চামি মুৰ্মু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চামি মুৰ্মু
জন্ম ১৯৭৩
বাগ্ৰাইছাই, ৰাজনগৰ, চৰাইকেলা খৰছাৱন,, ঝাৰখণ্ড, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় ২৫ লাখ গছপুলি ৰোপণ
বঁটা, সন্মান, পুৰস্কাৰ আদি নাৰী শক্তি পুৰস্কাৰ, পদ্মশ্ৰী

চামি মুৰ্মু (জন্ম প্ৰায় ১৯৭৩) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী আৰু ভাৰতত গছপুলি ৰোপণৰ বাবে পৰিচিত। ২০১৯ চনত নাৰী শক্তিৰ সন্মান লাভ কৰালৈকে ভাৰতত ২৫ লাখ গছপুলি ৰোপণ কৰিছিল।

জীৱনী[সম্পাদনা কৰক]

মুৰ্মুৰ জন্ম হৈছিল প্ৰায় ১৯৭৩ চনত[1] তেওঁৰ ঘৰ চেৰাইকেলা খাৰছাৱান জিলাৰ ৰাজনগৰ ব্লকৰ বগৰাইছাই গাঁৱত।[2] প্ৰায় ১৯৯৬ চনত মুৰ্মুই গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰে। পিছৰ ২৪ বছৰত তেওঁ‌ ২৫ লাখ গছ ৰোপণৰ সৈতে জড়িত হৈ পৰিল।[1] এই গছবোৰ তেওঁৰ গাঁৱৰ চাৰিওফালে থকা গছপুলি যিবোৰ "মাফিয়াই" কাটি পেলোৱা গছবোৰৰ ঠাইত ৰোৱা হৈছে। নক্সালবাদীৰ অসুবিধাৰ মাজতো তেওঁ কাম কৰি আছে ৷ ২০২০ চনত তেওঁ সহযোগী মহিলা বাগৰাইছাই নামৰ এটা সংস্থাৰ সম্পাদিকা আছিল, ইয়াৰ ৩,০০০ সদস্য আছে।[2]

২০২০ চনত নাৰী শক্তি পুৰস্কাৰ গ্ৰহণৰ পিছত মুৰ্মু

২০২০ চনৰ মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মুৰ্মু নতুন দিল্লীত আছিল য'ত ৰাষ্ট্ৰপতি কোবিন্দে বাৰটা নাৰী শক্তিপুৰস্কাৰ বঁটা প্ৰদান কৰিছিল আৰু নিৰ্বাচিতসকলৰ ভিতৰত মুৰ্মু অন্যতম আছিল।[3] সেই মাহৰ শেষৰ ফালে মুৰ্মুৱে ঘোষণা কৰে যে তেওঁ আৰু যমুনা টুডু ঝাৰখণ্ডৰ বনাঞ্চল ৰক্ষাৰ বাবে একত্ৰিত হ’ব। সংবাদ মাধ্যমত তেওঁলোকক "দ্য লেডী টাৰ্জানছ" বুলি কোৱা হৈছিল। যমুনা টুডাৰ সংগঠনত ৩০০ জন সদস্য আছে আৰু তেওঁলোকে একেলগে অধিক সহযোগিতা বিচাৰি পোৱাৰ আশা কৰিছে।[2]

বঁ‌টা[সম্পাদনা কৰক]

  • ইন্দিৰা প্ৰিয়াদৰ্শিনী বৃক্ষমিত্ৰ বঁটা, ১৯৯৬
  • নাৰী শক্তি পুৰস্কাৰ, ২০১৯
  • পদ্মশ্ৰী, ২০২৪

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Engl, India New; News (2020-03-09). "Chami Murmu: Jharkhand's green warrior among Nari Shakti awardees" (en ভাষাত). INDIA New England News. Archived from the original on 2021-11-26. https://web.archive.org/web/20211126125937/https://indianewengland.com/2020/03/chami-murmu-jharkhands-green-warrior-among-nari-shakti-awardees/। আহৰণ কৰা হৈছে: 2020-04-10. 
  2. 2.0 2.1 2.2 "Green warriors to join forces" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/jharkhand/green-warriors-to-join-forces/cid/1753819। আহৰণ কৰা হৈছে: 2020-04-10. 
  3. "President Kovind presents the Nari Shakti Puraskar on International Women's Day in New Delhi". YouTube. 8 March 2020. https://www.youtube.com/watch?v=aL47jWiLrdc। আহৰণ কৰা হৈছে: 10 April 2020.