • ছটা চকাযুক্ত
  • ওজন ২৬ কিলোগ্ৰাম (৫৭ পাউণ্ড)
  • পৰিসৰ ৫০০ মিটাৰ (১,৬০০ ফুট)
  • কেমেৰা, বৰ্ণালীমাপক যন্ত্ৰ, আৰু এটা ড্ৰিলকে ধৰি কিছুমান বৈজ্ঞানিক সৰঞ্জাম কঢ়িয়াই নিব
  • এটা চন্দ্ৰদিনৰ আয়ুস আশা কৰা হৈছে (পৃথিৱী সাপেক্ষে ১৪ দিন)
  • লেণ্ডাৰ আৰু ভাৰতত থকা গ্ৰাউণ্ড কণ্ট্ৰল টিমৰ সৈতে যোগাযোগ কৰাৰ ক্ষমতা

ৰ’ভাৰখনৰ দুটা পেলোড আছে:

আলফা পাৰ্টিকেল এক্স-ৰে স্পেকট্ৰ’মিটাৰ (APXS) ই চন্দ্ৰ পৃষ্ঠৰ ৰাসায়নিক গঠন আৰু খনিজাত গঠন বিশ্লেষণ কৰিব।

  • লেজাৰ ইনডিউছ ব্ৰেকডাউন স্পেকট্ৰ’স্কোপ (LIBS) ই চন্দ্ৰৰ অৱতৰণ স্থানৰ চাৰিওফালে থকা চন্দ্ৰৰ মাটি আৰু শিলৰ মৌলিক গঠন (Mg, Al, Si, K, Ca, Ti, Fe) নিৰ্ণয় কৰিব।

চন্দ্ৰযান-৩ ৰ’ভাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ কৰিব বুলি আশা কৰা হৈছে:

  • চন্দ্ৰপৃষ্ঠৰ সংযুতি নিৰ্ণয়
  • চন্দ্ৰৰ মাটিত পানীৰ বৰফৰ উপস্থিতি
  • চন্দ্ৰৰ প্ৰভাৱৰ ইতিহাস
  • চন্দ্ৰৰ বায়ুমণ্ডলৰ বিৱৰ্তন

উৎক্ষেপন

[সম্পাদনা কৰক]
LVM3 M4, চন্দ্ৰযান-3 - শ্ৰীহৰিকোটাৰ SDSC-SHAR ৰ দ্বিতীয় লঞ্চ পেড (SLP)ৰ পৰা উৎক্ষেপন বাহনৰ উত্তোলন

ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা নিৰ্ধাৰিত সময় অনুসৰি ১৪ জুলাই ২০২৩ তাৰিখে দিনৰ ২:৩৫ বজাত IST ত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰত উপনীত হ’বলৈ যি ট্ৰেজেক্টৰী লাগিব, সেই ট্ৰেজেক্টৰীত মহাকাশযানখন ফলপ্ৰসূভাৱে স্থাপন কৰা হৈছে। পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব প্ৰায় ৩ লাখ ৮৪ হাজাৰ ৪০০ কিলোমিটাৰ। চন্দ্ৰযান-৩ অভিযানে ২৩ আগষ্ট বা ২৪ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত মসৃণ অৱতৰণ কৰিব বুলি আশা কৰা হৈছে।[17]

চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে জুলাই মাহক বাছি লোৱাৰ এটা বিশেষ কাৰণ হৈছে ইছৰোৱে পৃথিৱী আৰু চন্দ্ৰৰ ঘনিষ্ঠতাৰ সন্দৰ্ভত কৰা এক হিচাপ।[18]

উদ্দেশ্য

[সম্পাদনা কৰক]

ইছৰোৱে চন্দ্ৰযান-৩ অভিযানৰ বাবে তিনিটা মূল লক্ষ্য নিৰ্ধাৰণ কৰিছে, য’ত আছে-

  1. চন্দ্ৰৰ পৃষ্ঠত নিৰাপদ, মসৃণ আৰু নিখুঁত লেণ্ডিং লাভ কৰা।
  2. চন্দ্ৰত ৰ’ভাৰৰ ল’টাৰিং ক্ষমতা পৰ্যবেক্ষণ আৰু প্ৰদৰ্শন কৰা। চন্দ্ৰৰ গঠন ভালদৰে বুজিবলৈ আৰু অনুশীলন কৰিবলৈ চন্দ্ৰৰ পৃষ্ঠত ৰাসায়নিক আৰু প্ৰাকৃতিক মৌল, মাটি, পানী আদিৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা উপলব্ধ কৰি স্থানীয় বৈজ্ঞানিক পৰ্যবেক্ষণ।
  3. আন্তঃগ্ৰহীয় বলে দুটা গ্ৰহৰ মাজত অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তিৰ বিকাশ আৰু প্ৰদৰ্শনক বুজায়।[19]

মিছন প্ৰফাইল

[সম্পাদনা কৰক]
চন্দ্ৰযান-৩ৰ এনিমেচন
পৃথিৱীৰ চাৰিওফালে - কক্ষ উত্তৰণৰ দশা
পৃথিৱীৰ চাৰিওফালে
চন্দ্ৰৰ চাৰিওফালে
       চন্দ্ৰযান-৩ ·        পৃথিৱী ·        চন্দ্ৰ

সময়ৰেখা

[সম্পাদনা কৰক]
# তাৰিখ/
সময় (UTC)
লেম (LAM) প্ৰজ্বলনৰ সময় অৰ্জন কৰা উচ্চতা প্ৰৱণতা কক্ষপথৰ সময় তথ্যসূত্ৰ
সৰ্বোচ্চসৰ্বনিম্ন
পৃথিৱী কক্ষৰ কৌশলসমূহ
১৫ জুলাই ২০২৩প্ৰযোজ্য নহয়41,762 km (২৫,৯৫০ মাইল)173 km (১০৭ মাইল)২১.৩°[উদ্ধৃতিৰ প্ৰয়োজন]প্ৰযোজ্য নহয়[20][21]
১৭ জুলাই ২০২৩প্ৰযোজ্য নহয়41,603 km (২৫,৮৫১ মাইল)226 km (১৪০ মাইল)প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়[20][22]
১৮ জুলাই ২০২৩প্ৰযোজ্য নহয়51,400 km (৩১,৯০০ মাইল)228 km (১৪২ মাইল)প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়[23]
২০ জুলাই ২০২৩প্ৰযোজ্য নহয়71,351 km (৪৪,৩৩৫ মাইল)233 km (১৪৫ মাইল)প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়[20][24]
২৫ জুলাই ২০২৩প্ৰযোজ্য নহয়1,27,609 km (৭৯,২৯৩ মাইল)236 km (১৪৭ মাইল)প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়[25]
ট্ৰান্স লুনাৰ ইনজেকছন
৩১ জুলাই ২০২৩প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়প্ৰযোজ্য নহয়[25]
চন্দ্ৰ কক্ষৰ কৌশলসমূহ

মিছন লাইফ

[সম্পাদনা কৰক]

লেণ্ডাৰ মডিউল আৰু ৰ’ভাৰ ~১০০ x ১০০ কিলোমিটাৰ লঞ্চ ইনজেকচনলৈকে কঢ়িয়াই নিয়া। তাৰ পিছত ৩ৰ পৰা ৬ মাহৰ বাবে পৰীক্ষামূলক পেলোডৰ কাৰ্যকলাপ।[26]

পুঁজিৰ ব্যৱস্থা

[সম্পাদনা কৰক]

২০১৯ চনৰ ডিচেম্বৰ মাহত ইছৰ’ই প্ৰকল্পটোৰ বাবে প্ৰাৰম্ভিক পুঁজিৰ অনুৰোধ জনাইছিল, যাৰ পৰিমাণ আছিল ৭৫ কোটি টকা (৯.৪ মিলিয়ন মাৰ্কিন ডলাৰ), ইয়াৰে ৬০ কোটি (৭.৫ মিলিয়ন মাৰ্কিন ডলাৰ) যন্ত্ৰপাতি, সঁজুলি আৰু অন্যান্যৰ দিশত ব্যয় পূৰণৰ বাবে হ’ব মূলধনী ব্যয়, আনহাতে বাকী ১৫ কোটি (১৯ লাখ মাৰ্কিন ডলাৰ) ৰাজহ ব্যয়ৰ মূৰৰ অধীনত বিচৰা হয়।[27]

এই প্ৰকল্পৰ অস্তিত্ব নিশ্চিত কৰি ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে শিভানে আনুমানিক ব্যয় প্ৰায় ৬১৫ কোটি (২০২৩ চনত ৭২১ কোটি বা ৯ কোটি মাৰ্কিন ডলাৰৰ সমতুল্য) বুলি জানিবলৈ দিয়ে।[28][29]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "ISRO to launch moon mission Chandrayaan-3 on July 14. Check details". 2023-07-06. Archived from the original on 2023-07-14. https://web.archive.org/web/20230714070248/https://hindizoom.com/chandrayaan-3-launch-live/.
  2. "Chandrayaan-3, Isro's third lunar mission, successfully launched into orbit" (ইংৰাজী ভাষাত). দি টাইমছ্ অৱ ইণ্ডিয়া. ১৪ জুলাই ২০২৩. https://timesofindia.indiatimes.com/india/chandrayaan-3-isros-third-lunar-mission-successfully-launched-into-orbit/articleshow/101754594.cms আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২৩.
  3. "Press Meet - Briefing by Dr. K. Sivan, Chairman, ISRO". isro.gov.in. 2020-01-01. Archived from the original on 2021-10-05. https://web.archive.org/web/20211005155551/https://www.isro.gov.in/update/01-jan-2020/press-meet-briefing-dr-k-sivan-chairman-isro আহৰণ কৰা হৈছে: 2020-01-03.
  4. 1 2 "Chandrayaan-3 to cost Rs 615 crore, launch could stretch to 2021". 2 January 2020. https://timesofindia.indiatimes.com/india/chandrayaan-3-to-cost-rs-615--crore-launch-could-stretch-to-2021/articleshow/73055941.cms আহৰণ কৰা হৈছে: 3 January 2020.
  5. 1 2 "NASA - NSSDCA - Spacecraft - Details". Archived from the original on 2022-06-08. https://web.archive.org/web/20220608231611/https://nssdc.gsfc.nasa.gov/nmc/spacecraft/display.action?id=CHANDRYN3 আহৰণ কৰা হৈছে: 2023-07-14.
  6. Guptan, Mahesh (2019-11-16). "How did Chandrayaan 2 fail? ISRO finally has the answer". The Week. https://www.theweek.in/news/sci-tech/2019/11/16/how-did-chandrayaan-2-fail-isro-answer.html.
  7. "Chandrayaan 3 Launch LIVE Updates: Moon landing expected on August 23rd at around 5.47pm, says ISRO chief S Somanath" (ইংৰাজী ভাষাত). দি ইক'ন'মিক টাইম. ১৪ জুলাই ২০২৩. https://economictimes.indiatimes.com/news/newsblogs/chandrayaan-3-launch-live-updates-isro-moon-mission-launch-time-sriharikota-news-how-to-watch-india-moon-mission/liveblog/101745144.cms আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২৩.
  8. "Chandrayaan-3, Isro's third lunar mission, successfully launched into orbit" (ইংৰাজী ভাষাত). দি টাইমছ্ অৱ ইণ্ডিয়া. ১৪ জুলাই ২০২৩. https://timesofindia.indiatimes.com/india/chandrayaan-3-isros-third-lunar-mission-successfully-launched-into-orbit/articleshow/101754594.cms আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২৩.
  9. Singh, Surendra (5 August 2018). "Chandrayaan-2 launch put off: India, Israel in lunar race for 4th position". The Times of India. https://timesofindia.indiatimes.com/india/chandrayaan-2-launch-put-off-india-israel-in-lunar-race-for-4th-position/articleshow/65275012.cms.
  10. Shenoy, Jaideep (28 February 2016). "ISRO chief signals India's readiness for Chandrayaan II mission". The Times of India. http://timesofindia.indiatimes.com/city/mangaluru/ISRO-chief-signals-Indias-readiness-for-Chandrayaan-II-mission/articleshow/51178528.cms.
  11. "India's next Moon shot will be bigger, in pact with Japan". 2019-07-07. https://timesofindia.indiatimes.com/india/indias-next-moon-shot-will-be-bigger-in-pact-with-japan/articleshow/71030437.cms আহৰণ কৰা হৈছে: 2020-01-03. "For our next mission — Chandrayaan-3 — which will be accomplished in collaboration with JAXA (Japanese Space Agency), we will invite other countries too to participate with their payloads."
  12. "Episode 82: JAXA and International Collaboration with Professor Fujimoto Masaki". Astro talk UK. 2019-01-04. https://astrotalkuk.org/episode-82-jaxa-and-international-collaboration-with-professor-fujimoto-masaki/ আহৰণ কৰা হৈছে: 2020-01-03.
  13. ISRO Will Embark on Chandrayaan-3 by November 2020 for Another Landing Attempt The Wire, 14 November 2019
  14. "ESA and Indian space agency ISRO agree on future cooperation" (en ভাষাত). www.esa.int. https://www.esa.int/Enabling_Support/Operations/ESA_Ground_Stations/ESA_and_Indian_space_agency_ISRO_agree_on_future_cooperation আহৰণ কৰা হৈছে: 2022-04-16.
  15. Kumar, Chethan (19 November 2019). "Chandrayaan-3 plans indicate failures in Chandrayaan-2". The Times of India. https://timesofindia.indiatimes.com/india/chandrayaan-3-plans-indicate-failures-in-chandrayaan-2/articleshow/72128771.cms.
  16. Sharma, Shaurya (2022-10-21). "Chandrayaan-3 To Be More Robust, Have Contingency Systems Onboard, Says ISRO Chief" (en ভাষাত). News18. https://www.news18.com/news/tech/chandrayaan-3-to-be-more-robust-have-contingency-systems-onboard-says-isro-chief-6216451.html আহৰণ কৰা হৈছে: 2022-10-22.
  17. https://scroll.in/latest/1052635/chandrayan-3-lifts-off-for-mission-to-moon
  18. "Chandrayaan 3: Know why July is important for ISRO" (en-US ভাষাত). News9live. 2023-07-14. https://www.news9live.com/knowledge/chandrayaan-3-know-why-july-is-important-for-isro-2213186 আহৰণ কৰা হৈছে: 2023-07-14.
  19. "Indian Space Research Organisation ( ISRO )". www.isro.gov.in. https://www.isro.gov.in/ আহৰণ কৰা হৈছে: 2023-07-14.
  20. 1 2 3 "Chandrayaan-3". ISRO. Archived from the original on 2023-07-10. https://web.archive.org/web/20230710170915/https://www.isro.gov.in/Chandrayaan3.html আহৰণ কৰা হৈছে: 2023-07-26.
  21. @isro (2023-07-15). "The first orbit raising operation". https://twitter.com/isro/status/1680239822110162944 আহৰণ কৰা হৈছে: 2023-07-15.
  22. @isro (2023-07-17). "The second orbit raising operation". https://twitter.com/isro/status/1680845817903722497 আহৰণ কৰা হৈছে: 2023-07-17.
  23. @isro (2023-07-18). "The third orbit raising operation". https://twitter.com/isro/status/1681236337024974850 আহৰণ কৰা হৈছে: 2023-07-18.
  24. @isro (2023-07-20). "The fourth orbit raising operation". https://twitter.com/isro/status/1681960236347965440 আহৰণ কৰা হৈছে: 2023-07-20.
  25. 1 2 @isro (2023-07-25). "The fifth orbit raising operation". https://twitter.com/isro/status/1683767962560512000 আহৰণ কৰা হৈছে: 2023-07-25.
  26. "আৰ্কাইভ কপি". Archived from the original on 2023-07-10. https://web.archive.org/web/20230710120424/https://www.isro.gov.in/media_isro/pdf/Missions/LVM3/LVM3M4_Chandrayaan3_brochure.pdf আহৰণ কৰা হৈছে: 2023-07-15.
  27. Kumar, Chethan (2019-12-08). "ISRO seeks 75 crore more from Centre for Chandrayaan-3". The Times of India. https://timesofindia.indiatimes.com/india/isro-seeks-75-crore-more-from-centre-for-chandrayaan-3/articleshow/72421303.cms.
  28. "Chandrayaan-3 to cost Rs 615 crore, launch could stretch to 2021". 2020-01-02. https://timesofindia.indiatimes.com/india/chandrayaan-3-to-cost-rs-615-crore-launch-could-stretch-to-2021/articleshow/73055941.cms আহৰণ কৰা হৈছে: 2020-01-03.
  29. "How much did India's Chandrayaan-3 lunar mission cost?". CNBC. 2023-07-15. https://www.cnbctv18.com/science/chandrayaan-3-cost-budget-isro-launch-july-14-space-lunar-mission-moon-landing-17222551.htm আহৰণ কৰা হৈছে: 2023-07-15.