চে'ক
চে'ক (ইংৰাজী: cheque, ধনাদেশ পত্ৰ) হ’ল কোনো এজন লোকে (গ্ৰাহকে) নিৰ্দ্দিষ্ট কাৰোবাক ধন দিবলৈ, তেওঁৰ বেংকৰ প্ৰতি দিয়া আদেশপত্ৰ। এখন চেকত এটা বেংক - আদেশ পালনকৰ্ত্তাৰ ৰূপত, এজন ব্যক্তি- আদেশদাতা গ্ৰাহকৰ ৰূপত আৰু অন্য এজন ব্যক্তি ধন গ্ৰহণ কৰোঁতাৰ ৰূপত জড়িত হৈ থাকে। চেক সম্পূৰ্ণ এক আইন সিদ্ধ প্ৰক্ৰিয়া। ভাৰতত এই ব্যৱস্থাটো এন আই এক্টে নিয়ন্ত্ৰণ কৰে।
চে'ক মূলত: ব্যৱসায়িক লেনাদেনাৰ আহিলা। এখন চে'ক প্ৰদানকাৰীৰ পৰা গ্ৰহণ কৰা মানেই এটা লেনাদেনা সম্পন্ন হোৱা বুজায়। কিন্তু চে'কখনৰ মতেৰে বেংকে ধন ৰাশি পৰিশোধ কৰিলেহে প্ৰকৃততে লেনাদেনাটো সম্পন্ন হয়। সামগ্ৰিকভাবে ব্যৱসায়িক ক্ষেত্ৰৰ বৃহত্তৰ পৰিমাণৰ লেনাদেনা চে'কৰ জৰিয়তে হয়। অৱশ্যে আজিকালি চে'ক ব্যৱহাৰৰ পৰিসৰ ইমান বৃদ্ধি পাইছে যে ই "টকা" অৰ্থাৎ কাৰেঞ্চী নোটৰ সমান্তৰাল ৰূপত স্থিতি ল’ব পৰা হৈছে। চে'কৰ মূল শক্তি হল ইয়াৰ গ্ৰহণযোগ্যতা। [ দিওঁতাই দিলেও লওঁতাই নললে চে'কৰ কোনো দাম নাই। ] এই গ্ৰহণযোগ্যতা সৃষ্টি হয় দিওঁতা আৰু লওঁতা, পৰস্পৰৰ মাজত থকা দৃঢ় বিশ্বাসৰ ভেটিত। গ্ৰহণযোগ্যতাই চে'কৰ প্ৰচলন এনে এক গতি দিছে যে নিজাকৈয়ে চে'কৰ এখন বজাৰ সৃষ্টি কৰিছে, যি ক্লিয়েৰিং হাউচ বুলি প্ৰখ্যাত।
চে'ক পাত এখনৰ বৈশিষ্ট্য[সম্পাদনা কৰক]
চে'ক পাত এখিলাত বেংকটোৰ কেৱল নাম - কিন্তু শাখাটোৰ সম্পূৰ্ণ ঠিকনাটো থাকে। লগতে চে'ক পাত খনৰ(একক-ইউনিক) নম্বৰ,বেংক শাখাটোৰ এম আই চি আৰ কোড ছপা কৰা থাকে। আকৌ ধন প্ৰাপকৰ নাম, সংখ্যা আৰু আখৰেৰে দিব লগা ধনৰ পৰিমাণ, তাৰিখ আৰু স্বাক্ষৰৰ বাবে নিৰ্দ্দিষ্ট খালি ঠাই থাকে। আজিকালি গ্ৰাহকজনৰ নাম, একাউণ্ট নম্বৰ ছপা থকা পাৰ্চনেলাইজ চে'কৰো প্ৰচলন হৈছে।
চে'কৰ প্ৰকাৰ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত cheques সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Bank and account identifiers on U.S. cheques: ABA / Routing / Transit
- Cheque and Credit Clearing Company—the organisation that manages the cheque clearing system in the UK
- Cheques found in the Cairo Geniza from the 12th century
- Information on cheques in the UK from APACS
- Malaysia Introduces New Cheque Clearing System
- Bills of Exchange Act 1882
- Cheques Act 1957
- Canadian Payments Association.
- Cheques Act 1992
- colorful history of personal checks
- Software that let's you to print checks and control them