সমললৈ যাওক

চয়াবিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চয়াবিন
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
পৰ্ব: Magnoliophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
উপপৰিয়াল: Faboideae
গণ: Glycine
প্ৰজাতি: G. max
বৈজ্ঞানিক নাম
Glycine max
(L.) Merr.

চয়াবিন (বৈজ্ঞানিক নাম: Glycine max) হৈছে এক প্ৰকাৰৰ মাহজাতীয় উদ্ভিদ। ই হৈছে পূব এছিয়াৰ স্থানীয় উদ্ভিদ।[1] ই এবিধ একবাৰ্ষিক উদ্ভিদ। অতিৰিক্ত চৰ্বিহীন চয়াবিনেৰে তৈয়াৰ কৰা খাদ্য হৈছে প্ৰয়োজনীয় প্ৰ'টিনৰ প্ৰাথমিক উৎস।

চয়াবিন গছক কেতিয়াবা "গ্ৰেটাৰ বিন" (greater bean) বুলি কোৱা হয়। চয়া শব্দটো চীনা বা জাপানী 'চয়া চছ' শব্দৰ পৰা আহিছে।[2] চয়াবিন গছক ভিয়েটনামত đậu tương বা đậu nành বুলি কোৱা হয়। চয়াবিন আৰু চয়াবিনৰ পৰা উৎপাদিত খাদ্য দুয়োটাকে খাদ্যক জাপানত "ইডামামি" (edamame) বুলি কোৱা হয়। কিন্তু ইংৰাজীত কিছুমান নিৰ্দিষ্ট খাদ্যকহে "ইডামামি" বুলি কোৱা হয়। চয়াবিন বীজৰ পৰা তেল আহৰণৰ পিছত বৈশিষ্টপূৰ্ণ বনস্পতি প্ৰ'টিন পোৱা যায়। ইযাক চয়া গুটি, চয়াখণ্ড বা চয়া চাংক বুলি জনা যায়।

চয়াবিনৰ গুণগত মান

[সম্পাদনা কৰক]

শুকান চয়াবিনত ২০% তেল, ৪০% প্ৰ'টিন, আৰু ৩৫% কাৰ্বোহাইড্ৰেট থাকে।[3] চয়াবিন প্ৰ'টিন গুণগত মানৰ ক্ষেত্ৰত প্ৰাণীজাত প্ৰ'টিনৰ সৈতে তুলনীয়, যি চয়াবিনক আন উদ্ভিদৰ পৰা পৃথক কৰে। প্ৰাণীজাত প্ৰ'টিনৰ বিকল্প প্ৰ'টিন হিচাপে চয়াবিনৰ নিয়মীয়া ব্যৱহাৰে প্লাজমা কলেষ্টেৰল ২৩-২৫% হ্ৰাস কৰে।[4]

চাবোন, গ্লিচাৰিন, ৰং, প্ৰিণ্টিং চিয়াহী আদিৰ বাণিজ্যিক উৎপাদনত চয়াবিন এক অত্যাৱশ্যকীয় উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। কেঁচা চয়াবিন গছবোৰ গৰুৰ খাদ্য হিচাপে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়।[5] কেৱল একাপ চয়াবিনত ২৮.৬ গ্ৰাম প্ৰ'টিন পোৱা যায়, ই প্ৰায় ১৫০ গ্ৰাম মুৰ্গীৰ স্তনৰ পৰা প্ৰাপ্ত প্ৰ'টিনৰ সমান, তাৰোপৰি এই উদ্ভিদজাত প্ৰ'টিনত অসংপৃক্ত চৰ্বি আৰু যথেষ্ট পৰিমানে আঁহ থাকে।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]