চলুং
চলুং বা চলুং পূজা (ইংৰাজী: Solung) অৰুণাচল প্ৰদেশৰ চিয়াং জিলা আৰু লোহিত জিলাত থকা আদি জনজাতীয় সমাজৰ এক উৎসৱ। চলুং উৎসৱ মূলতঃ কৃষি ভিত্তিক। জুলাই আগষ্ট মাহত সচৰাচৰ এই উৎসৱ আদি সকলে অতি পুৰণি কালৰেপৰা সামাজিক আৰু ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰেৰে পালন কৰি আহিছে।[1]
বিৱৰণ
[সম্পাদনা কৰক]চলুং উৎসৱৰ লগত জড়িত হৈ আছে আদি জনজাতি লোকসকলৰ পৌৰাণিক কাহিনী আৰু জনবিশ্বাস। চলুঙৰ অৰ্থ হ'ল মেথোনৰ জাক বা উৎসৱত ভাগ লোৱা মানুহৰ গোট। পৌৰাণিক আখ্যান মতে লিটুং বাবু আৰু লিমাং নানে নামৰ মহামাৰীয়ে আদি সমাজৰ বহজনৰ সংহাৰ কৰিছিল। ডনীপল নামৰ ভগৱানক তেওঁলোকে মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাৰ্থনা জনাইছিল। ডনীপলে তেওঁলোকক চলুং উৎসৱ পাতিবলৈ আদেশ কৰিছিল। তেতিয়াৰ পৰাই আদি সমাজত চলুং উৎসৱ আৰম্ভ হয়। দুটা ভিন ভিন উপলক্ষে চলুং উৎসৱ পতা হয়। প্ৰথমতে, আগম নামৰ জীৱ জন্তুৰ দেৱতাক পূজা কৰে। এই পূজাত ডেকা ল'ৰাবোৰে নৃত্য কৰে আৰু আপং খায়। দ্বিতীয়তে, ঝুমখেতি কৰাৰ অন্তত; ইয়াক কোৱা হয় চলুং পʼনং। এইটো সম্পূৰ্ণ কৃষি ভিত্তিক। এই উৎসৱটো গাভৰুৰ নৃত্য। এই উৎসৱ বিভিন্ন গাঁৱত বিভিন্ন দিনত উদযাপন কৰা হয়। এই উৎসৱৰ নিৰ্দিষ্ট দিন বাৰ নাই। গাঁওবুঢ়া বা গাঁওসভাৰ মুৰব্বীজনে চলুং উৎসৱৰ নিৰ্দিষ্ট দিন ঠাৱৰ কৰে আৰু সেই অনুসৰি ভিন ভিন গাঁৱত ভিন্ন তাৰিখত এই উৎসৱ পালন কৰা হয়। তাৰিখ নিৰ্দিষ্ট হোৱাৰ পাছতেই আৰম্ভ হয় চাউলৰ পৰা তৈয়াৰী আপং প্ৰস্তুত কৰাত। সাত দিনীয়াকৈ এই উৎসৱ ধুমধামেৰে পালন কৰা হয় যদিও এই উৎসৱ দহ দিন ধৰি পালন কৰাও দেখা যায়।
চলুং উৎসৱৰ আকৰ্ষণ হ'ল পনুং নৃত্য। প্ৰথম দিনৰ পৰা পনুং নৃত্য পৰিৱেশন কৰা হয়। ১৪-১৮ বছৰীয়া আদি গাভৰুসকলে এই নৃত্যত ভাগ লয়। এওঁলোকক পনুং বোলে।
সামাজিক দৃষ্টিকোণৰ পৰা দেখা যায় যে চলুং উৎসৱ সুখ সমৃদ্ধিৰ উৎসৱ। ঝুমখেতিৰ বাবে মাটি চহায়, বীজ ৰূপণ কৰি আজৰি পৰত সকলো সুখ, কষ্ট পাহৰি আদি জনগোষ্ঠীৰ লোকসকলে চলুং উৎসৱ পাতে।
আদিসকলৰ সামাজিক, সাংস্কৃতিক, কৃষি আৰু ধৰ্মীয় ৰীতি নীতি, আচাৰ- ব্যৱহাৰ প্ৰতিফলন স্পষ্ট ৰূপত প্ৰকাশ পায়- মেঠোন আৰু গাহৰি বলি দিয়া কাৰ্যৰ যোগেদি। শস্যৰ দেৱী কিনে নানেক চলুং উৎসৱ ধৰ্মীয় পৰম্পৰাৰে পূজা কৰা হয় যদিও অন্যান্য দেৱ-দেৱীলৈকেও পূজা ভাগ আগবঢ়োৱা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (২০১৪). অসমৰ সংস্কৃতি কোষ. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২০৬. ISBN 978-93-81485-73-6.