চায়াকা মুৰাটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চায়াকা মুৰাটা

লিটাৰেচাৰ এক্সচেঞ্জ ফেষ্টিভেল
আৰহাচ/ডেনমাৰ্ক ২০২২
ফটো: Hreinn Gudlaugsson
জন্ম ১৪ আগষ্ট, ১৯৭৯ (৪৪ বছৰ)
ভাষা জাপানীজ
মাতৃশিক্ষায়তন তামাগৱা বিশ্ববিদ্যালয়
ধৰণ কল্প-সাহিত্য
উল্লেখনীয় কৰ্মৰাজি
  • Gin iro no uta (ギンイロノウタ)
  • Shiro-iro no machi no, sono hone no taion no (しろいろの街の、その骨の体温の)
  • কমবিনি নিনজেন (コンビニ人間)
উল্লেখযোগ্য বঁটা
  • আকুটাগৱা প্ৰাইজ
  • মিছিমা অ’কিঅ’ প্ৰাইজ
  • নমা লিটাৰেৰী প্ৰাইজ
  • গুঞ্জ প্ৰাইজ ফৰ নিউ ৰাইটাৰ্চ

চায়াকা মুৰাটা (村田沙耶香 , ইংৰাজী: Sayaka Murata; জন্ম:১৪ আগষ্ট, ১৯৭৯) বা মুৰাটা চায়াকা এগৰাকী জাপানী সাহিত্যিক। তেওঁ সাহিত্যৰ বাবে নতুন লেখকক প্ৰদান কৰা গুঞ্জ বঁটা, নমা সাহিত্য বঁটা, মিছিমা অ’কিঅ’ প্ৰাইজ আৰু আকুটাগৱা প্ৰাইজ লাভ কৰিছে।

জীৱনপঞ্জী[সম্পাদনা কৰক]

১৯৭৯ চনত জাপানৰ চিবা প্ৰিফেকচাৰৰ ইনজাইত মুৰাটাৰ জন্ম হৈছিল। সৰুতে প্ৰায়ে তেওঁ তেওঁৰ ককায়েক আৰু মাকৰ পৰা ধাৰলৈ লৈ বিজ্ঞানৰ কল্পকাহিনী আৰু ৰহস্য উপন্যাস পঢ়িছিল, আৰু প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত নিজ হাতে এখন উপন্যাস লিখিবলৈ চেষ্টা কৰিছিল। জীয়েকক উৎসাহিত কৰিবলৈ মাকে লিখিবলৈ বুলি তেওঁক এটা ৱৰ্ড প্ৰচেছৰ কিনি দিছিল।[1] মুৰাটাই ইনজাইত মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, তেওঁৰ পৰিয়ালটো ট’কিঅ’লৈ যায়, য’ত তেওঁ কাচিৱা হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ তামাগৱা বিশ্ববিদ্যালয়ত পঢ়িছিল।[2]

কাচিৱা হাইস্কুল

তেওঁৰ প্ৰথমখন উপন্যাস ‘জ্যুন্যু’ (ব্ৰেষ্টফিডিং)এ নতুন লেখকক প্ৰদান কৰা গুঞ্জ প্ৰাইজ লাভ কৰিছিল।[3] ২০১৩ চনত ‘Shiro-iro no machi no, sono hone no taion no’ (অফ বনচ্‌, অফ বডি হিট, অফ হোৱাইটনিং চিটি)ৰ বাবে তেওঁ মিছিমা অ’কিঅ’ বঁটা আৰু ২০১৪ চনত ‘চেঞ্চ অৱ জেণ্ডাৰ এৱাৰ্ড’ নামে এটি বিশেষ বঁটা লাভ কৰে।[4][5] ২০১৬ চনত তেওঁৰ দশম উপন্যাস ‘কমবিনি নিনজেন’-এ সন্মানীয় আকুটাগৱা বঁটা লাভ কৰে [6] আৰু সেই বৰ্ষতে ‘ভগ’ আলোচনীৰ জাপান সংস্কৰণত বছৰটোৰ মহিলা ৰূপে তেওঁৰ নাম উল্লেখ হয়। জাপানত ‘কমবিনি নিনজেন’ৰ ১.৫ মিলিয়ন কপি বিক্ৰী হয় আৰু ২০১৮ চনত ‘কন্ভিনিয়েঞ্চ ষ্ট’ৰ ৱ’মেন’ শীৰ্ষকেৰে কিতাপখন ইংৰাজীলৈ অনুবাদ হয়। ইংৰাজী ভাষালৈ অনুবাদ হোৱা এইখনেই তেওঁৰ প্ৰথম কিতাপ। পিছত ৩০টাতকৈও অধিক ভাষাত উপন্যাসখনৰ অনুবাদ প্ৰকাশ পায়।

২০১৭ চনলৈকে মুৰাটাই ট’কিঅ’ৰ ‘কন্ভিনিয়েঞ্চ ষ্ট’ৰ’ত কেৰাণী হিচাপে পাৰ্ট-টাইম কাম কৰিছিল।[7]

লেখনশৈলী[সম্পাদনা কৰক]

মুৰাকাৰ লেখনীত সমাজত সততে দেখা পোৱা পুৰুষ আৰু মহিলাৰ মাজৰ অসামঞ্জস্যসমূহৰ উল্লেখ হৈছে; বিশেষকৈ সাহিত্যৰ মাজেৰে তেওঁ লৈংগিক বিভেদ, অভিভাৱকত্ব আৰু যৌনতা সন্দৰ্ভত মুকলিকৈ আলোচনা কৰিছে।[8] তেওঁৰ লেখনীৰ বহুতো বিষয় বস্তু আৰু চৰিত্ৰ তেওঁ ‘কন্‌ভিনিয়েঞ্চ ষ্ট’ৰ’ত কাম কৰি থকাৰ সময়ত হোৱা অভিজ্ঞতা আৰু দৈনন্দিন পৰ্যৱেক্ষণৰ আলমত গঢ় লৈ উঠিছে।[7] যৌনতা, বৈবাহিক জীৱনৰ ভিতৰৰ সন্মুখীন হোৱা যৌনতাহীনতা, স্বেচ্ছামূলক বা অনিচ্ছাকৃত বহ্মচৰ্যৰ সামাজিক গ্ৰাহণযোগ্যতাক থীম ৰূপে লৈ তেওঁ তেওঁৰ কেইবাখনো উপন্যাস আৰু তেওঁৰ গল্প ‘আ ক্লিন মেৰেজ’ ৰচনা কৰিছে।[9][10]চিলভাৰ চং’ আৰু ‘অফ বনচ্‌, অফ বডি হিট, অফ হোৱাইটনিং চিটি’ত তেওঁ খোলাকৈ কৈশোৰ যৌনতা বিষয়ত আলোকপাত কৰিছে।[11]

স্বীকৃতি[সম্পাদনা কৰক]

বৰ্ষ বঁটা শীৰ্ষক টোকা
২০০৩ গুঞ্জ প্ৰাইজ ফ’ৰ নিউ ৰাইটাৰ[3] জ্যুন্যু (授乳) বিজেতা
২০০৯ মিছিমা অ’কিঅ’ প্ৰাইজ[5] Gin iro no uta (ギンイロノウタ) মনোনয়ন
২০০৯ নমা লিটাৰেৰী প্ৰাইজ[12] Gin iro no uta (ギンイロノウタ) বিজেতা
২০১০ মিছিমা য়ুকিঅ’ প্ৰাইজ[5] Hoshi ga sū mizu (星が吸う水) মনোনয়ন
২০১২ মিছিমা য়ুকিঅ’ প্ৰাইজ[5] Tadaima tobira (タダイマトビラ) মনোনয়ন
২০১৩ মিছিমা য়ুকিঅ’ প্ৰাইজ[5] Shiro-iro no machi no, sono hone no taion no (しろいろの街の、その骨の体温の) বিজেতা
২০১৪ চেঞ্চ অৱ জেণ্ডাৰ এৱাৰ্ড[13] Satsujin shussan (殺人出産) বিজেতা
২০১৬ আকুটাগৱা প্ৰাইজ[6] কমবিনি নিনজেন (コンビニ人間) বিজেতা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "村田沙耶香インタビュー「バイトは週3日、週末はダメ人間です」" (ja ভাষাত). Bungeishunjū. August 20, 2017. http://bunshun.jp/articles/-/3687. 
  2. "印西出身の村田沙耶香さん 入学時文集「いつか理想の自分に」 二松学舎大学付属柏高、母校も喜びに沸く /千葉" (ja ভাষাত). Mainichi. July 21, 2016. Archived from the original on May 13, 2019. https://web.archive.org/web/20190513102742/https://mainichi.jp/articles/20160721/ddl/k12/040/584000c. 
  3. 3.0 3.1 "Gunzo Awards" (ja ভাষাত). Gunzo. http://gunzo.kodansha.co.jp/awards। আহৰণ কৰা হৈছে: June 14, 2018. 
  4. Specchio, Anna (July 5, 2018). "Eutopizing the Dystopia. Gender Roles, Motherhood and Reproduction in Murata Sayaka's "Satsujin Shussan"". Metacritic Journal for Comparative Studies and Theory খণ্ড 4 (1): 94–108. doi:10.24193/mjcst.2018.5.06. ISSN 2457-8827. 
  5. 5.0 5.1 5.2 5.3 5.4 "| 新潮社". 新潮社コーポレートサイト. https://www.shinchosha.co.jp/prizes/mishimasho/. 
  6. 6.0 6.1 Kikuchi, Daisuke (July 20, 2016). "Convenience store worker who moonlights as an author wins prestigious Akutagawa Prize". The Japan Times. https://www.japantimes.co.jp/news/2016/07/20/national/convenience-store-worker-who-moonlights-as-novelist-wins-prestigious-akutagawa-prize/. 
  7. 7.0 7.1 Rich, Motoko (June 11, 2018). "For Japanese Novelist Sayaka Murata, Odd Is the New Normal". New York Times. https://www.nytimes.com/2018/06/11/books/japanese-novelist-sayaka-murata-convenience-store-woman.html. 
  8. Rich, Motoko (June 11, 2018). "For Japanese Novelist Sayaka Murata, Odd Is the New Normal". The New York Times. https://www.nytimes.com/2018/06/11/books/japanese-novelist-sayaka-murata-convenience-store-woman.html. 
  9. Fallon, Claire (June 12, 2018). "Amid All The Talk Of Incels, A Solitary Woman's Story". HuffPost. https://www.huffingtonpost.com/entry/convenience-store-woman_us_5b198ae5e4b0adfb8267207e। আহৰণ কৰা হৈছে: June 13, 2018. 
  10. Tapley Takamori, Ginny (April 24, 2014). "Translator's Note: A Clean Marriage". Granta. https://granta.com/a-clean-marriage/। আহৰণ কৰা হৈছে: June 14, 2018. 
  11. "Silver Song". Books from Japan. http://www.booksfromjapan.jp/publications/item/899-silver-song। আহৰণ কৰা হৈছে: June 14, 2018. 
  12. "過去の受賞作品" (ja ভাষাত). Kodansha. Archived from the original on May 13, 2019. https://web.archive.org/web/20190513102754/https://www.kodansha.co.jp/award/noma_n/51260.html। আহৰণ কৰা হৈছে: June 21, 2018. 
  13. "2014年度 第14回Sense of Gender賞" (ja ভাষাত). The Japanese Association for Gender Fantasy and Science Fiction. August 29, 2015. http://gender-sf.org/sog/2014/। আহৰণ কৰা হৈছে: June 21, 2018.