যুদ্ধৰত ৰাজ্যৰ যুগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চীনৰ ইতিহাস
পেকিং মানৱ
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
শ্বিয়া ৰাজবংশ
শ্বাং ৰাজবংশ
ঝৌ ৰাজবংশ
শৰৎ আৰু বসন্তৰ যুগ
যুদ্ধৰত ৰাজ্যৰ যুগ
চিন ৰাজ্য
চু-হান যুদ্ধ
হান ৰাজবংশ
তিনি ৰাজ্য
জিন ৰাজবংশ
ষোল্ল ৰাজ্য
ৱেই ৰাজবংশ
লিউ চং ৰাজবংশ
উত্তৰ আৰু দক্ষিণৰ ৰাজবংশ
চুই ৰাজবংশ
টাং ৰাজবংশ
চং ৰাজবংশ
জিন ৰাজবংশ (দ্বিতীয়)
মংগোলৰ চীন দখল
য়ুৱান ৰাজবংশ
মিং ৰাজবংশ
চিং ৰাজবংশ
চীন গণৰাজ্য
গণপ্ৰজাতন্ত্ৰী চীন

যুদ্ধৰত ৰাজ্যৰ যুগ (পৰম্পৰাগত চীনা: 戰國時代; সৰলীকৃত চীনা: 战国时代; পিন্যিন: Zhànguó Shídài) চীনা ইতিহাসৰ এটি যুগ য'ত যুদ্ধ, কূটনৈতিক আৰু সামৰিক সংস্কাৰ তথা একীকৰণৰ চেষ্টা বহলকৈ দেখা গৈছিল।[1] এই যুগ শৰৎ আৰু বসন্তৰ যুগৰ ঠিক পাছতেই দেখা গৈছিল আৰু এই যুগৰ পাছতেই চিন সাম্ৰাজ্যই প্ৰায় আন সকলো ৰাজ্যক পৰাস্ত কৰিছিল।[2] তাৰ ফল স্বৰূপেই খ্ৰীষ্টপূৰ্ব ২২১ত চিন ৰাজবংশৰ শাসনত প্ৰথম একত্ৰিত চীনা সাম্ৰাজ্যৰ সৃষ্টি হৈছিল।

কালক্ৰম[সম্পাদনা কৰক]

যদিও বিভিন্ন পণ্ডিতে এই যুগৰ কালক্ৰমৰ ভিন ভিন ব্যাখ্যা প্ৰদান কৰে, আটাইতকৈ বহলভাৱে স্বীকৃত কালক্ৰমৰ মতে এই যুগ আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব ৪৭৫ত[1] (চিমা চিয়ানৰ অনুমান)। আন পণ্ডিতে খ্ৰীষ্টপূৰ্ব ৪৮১ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪০৩ও যুদ্ধৰত ৰাজ্যৰ যুগৰ আৰম্ভণিৰ বৰ্ষ হ'ব পাৰে বুলি অনুমান কৰিছে। যুদ্ধৰত ৰাজ্যৰ কাল আৰু পূব ঝৌৰ কাল সমসাময়িক।[3]

নাম[সম্পাদনা কৰক]

এই কালত ঝৌ ৰাজবংশৰ বাস্তৱ শক্তি ক্ষীণ হৈ পৰিছিল, আৰু যদিও আনুষ্ঠানিকভাৱে চীনৰ বৃহদাংশত ঝৌ বংশৰ শাসন আছিল, এই বংশই তলতীয়া ৰাজ্যসমূহৰ ওপৰত প্ৰায় সকলো নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল।[4] এই তলতীয়া ৰাজ্যসমূহেই নিজৰ মাজত যুদ্ধত ব্যস্ত থাকিছিল আধিপত্যৰ বাবে। সেই বাবেই এই যুগৰ নাম "যুদ্ধৰত ৰাজ্য"ৰ যুগ।

এই বিশেষ সংজ্ঞাৰ উৎস "যুদ্ধৰত ৰাজ্যৰ নথি", যি হান ৰাজবংশৰ দিনত লিখিত এক গ্ৰন্থ।[5]

ৰাজ্যসমূহ[সম্পাদনা কৰক]

এই কালৰ মুখ্যতঃ সাতখন প্ৰতিবেশী ৰাজ্য আছিল:

  • সুদূৰ পশ্চিমত আছিল চিন, যাৰ শক্তি ৱেই নদীৰ উপত্যকাৰ ওচৰে পাজৰে বিস্তৃত আছিল[2]
  • দক্ষিণৰ হানৰ শক্তি আছিল হালধীয়া নদীৰ পাৰে পাৰে বিস্তৃত।[6] ই নিজকে জিন বংশৰ উত্তৰাধিকাৰী গণ্য কৰিছিল আৰু চিন ৰাজ্যৰ আক্ৰমণৰ উত্তৰ দিছিল
  • মাজৰ ৱেই বংশয়ো নিজকে জিন বংশৰেই উত্তৰাধিকাৰী গণ্য কৰিছিল। ইয়াৰ শক্তি বৰ্তমানৰ হুবেই প্ৰান্তত বিস্তৃত আছিল
  • উত্তৰৰ ঝাঅ' ৰাজ্যৰ শক্তি বৰ্তমানৰ হেবেই প্ৰান্ত আৰু উত্তৰ শ্বানশ্বি প্ৰান্তত বিস্তৃত আছিল।[7] তেওঁলোকেও নিজকে জিন বংশৰেই উত্তৰাধিকাৰী গণ্য কৰিছিল
  • পূবৰ চি ৰাজ্যশ্বাংডং উপত্যকাত আধিপত্য আছিল[8]
  • চু ৰাজ্যৰ শক্তি আছিল হান নদী আৰু পাছলৈ য়াংজে নদীৰ ওচৰে পাজৰে[9]
  • উত্তৰ-পূবৰ য়ানৰ শক্তি বৰ্তমানৰ বেইজিং প্ৰান্তৰ ওচৰে পাজৰে বিস্তৃত আছিল।[10] পাছলৈ ই লিয়াঅ'ডং এলেকাও দখল কৰিছিল

এই সাতৰ উপৰিও ঝৌসকলৰ ৰাজকীয় এলেকা লুঅয়িত আছিল, হালধীয়া নদীৰ পাৰৰ হান এলেকাত। তদুপৰি, শ্বাংহাইৰ কাষৰ য়ুৱে, ঝাঅ' আৰু য়ানৰ মাজত আছিল ঝংশ্বান আৰু সুদূৰ দক্ষিণ-পশ্চিমত আছিল চিচুৱান। ইয়াৰ উপৰিও চং, লু, ঝেং, ৱেয়, টেং আৰু জৌৰ দৰে সৰু সৰু ৰাজ্য আছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 https://www.britannica.com/event/Warring-States
  2. 2.0 2.1 https://www.britannica.com/topic/Qin-dynasty
  3. https://courses.lumenlearning.com/suny-hccc-worldcivilization/chapter/the-eastern-zhou-period/
  4. https://www.worldhistory.org/Zhou_Dynasty/
  5. Tsien, Tsuen-hsuin (1993). "Chan Kuo Ts'e 戰國策". In Loewe, Michael (ed.). Early Chinese Texts: A Bibliographical Guide. Berkeley: Society for the Study of Early China; Institute of East Asian Studies, University of California Berkeley. pp. 1–11. ISBN 1-55729-043-1.
  6. Watson, Burton (2003). Han Feizi : basic writings. New York City: Columbia University Press. p. 2. ISBN 9780231521321. OCLC 796815905.
  7. https://www.britannica.com/place/Zhao
  8. Burton Watson 2003 p.1. Xunzi: Basic Writings. https://books.google.com/books?id=0SE2AAAAQBAJ&pg=PA1
  9. Sima Qian. "楚世家 (House of Chu)". Records of the Grand Historian (in Chinese). Archived from the original on 10 March 2012. Retrieved 3 December 2011.
  10. "The History of Yanshan". Yanshan Central Information Office (in Chinese). Beijing Municipal Government. October 18, 2008. Archived from the original on July 7, 2011. Retrieved July 26, 2011.