চেঁচোৰ
| চেঁচোৰ | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Monocots |
| (অশ্ৰেণীকৃত): | Commelinids |
| বৰ্গ: | Poales |
| পৰিয়াল: | Cyperaceae |
| গণ: | Eleocharis |
| প্ৰজাতি: | E. dulcis |
| বৈজ্ঞানিক নাম | |
| Eleocharis dulcis (Burm.f.) Trin. ex Hensch. | |

| পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
|---|---|
| শক্তি | 406 কিলোজুল (97 কিলোকেলৰি) |
| শৰ্কৰাসমূহ | 23.94 g |
| - চেনি | 4.8 g |
| - খাদ্য আঁহ | 3 g |
| চৰ্বী | 0.1 g |
| প্ৰ’টিন | 1.4 g |
| থায়েমিন (ভিটামিন বি১) | 0.14 mg (12%) |
| Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.2 mg (17%) |
| নিয়াচিন (ভিটামিন বি৩) | 1 mg (7%) |
| পেণ্টথেনিক এচিড (বি৫) | 0.479 mg (10%) |
| ভিটামিন বি৬ | 0.328 mg (25%) |
| ফলেট (ভিটামিন বি৯) | 16 μg (4%) |
| ভিটামিন চি | 4 mg (5%) |
| ভিটামিন ই | 1.2 mg (8%) |
| মেগনেছিয়াম | 22 mg (6%) |
| মেংগানিজ | 0.331 mg (16%) |
| ফছফ’ৰাছ | 63 mg (9%) |
| পটাছিয়াম | 584 mg (12%) |
| জিংক | 0.5 mg (5%) |
| Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ | |
চেঁচোৰ (ইংৰাজী: Water chestnut) এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Eleocharis dulcis। ই হৈছে বৰ্গ Poales অন্তৰ্ভুক্ত ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ ইয়াৰ শিপাত ওলোৱা আলুৰ নাম অনুসৰিয়ে বনবিধকো চেঁচোৰ বুলি কোৱা হয়[1]
বিৱৰণ
[সম্পাদনা কৰক]
চেঁচোৰৰ পাতবোৰ পিঁয়াজৰ পাতৰ দৰে চুঙাৰ লেখীয়াকৈ দীঘলীয়া হয়৷ চুঙা সদৃশ পাতবোৰৰ ভিতৰখন ফোপোলা হয় আৰু ইয়াৰ উপৰিভাগে সেউজীয়া বৰণ লয়৷
চেঁচোৰ বনৰ গুৰিত চুলি সদৃশ শিপাই বিকাশ লাভ কৰে৷ শিপাৰ আগভাগত বুটমাহৰ দৰে গোটা আকাৰৰ আলু ধৰে৷ এই আলুকে চেঁচোৰ বুলি কোৱা হয়৷ এই চেঁচোৰৰ সোৱাদ বাদামৰ দৰে৷[1]
বিস্তৃতি
[সম্পাদনা কৰক]চেঁচোৰ বন ভাৰতৰ প্ৰায় সকলো ঠাইতে বহুলভাৱে বিস্তৃত হৈ আছে৷ এই বন সাগৰ পৃষ্ঠৰ পৰা ৭০০ মিটাৰ উচ্চতা পৰ্য্যন্ত দেখা পোৱা যায়৷[2]
ব্যৱহাৰ
[সম্পাদনা কৰক]চেঁচোৰৰ বহুতো ঔষধি গুণ থকাৰ তথ্য পোৱা গৈছে৷ এই বনৰ আলু বহুমূত্ৰ, বদহজমী, বৃক্কৰ ৰোগকে ধৰি অন্যান্য ৰোগৰ উপসমৰ বাবে ব্যৱহাৰ কৰা হয়৷ [2]
চিত্ৰভঁৰাল
[সম্পাদনা কৰক]
|
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ 2.0 2.1 https://link.springer.com/referenceworkentry/10.1007%2F978-0-387-70638-2_1463


