চাইকেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চীনদেশীয় উৰন্ত পাৰ (Flying Pigeon) হৈছে সবাতোকৈ জনপ্ৰিয় চাইকেলৰ আৰ্হি আৰু পৃথিৱীত থকা যি-কোনো ধৰণৰ বাহনৰ ভিতৰতে সবাতোকৈ জনপ্ৰিয় বাহন। এতিয়ালৈকে ৫০ কোটিখন নিৰ্মাণ কৰা হৈছে।[1]
বাইচাইকেলৰ পৰিচিত টিলিঙাৰ শব্দ

চাইকেল (cycle) অথবা বাইচাইকেল (bicycle) অথবা বাইক (bike) হৈছে মানুহৰ দ্বাৰা চালিত নাইবা মটৰচালিত, পেডেল-নিয়ন্ত্ৰিত বাহন। ইয়াৰ ফ্ৰেমৰ লগত দুটা চকা অগা-পিছাকৈ সংযুক্ত হৈ আছে। চাইকেল শব্দটো হৈছে বাই-চাইকেল শব্দৰ চুটি ৰূপ। দুটা মাত্ৰ চকা—এটা আগত,এটা পিছত,চলোৱা হয় ভৰিৰে পেডেল মাৰি – গতিকে বাই-চাইকেল। এই ‘বাই-চাইকেল’ শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল ১৮৬৮ চনৰ ডা ডেইলী নিউজ নামৰ কাকতত। এই শব্দটোৰ প্ৰথম ফৰাচী ভাষাৰ ৰূপ বাইচাইক্লেট অৱশ্যে ইয়াৰ আগতেই ১৮৪৭ চনত ব্যৱহাৰ হৈছিল।

যান্ত্ৰিক বাহনৰ বাটকটীয়া বাই-চাইকেলখন হৈছে সৰ্বত্ৰ ব্যৱহৃত বাহন। দুচকীয়া এই বাহনখন সৰ্বসাধাৰণৰ মাজত চাইকেল নামেৰেই পৰিচিত। চাইকেল চলোৱা মানুহজনক চাইকেল-চালক, চাইক্লিষ্ট অথবা বাইচাইক্লিষ্ট বুলি কোৱা হয়।

১৯ শতিকাত ইউৰোপৰ ফালে পোনপ্ৰথমবাৰৰ বাবে চাইকেল দেখিবলৈ পোৱা গৈছিল; আৰু ২১ শতিকাৰ প্ৰাৰম্ভত ১০০ কোটিতকৈও অধিক চাইকেল দৃশ্যমান হ'ল।[1][2][3] পৃথিৱীৰ বহু ঠাইতেই চাইকেল হৈছে যাতায়াতৰ অন্যতম মাধ্যম। চাইকেলক আমোদ-প্ৰমোদ, অথবা শিশুৰ খেলনা-সামগ্ৰী, শাৰীৰিক ব্যায়াম, সামৰিক সেৱাত, কুৰিয়াৰ সেৱা, চাইকেল-চালনা প্ৰতিযোগিতা আৰু চাইকেলৰ দুঃসাহসিক ক্ৰীড়াতো ব্যৱহাৰ কৰা হয়।[4]

শব্দতত্ত্ব[সম্পাদনা কৰক]

বাইচাইকেল শীৰ্ষক শব্দটো সৰ্বপ্ৰথমে লিপিবদ্ধ হৈছিল ১৮৬৮ চনত; ''দ্য ডেইলি নিউজ''ৰ ইংৰাজী কাকতত। শব্দটো উল্লেখ কৰিবলগীয়া হৈছিল "চেম্পছ্ ইলিছিছ এণ্ড বয়ছ ডি বাগনি"ত "বাইচাইকেলছ্ এণ্ড ট্ৰাইচাইকেলছ্"ক বুজাবৰ বাবে।[5] শব্দটো পোনপ্ৰথমবাৰ ব্যৱহাৰ কৰা হৈছিল ১৮৪৭ চনত এখন ফৰাচী প্ৰকাশনত; এক অচিন দুচকীয়া বাহন (বোধহয় চকাযুক্ত সামগ্ৰী কঢ়িয়াই নিয়া বাহন)-ক বুজাবৰ বাবে।[5] চাইকেলখনৰ আৰ্হিটো আছিল "ভেল'ছিপেড"ৰ আধুনিক সংস্কৰণ, যদিও সিহঁতৰ নামকেইটাক কিছুসময়ৰ বাবে ওপৰা-উপৰিকৈ ব্যৱহাৰ কৰা হৈছিল।[5][6]

ইতিহাস[সম্পাদনা কৰক]

কাঠেৰে নিৰ্মিত ড্ৰেইছিন(১৮২০ চন মানৰ); প্ৰথমখন দুচকীয়া। বাইচাইকেলৰ আদিৰূপ বুলিও জনাজাত

মানুহৰ যাতায়াতৰ কাৰণে সাজি উলিওৱা প্ৰথম দুচকীয়া বাহনখন হৈছে "ডেণ্ডী হৰ্ছ" (dandy horse), যাক ড্ৰেইছিয়েন অথবা ল'ফমেছাইন বুলিও কোৱা হয় আৰু য'ত দুয়োফালে দুটা চকা সংযুক্ত হৈ আছিল। উদ্ভাৱণ কৰিছিল জাৰ্মানৰ বেৰন কাৰ্ল ভন ড্ৰেইছে। ইয়াক আধুনিক বাইচাইকেলৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়।

১৬৯০ চনত ফ্ৰান্সদা ছিভৰাক নামৰ এজন লোকে সৰ্বপ্ৰথম কাঠৰ দুটা চকা থকা এনেধৰণৰ যান এখন নিৰ্মাণ কৰাৰ কথা জনা যায়। দীঘলীয়াকৈ নিৰ্মাণ কৰা এইখন যানৰ গোলাকাৰ কাঠৰ চকা দুটা আন এডোখৰ দীঘলীয়া কাঠেৰে সংযোগ কৰা হৈছিল। কাঠডোখৰত কোনোমতে এজন মানুহ বহিবলৈ ঠাই হৈছিল আৰু তাত বহি ভৰিৰে মাটিত হেঁচুকি দিলে যানখন কিছু দূৰ আগুৱাই গৈছিল। ইয়াৰ বহু বছৰৰ পাছত ১৭৯৭ চনত পেৰিছৰ বেৰল কাৰ্ল ড্ৰাইছ নামৰ ব্যক্তি এজনে ‘ভেলোচাইপিড’ নামৰ এনে ধৰণৰ এখন যান নিৰ্মাণ কৰিছিল যদিও সেইখনো সিমান সুচল নাছিল।

ইয়াৰ পাছত ১৮১৭ চনমানত ইংলেণ্ডৰ জন ডেনিছ নামৰ এজন লোকে ভেলোচাইপিডৰ আৰ্হিৰে এখন দুচকীয়া যান সাজিলে। এই যানখনৰ চকা দুটা আছিল লোহাৰ। তদুপৰি ইয়াৰ চকা দুটাৰ সন্মূখৰটো দীঘল কাঠ এডোখৰত এনেকৈ সংযোগ কৰা হৈছিল যাতে চালকে ইচ্ছা কৰিলে যানখন সোঁৱে-বাৱে ঘূৰাব পাৰে। এনেকৈয়ে আধুনিক কালৰ ষ্টিয়েৰিঙৰ সূত্ৰপাত হয়। যানখনৰ সোঁ-মাজত চালক বহাৰ সুবিধা আছিল। এই যানখনো অৱশ্যে আগৰ দৰেই ভৰিৰে হেঁচুকিহে চলাব লাগিছিল। কিছুদূৰ এনেদৰে মাটিত হেঁচুকি ঠেলি নিয়াৰ পাছত যানখনে বেগ লৈছিল আৰু আপোনা -আপুনি কিছু দূৰ গৈ আছিল। এঢলীয়া ঠাইত ই বেছ বেগেৰেই ভালেখিনি দূৰ গৈছিল। যানখনৰ বেগ কমি গ’লে চালকে পুনৰ মাটিত ভৰিৰে হেঁচুকি আগুৱাব লাগে। এনেকৈ সেইসময়ৰ এই বেগী যানখন চলাই নিয়াটো কষ্টকৰ আছিল যদিও ই সেইসময়ত সকলোৰে চখৰ বস্তু হৈ পৰিছিল। চৌখিন ডেকা-বুঢ়াই পৰিবহণৰ আহিলা হিচাপে বা আজৰি সময় কটাবলৈ এই যান চলাবলৈ লৈছিল আৰু সেয়ে এইখনৰ নাম দিয়া হৈছিল ‘হবি-হৰ্ছ’(Hobby Horse), অৰ্থাত্‍ চখৰ ঘোঁৰা। এই যানখন ইংলেণ্ডত ‘ডেণ্ডিহৰ্ছ’, ‘ড্ৰেইছিয়েন’,‘বাইছাইপিড’ বা ‘লউফ মেছিন’ আদি নামেৰেও পৰিচিত আছিল। এনেকৈ ১৮১৮ চনত চাইকেলখন জনসাধাৰণৰ কাৰণে মুকলি কৰা হৈছিল।

ভৰিৰে হেঁচুকি চলাবলগা হোৱা এই যানখনে লাহে লাহে মানুহক আমুৱাবলৈ ধৰিলে। ফলত মানুহে ইয়াতকৈ উন্নতমানৰ বাহনৰ কথা চিন্তা কৰিবলৈ ধৰিলে। ইয়াৰ ফলস্বৰূপেই ১৮৩৯ চনত স্কটলেণ্ডৰ ডামফ্ৰীজৰ কেক’প্ৰেট্ৰিক মেকমিলান নামৰ কমাৰ এজনে লোহাৰ চকা সংলগ্ন পেডেল থকা দুচকীয়া যান এখন সাজি উলিয়ালে। পিছৰ চকাত ‘ক্ৰেংক’ থকা এই যানখনৰ বহা আসনখন চকাকেইটাতকৈ বহুত তলত আছিল যদিও ই অধিক উন্নত আছিল। ইয়াত পেডেল থকা বাবে যানখন চলাবলৈও সুবিধা। মেকমিলানৰ এই নমুনাটোৱেই আধুনিক চাইকেলৰ পূৰ্বাৱস্থা আৰু কেক’প্ৰেট্ৰিক মেকমিলানকে চাইকেলৰ আৱিষ্কাৰক বুলিব পাৰি। এই যানখন এতিয়াও লণ্ডনৰ কিংষ্টনত থকা বিজ্ঞান সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। এই মডেলৰ চাইকেল যথেষ্ট জনপ্ৰিয় হৈ উঠিছিল যদিও এই বাহনখনতো নানান বিসংগতি পাই, সিবিলাকক আঁতৰাবলৈ ক্ৰমান্বয়ে নতুন নতুন আৰ্হিৰ চাইকেলৰ প্ৰচলন হৈ থাকিবলৈ ধৰিলে। মেকমিলানৰ নামটো চাইকেল-চালনাৰ ফলত হোৱা প্ৰথমটো ট্ৰেফিক অপৰাধৰ লগতো জড়িত হৈ আছে। যেতিয়া ১৮৪২ চনত এখন গ্লাছগ' বাতৰিকাকতে এটা দুৰ্ঘটনাৰ বাতৰি প্ৰকাশ কৰি এইদৰে কৈছিল যে-"এখন কুশলী আৰ্হিৰ ভেল'চিপেডত বহি অহা ডামফ্ৰিছ-শ্বায়াৰৰ এজন অচিনাকি ভদ্ৰলোকে গ্লাছগ'ৰ এগৰাকী সৰু ছোৱালীক খুন্দিয়াই থৈ যায় আৰু তেওঁক পাঁচ ছিলিঙৰ জৰিমনাৰে দণ্ড বিহা হয়। "[7]

ভেল'চিপেডত উঠি থকা অৱস্থাত মিখস্কৰ পুত্ৰ, ১৮৬৮ চনৰ ফটো

১৮৬১ চনত পীয়েৰ মিচক্স আৰু তেওঁৰ পুত্ৰ আৰ্ণেষ্টে ‘ভেলাচিপিড’ নামৰ এখন চাইকেল নিৰ্মাণ কৰি উলিয়ায়। তেওঁলোকে বাইচাইকেলৰ নক্সাটোৰ সমুখৰফালে ডাঙৰ চকা এটা লগ লগাই(ভেল'চিপেড) তাত পেডেলৰ সৈতে এটা যান্ত্ৰিক ক্ৰেংক ড্ৰাইভ সংযোজিত কৰে, যিয়ে চাইকেলৰ পূৰ্বৰ নক্সাটোক এক নতুন মাত্ৰা প্ৰদান কৰে।[8]১৮৬৯ চনত ইংলেণ্ডৰ চিলাই মেছিন নিৰ্মাণ কৰা কোম্পানী এটাই ‘পেনিং ফাৰ্ডিং’ অৰ্থাত্‍ সাধাৰণ চাইকেল নাম দি চকাত স্প’ক সংলগ্ন থকা আৰু তুলনামূলকভাৱে কম ওজনৰ চাইকেল প্ৰৱৰ্তন কৰে। (অৱশ্যে আজিৰ পৰা প্ৰায় ৩,২০০ বছৰৰ আগতে প্ৰাচীন ট্ৰয় চহৰত হোৱা এখন বিখ্যাত যুদ্ধত স্প’ক লগোৱা চকাৰ ৰথ ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা হৈছে)। ষ্টীলেৰে নিৰ্মিত চুঙাৰ ফ্ৰেমৰ এই চাইকেলবিধত তাঁৰৰ স্প’ক থকা সংযোজিত কৰা হৈছিল। এই চকাবোৰত গোটা ৰবৰৰ টায়াৰ লগোৱা হৈছিল। ইয়াৰ সমুখৰ চকাটো পিছৰ চকাটোতকৈ বহুত সৰু আছিল আৰু তাৰ ওপৰতে আৰোহীৰ চিটটো আছিল। তাৰ পাছত আগচকাৰ ব্যাস ক্ৰমান্বয়ে কমাই বহা আসন পিছলৈ দি ‘ডোৱাৰ্ফ অৰ্ডিনেৰী’ নামৰ চাইকেলখন নিৰ্মাণ কৰা হৈছিল। বৰ বেগেৰে যোৱা এই বাহনবিধত ১৮৭৪ চনত লণ্ডনৰ এছ জে লাছন নামৰ ব্যক্তি এজনে ব্ৰেক সংযোগ কৰি ‘চেফটি বাইচাইকেল’ বা ‘সুৰক্ষিত বাইচাইকেল’ সাজি উলিয়ায়। ১৮৭৮ চনত কাউপাৰ নামৰ এজন লোকে চাইকেলত ৰবৰৰ চকা আৰু বল বিয়েৰিঙৰ ব্যৱস্থা কৰে। এনেকৈ এই বিচিত্ৰ বাহন চাইকেলখনে বিভিন্ন সময়ত কেতবোৰ অভিলেখ ৰচনা কৰিলে।

১৮৯০ ৰ দশকটো চাইকেলৰ সোণালী যুগ বুলি কোৱা হয়। এই সময়তে ক্ৰমান্বয়ে চাইকেলৰ ৰেহ-ৰূপ সলনি হ’বলৈ ধৰিলে। ১৮৮৫ চনত ইংলেণ্ডৰ ‘ৰ’ভাৰ’ কোম্পানীয়ে ‘ৰ’ভাৰ’ নামেৰে দুটা সম আকৃতিৰ আৰু আকাৰৰ চকা থকা চাইকেল নিৰ্মাণ কৰে। ইয়াৰ তিনিবছৰৰ পাছতজন বয়েড ডানলপে বতাহ ভৰাব পৰা ফোঁপোলা ‘নিউমেটিক’ টায়াৰ আৱিষ্কাৰ কৰে। ডানলপৰ এই আৱিষ্কাৰে কেৱল চাইকেলৰ ক্ষেত্ৰতে নহয়,সমগ্ৰ চকা শিল্পলৈও যুগান্তৰ আনিলে। এনেদৰেই গিয়েৰ, চেইন,ফ্ৰি হুইল,ব্ৰেক,ফোঁপোলা টায়াৰ আদিৰে ১৮৯০ চনৰে পৰা আধুনিক নিৰাপদ চাইকেলৰ প্ৰচলন আৰম্ভ হ’ল। এই শতিকাৰ শেষৰ ফালে বিভিন্ন দেশত চাইকেল চলোৱা লোকৰ ক্লাবৰ আৰম্ভ হয়। তাৰ পাছতে আৰম্ভ হয় চাইকেলেৰে দূৰ ভ্ৰমণ কৰা বা তেনে ভ্ৰমণৰ প্ৰতিযোগিতা। সৈন্য বাহিনী আৰু আৰক্ষী বাহিনীতো চাইকেল ব্যৱহাৰ কৰা হয়। চিঠি বিলি কৰা ডাকোৱালৰ চাইকেলখনৰ টিলিঙাটোলৈযে কিমানৰ অধীৰ অপেক্ষা!

ভাৰতবৰ্ষৰ মানুহে যেতিয়া প্ৰথম চাইকেল ব্যৱ্হাৰ কৰিছিল তেতিয়া তাৰ নাম আছিল ‘লোহাৰ ঘোঁৰা’। ইয়াত প্ৰথম চাইকেল উদ্যোগ স্থাপন হয় ১৯১০ চনত কলকতা চহৰত। তেতিয়াৰে পৰাই

ভাৰতবৰ্ষত বিভিন্ন কোম্পানীয়ে চাইকেল নিৰ্মাণ কৰি আহিছে আৰু নানা ঠাইলৈ ৰপ্তানি কৰা হৈছে।

বিশ্ব চাইকেল দিৱস[সম্পাদনা কৰক]

২০১৮ চনৰ এপ্ৰিল মাহত জাতিসংঘৰ সাধাৰণ পৰিষদে ৩ জুন দিনটো আন্তৰ্জাতিক বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰে। বিশ্ব চাইকেল দিৱসৰ বাবে প্ৰস্তাৱটো হৈছে - ‘ চাইকেলৰ স্বতন্ত্ৰতা, দীৰ্ঘায়ুতা আৰু বহুমুখীতাক স্বীকৃতি দিয়া যি, দুই শতিকা জুৰি ব্যৱহৃত হৈ আছে আৰু ই অতি সহজ, সাশ্ৰয়ী, নিৰ্ভৰযোগ্য, পৰিষ্কাৰ আৰু পৰিবেশগতভাৱে পৰিবহণৰ উত্তম উপায়। ’

চাইকেলৰ কিমান যে কথা! [সম্পাদনা কৰক]

              

·        ১৯৬৩ চনৰ ২১ নৱেম্বৰত থুম্বা বিষুবীয় ৰকেট উত্‍ক্ষেপণ কেন্দ্ৰৰ পৰা উত্‍ক্ষেপণ কৰা ভাৰতৰ প্ৰথম ৰকেটটোৰ শীৰ্ষাংশ ছাইকেলেৰে কঢ়িয়াই নিয়া হৈছিল।

·        ইটালীৰ সাহিত্যিক Luigi Bartolini ৰ `Bicycle Thieves’  নামৰ জনপ্ৰিয় উপন্যাসখন অসমীয়াকে (‘বাইচাইকেল চোৰ’) ধৰি বিশ্বৰ ভালেমান ভাষালৈ অনুবাদ হোৱাৰ উপৰিও এই নামৰ চিনেমাখনেও যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

·        আশীৰ দশকত ‘বোৱাৰী’ নামৰ অসমীয়া চিনেমাখনৰ --‘মন হীৰা দৈ চাইকেল নহয় টিলিঙা....’শীৰ্ষক গানটো তেতিয়াৰ অসমীয়া চিনেমাৰ জগততে আছিল ছুপাৰহিট গান।

·        বৰ্তমান চৰকাৰে ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ বাবে বিদ্যালয়ৰ দুখীয়া ছাত্ৰীক চাইকেল প্ৰদান কৰিছে।

·        উন্নত দেশবোৰত মূলপথৰ লগতে চাইকেল আৰোহীৰ বাবে নিৰ্দিষ্ট পথ আছে।

·        এছিয়াৰ প্ৰায় সকলো দেশতে কৰ্মস্থলী,বিদ্যালয় বা বজাৰ-সমাৰ কৰা,ইফালে-সিফালে যোৱা আদিৰ বাবে সৰ্বসাধাৰণ লোকে চাইকেলখনকে ব্যাপকভাৱে ব্যৱহাৰ কৰে।

·        উগাণ্ডা,টাঞ্জানিয়া আৰু শ্ৰীলংকা আদি দেশত চাইকেলখনে জীৱিকা-নিৰ্বাহৰ লগতে পৰিয়ালৰ আয় বঢ়োৱাতো সহায় কৰে।

·        ‘ই টি’ নামৰ ইংৰাজী চিনেমাখনত ইলিয়ট,মাইকেলহঁতে ই-টিক বচাবৰ কাৰণে চাইকেল এখনেৰে আকাশলৈ উৰা মাৰিছিল।

·        সম্ভৱত: চাইকেলেই একমাত্ৰ বাহন যি স্ত্ৰী আৰু পুৰুষৰ বাবে বেলেগ বেলেগ – ল’ৰাৰ চাইকেল, ছোৱালীৰ চাইকেল। এসময়ত এখন ‘লেডী বাৰ্ড’ চাইকেল পাবলৈ কিমান ছোৱালীৰ যে হাবিয়াস আছিল!

উৰণীয়া চাইকেল[সম্পাদনা কৰক]

মানুহৰ আকাশত উৰাৰ সপোন শেষ হোৱা নাই। সেয়ে ধনী-দুখীয়া নিৰ্বিশেষে সকলোৰে অতি আদৰৰ চাইকেল এখন চলাই ওপৰেৰে যাতায়ত কৰা হেঁপাহ মানুহৰ মাজত অহৰহ চলি আছে। এই সন্দৰ্ভত বিভিন্ন দেশত কাৰিকৰী জ্ঞানেৰে সমৃদ্ধ ব্যক্তিয়ে চেষ্টা চলাইছে। অলপতে জেক গণৰাজ্যত উৰণীয়া চাইকেল এখন সাজি উলিওৱা হৈছে। এই চাইকেলখন মাটিৰ পৰা কেইবা মিটাৰ ওপৰলৈ উৰিব পাৰে। বেটাৰীৰ দ্বাৰা চালিত এই চাইকেলখন এবাৰ উৰাৰ পাছত আকৌ বেটাৰী চাৰ্জ কৰিবলগা হৈছিল। অৱশ্যে উন্নত বেটাৰীৰ সহায়ত এনে চাইকেলেৰে উৰি ফুৰিব পৰা যাব। ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰজন ফডেন আৰু য়ানিক ৰিড নামৰ দুজন ব্যক্তিয়ে এখন উৰণীয়া চাইকেল উদ্ভাৱণ কৰিছিল। এই চাইকেলখনৰ নাম আছিল পাৰাডেলো উৰণীয়া চাইকেল বা এক্সপ্ল’ৰএয়াৰ পেৰাভেলো। তেওঁলোকৰ মতে এইখনেই পৃথিৱীৰ প্ৰথম আচল বাইচাইকেল। এই যানখনে ভূমিত ঘণ্টাত ২৪ কিল’মিটাৰ গতি বেগেৰে যাব পাৰে। ই মাটিৰ পৰা প্ৰায় ৪০০০ ফুট ওপৰলৈ উঠিব পাৰে আৰু আকাশত ইয়াৰ গতিবেগ প্ৰায় ৪০ কিল’মিটাৰ।

লেৰী নীল নামৰ এজন ব্যক্তিয়েও এক উন্নত ইঞ্জিন যুক্ত ছুপাৰ স্কাইচাইকেল নিৰ্মাণ কৰিছে। ভূমিত প্ৰায় এশ কিল’মিটাৰ বেগেৰে যাব পৰা এই যানখন আকাশত ঘণ্টাত প্ৰায় ৫৫ কিল’মিটাৰৰ অধিক বেগেৰে যাব পাৰে। এই যানৰ ইন্ধন পেট্ৰ’ল।


আটাইতকৈ ডাঙৰ  চাইকেল[সম্পাদনা কৰক]

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেভ মূৰে বিশ্বৰ আটাইতকৈ ডাঙৰ চাইকেলখন নিৰ্মাণেৰে অভিলেখ সৃষ্টি কৰে। ফ্ৰাংকেনষ্টাইনৰ অনুকৰণতেই নিৰ্মাণ কৰা এই দৈত্যকায় চাইকেলখনৰ নামকৰণ কৰা হয় ফ্ৰাংকেনচাইকেল নামেৰে। ৩.৩৫ মিটাৰ উচ্চতাসম্পন্ন এই চাইকেলখনৰ চকাৰ ব্যাসাৰ্ধ প্ৰায় ৩.০৫ মিটাৰ। এই বৃহদাকাৰ চাইকেলখন ১৮৮৯ চনত প্ৰথমবাৰৰ বাবে কেলিফৰ্ণিয়াৰ ষ্টীভ গৰ্ডন নামৰ লোকজনে চলাইছিল


আটাইতকৈ ওখ  আৰোহণযোগ্য চাইকেল [সম্পাদনা কৰক]

২০০৩ চনৰ ১জুলাইৰ দিনা কানাডাৰ ব্ৰেড গ্ৰাহাম নামৰ ব্যক্তি এজনে সফলতাৰে চলাই দেখুৱাই  পৃথিৱীৰ আটাইতকৈ ওখ চাইকেলখন। স্কাইচাইকেল নামৰ এই চাইকেলখনৰ উচ্চতা ৪.৩৪ মিটাৰ। মাত্ৰ দুটা চকাৰ এই চাইকেলখনত আন কোনো ঢোকা বা অৱলম্বনৰ ব্যৱস্থা নাই।


মিউজিকেল চাইকেল   [সম্পাদনা কৰক]

চিকাগোৰ ছেমুৱেল গছ নামৰ এজন যন্ত্ৰবিদে ৰেডিঅ’ আৱিষ্কাৰ কৰাৰ আগতেই মিউজিকেল চাইকেল সাজি উলিয়াই খলকনিৰ সৃষ্টি কৰিছিল। তেওঁ চাইকেলখনৰ ফ্ৰেমত পিয়ানোৰ তাঁৰ আৰু সৰু হাতুৰী সংযুক্ত কৰিছিল। চাইকেলৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি তাৰপৰা বিভিন্ন শব্দ উত্‍পন্ন হৈছিল!

   

আটাইতকৈ সৰু  আৰোহণযোগ্য চাইকেল[সম্পাদনা কৰক]

অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ গ্ৰে’-ডষ্টোন চহৰৰ নেভিল পেটেন নামৰ লোক এজনে সাজি উলিওৱা পৃথিৱীৰ আটাইতকৈ সৰু আৰোহণযোগ্য চাইকেলখনৰ চকাৰ ব্যাসাৰ্ধ ১.৯ ছেণ্টিমিটাৰ। পেটেনে ১৯৮৮ চনৰ ২৫ মাৰ্চৰ দিনা এই চাইকেলখনত উঠি ৪.১ মিটাৰ দূৰত্ব অতিক্ৰম কৰে।

আটাইতকৈ দীঘল  আৰোহণযোগ্য চাইকেল[সম্পাদনা কৰক]

বিশ্বৰ আটাইতকৈ দীঘল আৰোহণযোগ্য  চাইকেলখন নিৰ্মাণ কৰিছিল নিউজিলেণ্ডৰ টেৰী খেজমেন নামৰ এজন ব্যক্তি। এই চাইকেলখনৰ দৈৰ্ঘ্য আছিল ২২.২৪ মিটাৰ। ১৯৮৮ চনত চাৰিজন আৰোহীয়ে ৩৪০ কিল’গ্ৰাম ওজনৰ এই চাইকেলখন ২৪৬ মিটাৰ দূৰত্বলৈ চলাই নিছিল।


বাঁহৰ চাইকেল[সম্পাদনা কৰক]

অসমৰ শিল্পী দধি পাঠকে নিৰ্মাণ কৰা বাঁহৰ চাইকেল শিল্প-কৰ্মৰ অনন্য নিদৰ্শণ। এই চাইকেল ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈ ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।


চাইকেলে সৰ্বাধিক দূৰত্ব ভ্ৰমণ [সম্পাদনা কৰক]

চাইকেলে সৰ্বাধিক দূৰত্ব ভ্ৰমণ কৰাৰ অভিলেখ সৃষ্টি কৰে। ৱাল্টাৰ ষ্টল নামৰ অধ্যাপক এজনে। তেওঁ ১৯৫৯ চনৰ পৰা ১৯৭৬ চনলৈকে সৰ্বমুঠ ৬,৪৬,৯৬০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি চাইকেলে সৰ্বাধিক দূৰত্ব ভ্ৰমণ কৰাৰ অভিলেখ সৃষ্টি কৰিছে। এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ বিশ্বৰ ১৫৯খন দেশ ভ্ৰমণ কৰিছিল। এই অনন্য কৃতিত্বৰে অধ্যাপক ষ্টলে গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।


চাইকেল নিৰ্মাণৰ প্ৰথমটো কাৰখানা[সম্পাদনা কৰক]

১৮৬৮ চনত ৰউলী টাৰ্নাৰ আৰু জেমছ ষ্টাৰ্লী নামৰ ব্যক্তি দুজনে লগ লাগি প্ৰথম চাইকেল নিৰ্মাণৰ কাৰখানা এটা আৰম্ভ কৰে। এই কাৰখানাটোত নিৰ্মিত চাইকেলখনৰ নাম আছিল মাইকোক্স চাইকেলৰ ‘কভেণ্ট্ৰী মডেল’।

চাইকেলৰ দ্বাৰা হোৱা প্ৰথম দুৰ্ঘটনা[সম্পাদনা কৰক]

চাইকেল আৱিষ্কাৰ কৰা মেকমিলানে তেওঁ সাজি উলিওৱা নতুন আৰ্হিৰ যানখনেৰে ১৮৪২ চনত এজনী সৰু ছোৱালীক খুন্দা মাৰে। তেতিয়াই গ্ৰাছগোৰ বাতৰি কাকতত সেইটোৱেই চাইকেলৰ দ্বাৰা হোৱা প্ৰথম দুৰ্ঘটনা বুলি চিহ্নিত হৈছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Koeppel, Dan (January–February 2007). "Flight of the Pigeon". Bicycling (Rodale) খণ্ড 48 (1): 60–66. ISSN 0006-2073. https://books.google.com/books?id=isUDAAAAMBAJ&pg=PA60। আহৰণ কৰা হৈছে: 2012-01-28. 
  2. "Bicycling; A way of life; Faster in town than going by car, bus, tube or on foot". The Economist. April 20, 2011. http://www.economist.com/node/18584086. 
  3. "Bicycles produced in the world". Worldometers. http://www.worldometers.info/bicycles/। আহৰণ কৰা হৈছে: 2 January 2012. 
  4. http://www.iosrjournals.org/iosr-jmce/papers/vol12-issue6/Version-5/A012650114.pdf
  5. 5.0 5.1 5.2 "bicycle". Oxford English Dictionary (3rd সম্পাদনা). Oxford University Press. September 2005. http://oed.com/search?searchType=dictionary&q=bicycle. 
  6. "bicycle (n.)". Online Etymology Dictionary. Retrieved 10 February 2014. 
  7. "Is dangerous cycling a problem?". BBC News. 13 April 2011. https://www.bbc.co.uk/news/magazine-13040607। আহৰণ কৰা হৈছে: 11 February 2014. 
  8. http://books.google.co.in/books?id=8S0UAAAAYAAJ&pg=PA648&redir_esc=y#v=onepage&q&f=false