চীলিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চীলিন

চীলিনৰ চিত্ৰ
শ্ৰেণী কিংবদন্তিমূলক জীৱ
উপশ্ৰেণী চীমেৰা
সম্পৰ্কীয় জীৱ কিৰিণ, কাই লান, গিলেন
First attested খ্ৰীষ্টপূৰ্ব ৫ম শতিকা
দেশ চীন

চীলিন (ইংৰাজী: /tʃiˈlɪn/ chee-LIN; চীনা: 麒麟) হৈছে চীনা লোককথাত পোৱা এটা কিংবদন্তিমূলক জীৱ। ই এবিধ খুৰাযুক্ত ড্ৰেগন সদৃশ জীৱ, আৰু কোনো ঋষি বা বিখ্যাত শাসকৰ আগমন বা আসন্ন মৃত্যুৰ সময়ত ই দেখা দিয়ে। চীলিন হৈছে এটা শিং থকা জন্তুৰ লিন নামৰ এক বিশেষ প্ৰকাৰৰ পৌৰাণিক পৰিয়ালৰ অন্তৰ্গত জীৱ। চীনা সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত অন্যান্য সংস্কৃতিৰ লোক কাহিনীতো কিলিনৰ উপস্থিতি দেখা পোৱা যায়।[1]

উৎপত্তি[সম্পাদনা কৰক]

কিংবদন্তিমূলক চীলিনৰ বিষয়ে আটাইতকৈ আগতীয়া উল্লেখ “ক্লাছিক অৱ পয়েট্ৰি” নামৰ কবিতাপুথিৰ “লিন ঝি ঝি” (Lín zhī zhǐ; লিনৰ ভৰি) নামৰ কবিতাটোত পোৱা যায়।[2][3] “স্প্ৰিং এণ্ড অটম এনেলছ” (Spring and Autumn Annals)ত উল্লেখ কৰা হৈছে যে লু (魯哀公)ৰ “ডিউক আই”এ ১৪ বছৰ বয়সত এটা লিন (麟) ধৰিছিল; এনেকৈ লিনটোক চিনাক্ত কৰাৰ কৃতিত্ব জুও ঝুয়ানে কনফুচিয়াছক দিছিল।[4][5][6]

লিনৰ সৈতে একে সাধাৰণ অৰ্থ বহন কৰা দ্বিবৰ্ণীয় ৰূপ (bisyllabic form) চীলিন (麒麟 ~ 騏驎) শব্দটো যুদ্ধৰত ৰাজ্যৰ যুগৰ (৪৭৫ – ২২১ খ্ৰীষ্টপূৰ্ব) ৰচনাসমূহত পোৱা গৈছিল বুলি প্ৰমাণিত হৈছে।[7] চী (Qi) মানে পুৰুষ আৰু লিন (lin) মানে মহিলা।[8]

চীলিনৰ কিংবদন্তিমূলক প্ৰতিচ্ছবি মিং সাম্ৰাজ্যৰ জিৰাফৰ প্ৰতিচ্ছবিৰ সৈতে জড়িত হৈ আছে।[9][10][11] চেং হোৰ ১৫ শতিকাৰ পূব আফ্ৰিকা ভ্ৰমণৰ পিছৰ পৰাই (অন্য ঠাইৰ লগতে আধুনিক ছোমালিয়াত অৱতৰণ) জিৰাফৰ সৈতে চীলিনৰ চিনাক্তকৰণ আৰম্ভ হৈছিল। মিং ৰাজবংশই ছোমালিয়াৰ ব্যৱসায়ীসকলৰ পৰা জেব্ৰা, ধূপ আৰু অন্যান্য বিভিন্ন বিদেশী প্ৰাণীৰ সৈতে জিৰাফ কিনিছিল।[12] চেং হোৱে দুটা জিৰাফ নানজিংলৈ ঘূৰাই আনিছিল আৰু সম্ৰাটে সেই জিৰাফকেইটাক গেৰি নামৰ এটা কিংবদন্তিমূলক জীৱ বুলি ভুল কৰিছিল, কিয়নো ছোমালি ভাষাত গেৰিৰ অৰ্থ হৈছে জিৰাফ।[13] জিৰাফৰ সৈতে চীলিনক জড়িতকৰণে স্থায়ী প্ৰভাৱ পেলালে: আজিও কোৰিয়ান আৰু জাপানী উভয় ভাষাতে কিংবদন্তিমূলক প্ৰাণী আৰু জিৰাফৰ বাবে একেটা শব্দ ব্যৱহাৰ কৰা হয়।[14]

এক্সেল স্কোৱেছলাৰে চীলিনৰ পুৰণি চীনা উচ্চাৰণ গেৰিন (gərin) হিচাপে পুনৰ্গঠন কৰিছিল। ফিনিছ ভাষাবিদ জুহা জানহুনেনে গেৰিন শব্দটোক কালিমভি (kalimV)ৰ সৈতে তুলনা কৰিছে, যাৰ অৰ্থ হৈছে “তিমি”[15]; এই শব্দটোৱে নিভখ আৰু চাৰিটা ভিন্ন ভাষা পৰিয়াল টুংগুচিক, মংগোলিক, তুৰ্কী আৰু চামোয়েডিকক প্ৰতিনিধিত্ব কৰে, য'ত কালায়ং (kalay(ә)ng) মানে “তিমি” (নেনেটছ ভাষাত) আৰু কাল্‌ভ্যা (kalVyǝ) মানে হৈছে “মেমথ” (এনেটছ আৰু ঙানাছান ভাষাত)। আদিবাসীসকলে “প্ৰকৃত প্ৰাণীটোৰ সম্পৰ্কে থকা অস্পষ্ট ধাৰণা”ৰ বাবে তিমি, মেমথ আৰু ইউনিকৰ্ণক প্ৰায়ে একাকাৰ কৰিছিল: তেওঁলোকে মেমথ আৰু তিমিক জলজ বুলি ধাৰণা কৰিছিল, লগতে মেমথ আৰু ইউনিকৰ্ণক এটা শিং থকা বুলিও ধাৰণা কৰিছিল; স্থানীয় লোকসকলে বাবে তিমি “এটা বিমূৰ্ততা হৈয়েই আছিল, তেওঁলোকৰ বাবে বিলুপ্ত মেমথ বা কিংবদন্তিমূলক ইউনিকৰ্ণৰ মাজত কোনো পাৰ্থক্য নাছিল।”

বিৱৰণ[সম্পাদনা কৰক]

সাধাৰণতে চীলিনৰ কিছুমান বৈশিষ্ট্য চীনা ড্ৰেগনৰ সৈতে মিলে: একে ধৰণৰ মূৰৰ শিং, ডাঠ চকুৰ পতা, সদায় ওপৰলৈ বৈ যোৱা চুলি আৰু দাড়ি। শৰীৰটো সম্পূৰ্ণ বা আংশিকভাৱে বাকলিযুক্ত আৰু আকৃতিৰ প্ৰায় ম'হ, হৰিণ বা ঘোঁৰা বা ছাগলীৰ দৰে।[16][17] ইহঁতক সদায় ফাটি যোৱা খুৰাৰে দেখুওৱা হয়।[18] চীনত ড্ৰেগন (আৰু তেনেকৈ চীলিন)ক সাধাৰণতে সোণালী ৰঙৰ বুলি চিত্ৰিত কৰা হয় যদিও চীলিন যিকোনো ৰঙৰ বা আনকি বহুৰঙীও হ'ব পাৰে আৰু ইয়াক ৰত্নযুক্ত বা ৰত্নৰ দৰে উজ্জ্বলতা প্ৰদৰ্শন কৰা বুলি চিত্ৰিত কৰিব পাৰি।[19]

চীনা শিল্পকলাত চীলিনে বিশেষ স্থান লাভ কৰিছে, আনকি কেতিয়াবা ইহঁতৰ শৰীৰৰ কিছুমান অংশ জ্বলি থকাকৈ চিত্ৰিত কৰা হয়।[18]

কিংবদন্তি অনুসৰি চীলিন ঐতিহাসিক সম্ৰাট হু-য়াংদীৰ বাগিচা আৰু সম্ৰাট ইয়াওৰ ৰাজধানীত আবিৰ্ভাৱ হৈছিল; দুয়োটা পৰিঘটনাই শাসকসকলৰ উপকাৰী স্বভাৱৰ সাক্ষ্য প্ৰদান কৰিছিল।[17] ইয়াৰ উপৰিও এটা চীলিনৰ আগমনৰ দ্বাৰা মহান মনিষী কনফুচিয়াছৰ জন্মৰ ভৱিষ্যদ্বাণী কৰা হৈছিল।[1]

ইউনিকৰ্ণ হিচাপে চীলিন[সম্পাদনা কৰক]

আধুনিক যুগত চীলিন প্ৰায়ে পশ্চিমীয়া ইউনিকৰ্ণৰ সৈতে মিলাই দিয়া হয়। চীলিন (麒麟)ক ইংৰাজীলৈ প্ৰায়ে “ইউনিকৰ্ণ” বুলি অনুবাদ কৰা হয়, আৰু কেতিয়াবা ইয়াক এটা শিং থকা বুলিও চিত্ৰিত কৰা হয়। অনুবাদটো অৱশ্যে বিভ্ৰান্তিকৰ, কিয়নো কিছুমান চীলিনৰ দুটা শিং থকাও দেখা যায়। আধুনিক চীনা ভাষাত “এক শিংযুক্ত জন্তু” (独角兽; 獨角獸; Dújiǎoshòu) বুলিলে “ইউনিকৰ্ণ”ক বুজায়। চীনৰ কেইবাটাও ভিন্ন কিমবদন্তিমূলক জীৱৰ এটা শিং থকা দেখা যায় আৰু চীলিনক এটা শিঙেৰে চিত্ৰায়িত কৰিলেও চীনা ভাষাত “ইউনিকৰ্ণ” বুলি নকৈ “এটা শিংযুক্ত কিলিন” বুলিহে কোৱা হয়।

তথাপিও জীৱদুটাৰ মাজৰ কিংবদন্তিমূলক আৰু ব্যুৎপত্তিগত সংযোগ বিভিন্ন সাংস্কৃতিক অধ্যয়নে[14][15] আৰু আনকি চীনা চৰকাৰেও লক্ষ্য কৰিছে, সেয়ে চৰকাৰে দুয়োটা কিংবদন্তিমূলক জীৱক চিত্ৰিত কৰা ৰূপ, সোণ আৰু প্লেটিনামৰ স্মৃতি মুদ্ৰা প্ৰস্তুত কৰিছে।[20]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "qilin (Chinese mythology)". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/110049/qilin। আহৰণ কৰা হৈছে: 24 July 2011. 
  2. Classic of Poetry "Airs of Zhou and the South – Lin's Feet" translated by James Legge
  3. Durrant, Li, & Schaberg (translators) (2016). Zuo tradition: Commentary on the Spring and Autumn Annals. Seattle & London: University of Washington Press. p. 1920, n. 292. quote: "It is significant that the earliest source known to mention the lin itself is “Lin zhi zhi” 麟之趾, or “The Foot of the Lin"
  4. 古建上的主要装饰纹样――麒麟 古建园林技术-作者:徐华铛 Archived 30 September 2007 at the Wayback Machine
  5. Zuozhuan "Duke Ai – 14th year – jing & zhuan"'
  6. Durrant, Li, & Schaberg (translators) (2016). Zuo tradition: Commentary on the Spring and Autumn Annals. pp. 1919–1921
  7. (2021). "Culture | Four mythical animals in Chinese culture". Publisher: CGTN; quote: "The Four Auspicious Beasts: qilin, long, bixi, fenghuang are also said to be the rulers of all the other animals. The first known mention of them dates from the Warring States Period (475 BC-221 BC)." Cf. Book of Rites "Li Yun 23" quote: "麟鳳龜龍,謂之四靈。"
  8. ChinaKnowledge.de
  9. 此“麟”非彼“麟”专家称萨摩麟并非传说中麒麟
  10. 傳說中的聖獸—麒麟[সংযোগবিহীন উৎস]
  11. "What Kind of Animal Was the Questing Beast?". Arthuriana খণ্ড 14 (2): 66–69. 2004. ISSN 1078-6279. https://www.jstor.org/stable/27870605. 
  12. Wilson, Samuel M. (December 1992). "The Emperor's Giraffe". Natural History খণ্ড 101 (12): 22–25. http://muweb.millersville.edu/~columbus/data/art/WILSON09.ART। আহৰণ কৰা হৈছে: 14 April 2012. 
  13. 傳世麒麟圖考察初稿 張之傑
  14. 14.0 14.1 Parker, J. T.:" The Mythic Chinese Unicorn"
  15. 15.0 15.1 Janhunen, J. (2011). Unicorn, Mammoth, Whale: mythological and etymological connections of zoonyms in North and East Asia. Linguistics, Archaeology and the Human Past, Occasional Paper, 12, 189–222.
  16. "Charger with a qilin, anonymous, c. 1350" (en ভাষাত). Rijksmuseum. https://www.rijksmuseum.nl/en/collection/AK-RBK-1965-88। আহৰণ কৰা হৈছে: 2022-05-15. 
  17. 17.0 17.1 Liscomb, Kathyln (2016). "CHAPTER 9 How the Giraffe Became a Qilin: Intercultural Signification in Ming Dynasty Arts". The Zoomorphic Imagination in Chinese Art and Culture. University of Hawai'i Press. পৃষ্ঠা. 341–378. ISBN 9780824872564. 
  18. 18.0 18.1 Bush, Susan (2016). "CHAPTER 2 Labeling the Creatures: Some Problems in Han and Six Dynasties Iconography". The Zoomorphic Imagination in Chinese Art and Culture. University of Hawai'i Press. পৃষ্ঠা. 76–77. ISBN 9780824872564. 
  19. Yoshida, Masako (2014). "Trade Stories: Chinese Export Embroideries in the Metropolitan Museum". Metropolitan Museum Journal খণ্ড 49 (1): 4–5. doi:10.1086/680031. https://www.jstor.org/stable/10.1086/680031. 
  20. "5 Yuan, China" (en ভাষাত). Numistaen.numista.com. https://en.numista.com/catalogue/pieces89740.html। আহৰণ কৰা হৈছে: 13 December 2017.